ডমিনিকাৰ কমনৱেলথৰ সভাপতি মহামান্য চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নেতৃত্ব, কোভিড ১৯ মহামাৰীৰ সময়ত ডমিনিকাক সমৰ্থন আৰু ভাৰত আৰু ডমিনিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা -" সন্মানীয় ডমিনিকা বঁটা" প্ৰদান কৰে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰুজভেল্ট স্কেৰিটো এই অনুষ্ঠানত উপস্থিত আছিল। গায়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী, গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলী, ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী ফিলিপ জে পিয়েৰ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।

 

প্ৰধানমন্ত্ৰীয়ে এই সন্মান ভাৰতৰ জনসাধাৰণৰ নামত আৰু ভাৰত আৰু ডমিনিকাৰ মাজত গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ নামত উৎসৰ্গা কৰে। তেওঁৰ এই বিশ্বাস ব্যক্ত কৰে যে আগন্তুক বছৰবোৰত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি আৰু গভীৰ হৈ গৈ থাকিব।

 

বঁটা প্ৰদান অনুষ্ঠান আজি ২০২৪ চনৰ ২০ নৱেম্বৰত গায়েনাৰ জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সময়ত অনুষ্ঠিত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts