প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী মৰুফ ৰাজা জীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ উত্তৰাধিকাৰৰ সন্মান জনাইছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ্ৰী মাৰুফ ৰাজা জীয়ে সাংবাদিকতাৰ জগতলৈ চহকী অৱদান আগবঢ়াইছিল। তেওঁ উল্লেখ কৰে যে শ্ৰী ৰাজাই প্ৰতিৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত বিষয়ৰ সুক্ষ্ম বিশ্লেষণ কৰি ইয়াক সমৃদ্ধ কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মৃত্যুত অত্যন্ত দুখী বুলি উল্লেখ কৰি তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে :
"শ্ৰী মাৰুফ ৰাজা জীয়ে সাংবাদিকতাৰ জগতখনলৈ এক উল্লেখনীয় অৱদান আগবঢ়াইছিল। প্ৰতিৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে কৌশলগত বিষয়ৰ ক্ষেত্ৰত সুক্ষ্ম বিশ্লেষণ কৰি ইয়াক সমৃদ্ধ কৰিছিল।
Shri Maroof Raza Ji made a rich contribution to the world of journalism. He enriched public discourse with his nuanced understanding of defence, national security as well as strategic affairs. Pained by his passing. Condolences to his family and friends.
— Narendra Modi (@narendramodi) February 26, 2026


