প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰম পূজনীয় পোপ ফ্ৰান্সিছৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে। তেখেতে তেওঁক সহানুভূতি, নম্ৰতা আৰু আধ্যাত্মিক মনোবলৰ আলোক বুলি প্ৰশংসা কৰে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
‘’পৰম পূজনীয় পোপ ফ্ৰান্সিছৰ বিয়োগত শোকাহত হৈছোঁ। শোক আৰু স্মৰণৰ এই মুহূৰ্তত বিশ্ব কেথলিক সমাজৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। সমগ্ৰ বিশ্বৰ লক্ষ-লক্ষ লোকে পোপ ফ্ৰান্সিছক সদায় সহানুভূতি, নম্ৰতা আৰু আধ্যাত্মিক মনোবলৰ আলোক হিচাপে স্মৰণ কৰিব। সৰুৰেপৰাই তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত নিজকে সমৰ্পণ কৰিছিল। তেওঁ নিৰলসভাৱে দৰিদ্ৰ আৰু নিপীড়িত লোকৰ সেৱা কৰিছিল। তেওঁ কষ্টত থকাসকলৰ মনত আশাৰ মনোভাৱৰ সঞ্চাৰ কৰিছিল।
তেওঁক সাক্ষাতৰ মুহূৰ্তসমূহক মই সস্নেহে স্মৰণ কৰিছোঁ আৰু তেওঁৰ অন্তৰ্ভুক্তিমূলক তথা সৰ্বাংগীন উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ জৰিয়তে বহুখিনি অনুপ্ৰাণিত হৈছিলোঁ। ভাৰতবাসীৰ প্ৰতি থকা তেওঁৰ মৰম সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ আত্মাই ঈশ্বৰৰ ওচৰত চিৰ শান্তি পাওঁক।”
Deeply pained by the passing of His Holiness Pope Francis. In this hour of grief and remembrance, my heartfelt condolences to the global Catholic community. Pope Francis will always be remembered as a beacon of compassion, humility and spiritual courage by millions across the… pic.twitter.com/QKod5yTXrB
— Narendra Modi (@narendramodi) April 21, 2025


