প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ পৰিয়ালবৰ্গৰে বাৰ্তালাপ কৰে আৰু সমবেদনা জনায়। তেখেতে লগতে কয় যে আগন্তুক প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী নিষ্ঠাবান ব্যক্তিত্ব হিচাপে স্মৰণ কৰিব, যাৰ সুমধুৰ কণ্ঠৰ আছিল শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰাৰ এক অতুলনীয় ক্ষমতা।

এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই আজি ভাষাহীন। দয়ালু আৰু যত্নশীল লতা দিদি আমাৰপৰা আঁতৰি গৈছে। তেওঁ আমাৰ ৰাষ্ট্ৰত পূৰণ কৰিব নোৱাৰা এক শূন্যতাৰ সৃষ্টি কৰিলে। আগন্তুক প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী নিষ্ঠাবান ব্যক্তিত্ব হিচাপে স্মৰণ কৰিব, যাৰ সুমধুৰ কণ্ঠৰ আছিল শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰাৰ এক অতুলনীয় ক্ষমতা।"

"লতা দিদিৰ গীতসমূহে বিভিন্ন ধৰণৰ আৱেগৰ সঞ্চাৰ কৰিছিল। তেওঁ কেইবা দশক ধৰি ভাৰতীয় চলচ্চিত্ৰ জগতখনৰ পৰিৱৰ্তনক অতিশয় ওচৰৰপৰা প্ৰত্যক্ষ কৰিছিল। চলচ্চিত্ৰৰ উপৰিও, তেওঁ সদায়েই ভাৰতৰ বিকাশৰ প্ৰতি উৎসাহী আছিল। তেওঁ সদায় এখনি শক্তিশালী আৰু উন্নত ভাৰত চাব বিচাৰিছিল।"

"মই সদায়েই লতা দিদিৰপৰা অপৰিসীম মৰম লাভ কৰি অহাক মোৰ প্ৰাপ্তি বুলি বিবেচনা কৰো। তেওঁৰ সৈতে মোৰ কথোপকথনক পাহৰিব নোৱাৰি। লতা দিদিৰ মৃত্যুত মই মোৰ সহভাৰতীয়সকলৰ সৈতে ব্যথিত হৈছো। তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে বাৰ্তালাপ কৰিছো আৰু সমবেদনা জনাইছো। ঔম শান্তি।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Marvell to invest $250 million, double India workforce in 3 years

Media Coverage

Marvell to invest $250 million, double India workforce in 3 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুলাই 2026
July 30, 2026

Aatmanirbhar in Action: How PM Modi Turned Vision into Export Multipliers & Safer Rails