প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূৰ্ণীবতাহ দিতৱাৰ ধ্বংসলীলাত নিজৰ প্ৰিয়জনক হেৰুওৱা শ্ৰীলংকাৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ ইয়াৰ দ্বাৰা প্ৰভাৱিত সকলো পৰিয়ালৰ সুৰক্ষা আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।
ভাৰতৰ নিকটতম সামুদ্ৰিক চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে থকা সংহতিৰ অংশ হিচাপে ভাৰত চৰকাৰে অপাৰেচন সাগৰ বন্ধুৰ অধীনত জৰুৰীভাৱে সাহায্য সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) প্ৰেৰণ কৰিছে। পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে অতিৰিক্ত সাহায্য আৰু সহায় আগবঢ়াবলৈ ভাৰত সাজু হৈ আছে।
ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু মহাসাগৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়োজনৰ সময়ত ভাৰত শ্ৰীলংকাৰ সৈতে দৃঢ়ভাৱে থিয় দিব বুলি পুনৰ দৃঢ়তাৰে কয়।
এক্স-ৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
দিতৱা ঘূৰ্ণীবতাহৰ ফলত নিজৰ প্ৰিয়জনক হেৰুওৱা শ্ৰীলংকাৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। মই সকলো পৰিয়ালৰ সুৰক্ষা আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
আমাৰ নিকটতম সামুদ্ৰিক চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে একাত্মতা প্ৰকাশ কৰি ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত জৰুৰীভাৱে সাহায্য সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ এইচ এ ডি আৰ সমৰ্থন প্ৰেৰণ কৰিছে। পৰিস্থিতিৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি অধিক সহায় আৰু সাহায্য আগবঢ়াবলৈ আমি সাজু হৈ আছো।
ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু মহাসাগৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ, প্ৰয়োজনৰ সময়ত ভাৰত শ্ৰীলংকাৰ সৈতে দৃঢ়ভাৱে থিয় দি আছে।
@anuradisanayake”
My heartfelt condolences to the people of Sri Lanka who have lost their loved ones due to Cyclone Ditwah. I pray for the safety, comfort and swift recovery of all affected families.
— Narendra Modi (@narendramodi) November 28, 2025
In solidarity with our closest maritime neighbour, India has urgently dispatched relief…


