প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভেনিজুৱেলাত ভয়ংকৰ ভূমিকম্পৰ ধ্বংসলীলাত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে। ভাৰতৰ জনসাধাৰণৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰি শ্ৰী মোদীয়ে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে আৰু দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই কঠিন সময়ত সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াবলৈ ভাৰত সাজু।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

ভেনিজুৱেলাত সংঘটিত ভয়ংকৰ ভূমিকম্পত হোৱা ধ্বংসলীলাৰ বাবে শোকাভিভূত।

ভাৰতৰ জনসাধাৰণৰ হৈ মই ভেনিজুৱেলাৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি বিশেষকৈ প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু এই কঠিন সময়ত ক্ষতিগ্ৰস্ত সকলো লোকৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিছো।

সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াবলৈ ভাৰত সাজু।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat