দেশৰ বিশিষ্ট কৃষি বিজ্ঞানী ডঃ এম এছ স্বামীনাথনৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, "কৃষিক্ষেত্ৰত ডঃ স্বামীনাথনৰ যুগান্তকাৰী কামে লাখ লাখ লোকৰ জীৱন সলনি কৰিছে আৰু আমাৰ দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰা এটা বাৰ্তাত আৰু উল্লেখ কৰেঃ

"ডঃ এম এছ স্বামীনাথনজীৰ মৃত্যুৰ বাতৰিয়ে আমাক গভীৰভাৱে শোকাহত কৰিছে। আমাৰ দেশৰ ইতিহাসৰ এক অতি সংকটপূৰ্ণ সময়ত, কৃষিক্ষেত্ৰত তেওঁৰ যুগান্তকাৰী কামে লাখ লাখ লোকৰ জীৱন সলনি কৰিছিল আৰু আমাৰ দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিছিল।

কৃষিক্ষেত্ৰত তেওঁৰ বৈপ্লৱিক অৱদানৰ উপৰিও, ডঃ স্বামীনাথন আছিল উদ্ভাৱন প্ৰচেষ্টাৰ এক চালিকাশক্তি। বহুতৰ বাবে তেওঁ আছিল এক বিশেষ পথ-পদৰ্শক। গৱেষণা আৰু আনক শিক্ষিত আৰু সচেতন কৰি তোলাৰ লক্ষ্যত তেওঁৰ অটল অংগীকাৰে দেশৰ অগণন বিজ্ঞানী আৰু উদ্ভাৱকৰ মনত এক গভীৰ ছাপ পেলাইছে।

ডঃ স্বামীনাথনৰ সৈতে হোৱা কথোপকথনৰ মুহুৰ্তবোৰ মোৰ বাবে সদায়ে স্মৰণীয় হা ৰব। উন্নয়নৰ দিশত ভাৰতক আগুৱাই যোৱা প্ৰত্যক্ষ কৰাৰ বাবে তেওঁৰ যি আগ্ৰহ আছিল, সেয়া অনুকৰণীয়।

তেওঁৰ জীৱন আৰু কামে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India

Media Coverage

'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ডিচেম্বৰ 2025
December 15, 2025

Visionary Leadership: PM Modi's Era of Railways, AI, and Cultural Renaissance