প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এগৰাকী আগশাৰীৰ ব্যক্তি ডঃ কে. কস্তুৰীৰংগনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ডঃ কে. কস্তুৰীৰংগনে ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন শিখৰলৈ নি ইছৰোত নিৰলসভাৱে সেৱা আগবঢ়াইছিল। "ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক সামগ্ৰিক আৰু ভৱিষ্যতমুখী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ খচৰা প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ডঃ কস্তুৰীৰংগনৰ ওচৰত ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব। একাধিক যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ এগৰাকী অসামান্য পথ-প্ৰদৰ্শক আছিল", শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ৰ এটা প’ষ্টত এইদৰে কয়ঃ

"মই ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এগৰাকী আগশাৰীৰ ব্যক্তি ডঃ কে. কস্তুৰীৰংগনৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰলৈ নিস্বাৰ্থ অৱদানৰাজিৰ কথা সদায় স্মৰণীয় হৈ থাকিব।

তেওঁ ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন শিখৰলৈ নি ইছৰোত নিৰলসভাৱে সেৱা আগবঢ়াইছিল, ইয়াৰ ফলশ্ৰুতিত আমি বৈশ্বিক স্বীকৃতিও লাভ কৰিলোঁ। তেওঁৰ নেতৃত্বত অভিলাষী উপগ্ৰহ উৎক্ষেপণ আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰা হৈছিল।"

"ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক সামগ্ৰিক আৰু ভৱিষ্যতমুখী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ খচৰা প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ডঃ কস্তুৰীৰংগনৰ ওচৰত ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব। একাধিক যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ এগৰাকী অসামান্য পথ-প্ৰদৰ্শক আছিল।

মই তেওঁৰ পৰিয়াল-বৰ্গ, অসংখ্য ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।"

 

 

"India will always be grateful to Dr. Kasturirangan for his efforts during the drafting of the National Education Policy (NEP) and in ensuring that learning in India became more holistic and forward-looking. He was also an outstanding mentor to many young scientists and researchers.

My thoughts are with his family, students, scientists and countless admirers. Om Shanti."

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank