পিএমএনআৰএফৰ পৰা অনুগ্ৰহ ৰাশি ঘোষণা

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হৰদোইত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত কৰুণভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। @PMOIndiaই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা বিবৃতিত, প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে দুখ প্ৰকাশ কৰিছে, লগতে দুৰ্ঘটনাটোত আহত আটাইকেইজন লোকৰ আশু আৰোগ্য কামনা কৰিছে।

“উত্তৰ প্ৰদেশৰ হৰদোইত হোৱা পথ দুৰ্ঘটনা মন ব্যথিত কৰা। ইয়াত কেইবাটাও পৰিয়ালে আপোনজনক হেৰুৱালে। ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ যেন তেওঁলোকক এই অপাৰ দুখ সহ্য কৰাৰ শক্তি প্ৰদান কৰক। ইয়াৰ লগতে মই সকলো আহতৰ আশু আৰোগ্য কামনা কৰিছোঁ। ৰাজ্য চৰকাৰৰ তত্ত্বাবধানত স্থানীয় প্ৰশাসনে পীড়িতসকলৰ সম্ভৱপৰ সকলো ধৰণৰ সহায়ত লাগি আছে: PM @narendramodi", প্ৰধানমন্ত্ৰীয়ে কয়।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে দুৰ্ঘটনাত নিহত প্ৰতিজন লোকৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ এক অনুগ্ৰহ ৰাশি ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi