টকিঅ’ত ব্যৱসায়িক নেতাসকলৰে ঘূৰণীয়া মেজমেলত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

Posted On: 23 MAY 2022 4:09PM by PIB Guwahati
 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে’, ২০২২ত জাপানী ব্যৱসায়ী নেতাসকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰে৷

সভাত জাপানৰ শীৰ্ষ ৩৪টা কোম্পানীৰ শীৰ্ষ কাৰ্যবাহী আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)ই অংশগ্ৰহণ কৰে৷ ইয়াৰে অধিকাংশ কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰাৰ লগতে কাম-কাজ কৰি আছে৷ অট’ম’বাইল, ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ, তীখা, প্ৰযুক্তি, বাণিজ্য আৰু বেংকিং তথা বিত্তকে বিভিন্ন খণ্ডৰ কোম্পানীয়ে সভাত প্ৰতিনিধিত্ব কৰে৷ সভাত ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক গোষ্ঠী আৰু সংস্থাৰ ভিতৰত কেইডানৰেন, জাপান বৈদেশিক বাণিজ্য সংস্থা(জেট্ৰ’), জাপান ইণ্টানেচনেল কো-অপাৰেচন এজেন্সি(জাইকা), জাপান বেংক ফৰ ইণ্টাৰনেচনেল কো-অ’পাৰেচন (জেবিআইচি), জাপান-ইণ্ডিয়া বিজিনেচ কনছালটেটিভ কমিটী(জেআইবিচিচি) আৰু ইনভেষ্ট ইণ্ডিয়াই অংশগ্ৰহণ কৰে৷


ভাৰত আৰু জাপান স্বাভাৱিক সহযোগী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপানৰ সম্পৰ্কৰ ব্যাপক সম্ভাৱনাৰ ক্ষেত্ৰত ব্যৱসায়িক সমূদায়ক ব্ৰেণ্ড এম্বেছাদৰ বুলি আখ্যা দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী কিশিদাই ২০২২ৰ মাৰ্চ মাহত ভাৰত ভ্ৰমণ কৰাৰ সময়ত দুয়োখন দেশে অহা পাঁচ বছৰত ৫ ত্ৰিলিয়ন জাপানীজ য়েন বিনিয়োগৰ উচ্চাকাংক্ষী লক্ষ্য স্থিৰ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে শেহতীয়া অৰ্থনৈতিক উন্নয়ন যেনে-জাপান-ভাৰত ঔদ্যোগিক প্ৰতিযোগিতামুলক অংশীদাৰিত্ব (আইজেআইচিপি) আৰু স্বচ্ছ শক্তি সহযোগিতাৰ লগতে অন্যান্য দিশবোৰ উল্লেখ কৰে৷ তেওঁ নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাই(এনআইপি), প্ৰডাকচন লিংকড ইনচেনটিভ(পিএলআই) আৰু ছেমিকণ্ডাক্টৰ পলিচিৰ লগতে ভাৰতৰ ব্যাপক ষ্টাৰ্টআপ ইক’ছিষ্টেমৰ দৰে প্ৰচেষ্টাৰ সন্দৰ্ভতো অৱগত কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বত এফডিআই হ্ৰাস পোৱা স্বত্ত্বেও যোৱা বিত্তীয় বৰ্ষত ভাৰতে অভিলেখ পৰিমাণৰ ৮৪ মাৰ্কিন বিলিয়ন ডলাৰ এফডিআই লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ ইয়াক ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ প্ৰতি বিশ্ববাসীৰ বিশ্বাস বুলি অভিহিত কৰে৷ তেওঁ ব্যাপক হাৰত জাপানী কোম্পানীসমূহক ভাৰতলৈ আমন্ত্ৰণ জনোৱাৰ লগতে ‘জাপান সপ্তাহ’ হিচাপে ভাৰতৰ উন্নয়নৰ যাত্ৰাত জাপানৰ অৱদানক উদযাপন কৰিবলৈ আহ্বান জনায়৷

ব্যৱসায়িক মেজমেলত নিম্নোলিখিত ব্যৱসায়িক নেতাসকলে অংশগ্ৰহণ কৰেঃ

 

নাম

পদবী

সংস্থা

শ্ৰীযুত ছেইজি কুৰেইশী

অধ্যক্ষ আৰু সঞ্চালক

হোণ্ডা মটৰ কোম্পানী লিমিটেড

শ্ৰীযুত মাকটো উচিডা

কাৰ্যবাহী বিষয়া, সভাপতি, চিইঅ’ৰ প্ৰতিনিধি

নিছান মটৰ কৰ্প’ৰেচন

শ্ৰীযুত আকিঅ’ টয়োডা

সভাপতি আৰু বোৰ্ড অফ ডাইৰেক্টৰৰ সদস্য

টয়’টা মটৰ কৰ্প’ৰেচন

শ্ৰীযুত য়োশিহিৰো হিডাকা

সভাপতি, চিইঅ’ আৰু প্ৰতিনিধিত্বমুলক সঞ্চালক

য়ামাহা মটৰ কৰ্প’ৰেচন

শ্ৰীযুত টশিহিৰো ছুজুকী

সভাপতি আৰু প্ৰতিনিধিত্বমুলক সঞ্চালক

ছুজুকী মটৰ কৰ্প’ৰেচন

শ্ৰীযুত ছেইজি ইমাই

মিজুহো ফিনান্সিয়েল গ্ৰুপৰ অধ্যক্ষ

মিজুহো বেংক লিমিটেড

শ্ৰীযুত হিৰোৱাকী ফুজিছুই

এমিইউএফজি বেংক লিমিটেডৰ উপদেষ্টা আৰু জেআইবিচিচিৰ অধ্যক্ষ

এমিইউএফজি বেংক লিমিটেড আৰু জেআইবিচিচি

শ্ৰীযুত টাকেশী কুনিবে

ছুমিট’ম’ মিটছুই ফিনান্সিয়েল গ্ৰুপ (এছএমএফজি) আৰু ছুমিট’ম’ মিটছুই বেংকিং কৰ্প’ৰেচন (এছএমবিচি) উভয়ৰে বোৰ্ডৰ অধ্যক্ষ

ছুমিট’ম’ মিটছুই বেংকিং কৰ্প’ৰেচন

শ্ৰীযুত ক’জি নাগাই

অধ্যক্ষ

নমুৰা ছিকিউৰিটীজ কোম্পানী লিমিটেড

শ্ৰীযুত কাজৌ নিশিটানী

সচিব প্ৰধান

জাপান-ইণ্ডিয়া বিজিনেছ কো-অপাৰেচন কমিটী

শ্ৰীযুত মাছাকাজু কুব’টা

সভাপতি

কেইডানৰেন

শ্ৰীযুত কিয়োহেই হোচন’

সঞ্চালক আৰু চিঅ’অ’

ড্ৰিম ইনকিউবেটৰ আইএনচি.

শ্ৰীযুত কেইচী ইৱাটা

ছুমিট’ম’ কেমিকেল কোম্পানী লিমিটেডৰ সভাপতি, জাপান পেট্ৰ’কেমিকেল ইণ্ডাষ্ট্ৰী এছ’চিয়েচনৰ উপাধ্যক্ষ

ছুমিট’ম’ কেমিকেল কোম্পানী লিমিটেড

শ্ৰীযুত ছুগিঅ’ মিটছুৱকা

বোৰ্ডৰ অধ্যক্ষ

আইএইচআই কৰ্প’ৰেচন

শ্ৰীযুত য়োশীনৰী কানেহানা

বোৰ্ডৰ অধ্যক্ষ

কাৱাছাকি হেভী ইণ্ডাষ্টীজ লিমিটেড

শ্ৰীযুত ৰিউক’ হিৰা

সভাপতি আৰু প্ৰতিনিধিত্বমুলক সঞ্চালক

হোটেল মেনেজমেণ্ট ইণ্টাৰনেচনেল কোম্পানী লিমিটেড

শ্ৰীযুত হিৰোকো অগাৱা

চিঅ’ আৰু চিইঅ’

ব্ৰুকছ এণ্ড কোম্পানী লিমিটেড

শ্ৰীযুত বিবেক মহাজন

জ্যেষ্ঠ কাৰ্যবাহী উপ-সভাপতি, চিটিঅ’

ফুজিটছু লিমিটেড

শ্ৰীযুত টোশিয়া মাটছুকী

জ্যেষ্ঠ উপ-সভাপতি

এনইচি কৰ্প’ৰেচন

শ্ৰীযুত কাজুশিগে নবুটানী

সভাপতি

জেট্ৰ’

শ্ৰীযুত য়ামাডা জুনিচি

জ্যেষ্ঠ কাৰ্যবাহী উপ-সভাপতি

জাইকা

শ্ৰীযুত টাডাশী মেইডা

গৱৰ্ণৰ

জেবিআইচি

শ্ৰীযুত অজয় সিং

পৰিচালন কাৰ্যবাহী বিষয়া

মিটছুই অ.এছ.কে. লাইনছ

শ্ৰীযুত টোশিৱাকী হিগাশিহাৰা

সঞ্চালক, প্ৰতিনিধিত্বমুলক কাৰ্যবাহী বিষয়া, কাৰ্যবাহী অধ্যক্ষ তথা চিইঅ’

হিটাচী লিমিটেড

শ্ৰীযুত যোশীহিৰো মিনেনো

জ্যেষ্ঠ কাৰ্যবাহী বিষয়া, বোৰ্ডৰ সদস্য

দৈকিন ইণ্ডাষ্ট্ৰীজ লিমিটেড

শ্ৰীযুত যোশীহিছা কিটানো

সভাপতি আৰু চিইঅ’

জেএফই ষ্ট্ৰীল কৰ্প’ৰেচন

শ্ৰীযুত এইজি কাশীম’ট’

প্ৰতিনিধিত্বমুলক সঞ্চালক আৰু সভাপতি

নিপন ষ্টীল কৰ্প’ৰেচন

শ্ৰীযুত আকিহিৰো নিক্কাকো

সভাপতি প্ৰতিনিধিত্বমুলক বোৰ্ড সদস্য

টোৰে ইণ্ডাষ্ট্ৰীজ আইএনচি.

শ্ৰীযুত ম’ট’ৱাকী উন’

প্ৰতিনিধিত্বমুলক সঞ্চালক আৰু জ্যেষ্ঠ কাৰ্যবাহী পৰিচালন বিষয়া

মিটছুই আৰু কোম্পানী লিমিটেড

শ্ৰীযুত মাছায়োশী ফুজিম’ট’

প্ৰতিনিধিত্বমুলক সঞ্চালক, সভাপতি, চিইঅ’

ছোজিটজ কৰ্প’ৰেচন

শ্ৰীযুত টোশীকাজু নামবু

কাৰ্যবাহী উপ-সভাপতি, প্ৰতিনিধিত্বমুলক সঞ্চালক

ছুমিট’ম’ কৰ্প’ৰেচন

শ্ৰীযুত ইচিৰ’ কাশীটানী

সভাপতি

টয়’টা ছুশো কৰ্প’ৰেচন

শ্ৰীযুত ইচিৰো টাকাহাৰা

উপাধ্যক্ষ, বোৰ্ডৰ সদস্য

মাৰুবেনী কৰ্প’ৰেচন

শ্ৰীযুত যোজি টাগুচী

মিটছুবিচি কৰ্প’ৰেচন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক

মিটছুবিচি কৰ্প’ৰেচন

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Putin credits PM Modi for growing Russia India trade in talks with EAM Jaishankar

Media Coverage

Putin credits PM Modi for growing Russia India trade in talks with EAM Jaishankar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 আগষ্ট 2026
August 24, 2026

Beyond Announcements: Real Milestones Proving India’s Rise Across Defence, Tech & Economy Under the Leadership of PM Modi