প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত মহিলাৰ ‘১০০ মিটাৰ টি-১২ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে চিমৰণ ভাটছক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:
"মহিলাৰ ‘১০০ মিটাৰ টি-১২ প্ৰতিযোগিতা’ত চিমৰণ ভাটছে এক আশ্চৰ্যকৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক লাভ কৰিছে। এই সুন্দৰ বিজয়ৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ।
এই উৎকৃষ্ট প্ৰদৰ্শন হৈছে তেওঁৰ নিষ্ঠা আৰু প্ৰতিভাৰ প্ৰমাণ।"
A wonderful Silver for @SimranVats11 in the Women's 100m T12 event. Congratulations on this splendid victory.
— Narendra Modi (@narendramodi) October 24, 2023
This outstanding performance is a testament to her dedication and talent. pic.twitter.com/DexNxb5Ldi


