প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন পৰিস্থিতিত সাহায্য (পিএম কেয়াৰ) ফাণ্ড ট্রাষ্টে দেশৰ বিভিন্ন জনস্বাস্থ্য প্ৰতিষ্ঠানত ১৬২টা প্ৰেছাৰ ছুইং এডছর্পচন (পিএছএ) মেডিকেল অক্সিজেন উৎপাদন প্লাণ্ট গঢ়ি তোলাৰা বাবে ২০১.৫৮ কোটি টকা আৱণ্টন দিছে৷

  • এই প্লাণ্ট নিৰ্মাণ আৰু সেইবোৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চিকিৎসা সামগ্ৰী যোগান কেন্দ্ৰ (চিএমএছএছ)ৰ বাবে মাছুলৰ বাবদ মুঠ প্রকল্পৰ খৰচ ১৩৭.৩৩ কোটি টকা ধাৰ্য কৰাৰ লগতে এইবোৰৰ সৰ্বাংগীন বার্ষিক মেৰামতিৰ বাবে ৬৪.২৫ কোটি টকা আৱণ্টন কৰা হৈছে।
  • কেন্দ্রীয় জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বায়ত্ত্ব শাসিত সংস্থা চিএমএছএছে এই প্লাণ্ট নিৰ্মাণৰ বাবে সা-সঁজুলি সংগ্রহ কৰিব।
  • ৩২খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত মুঠ ১৬২টা প্লাণ্টৰ পৰা ১৫৪.১৯ মেট্রিক টন অক্সিজেন উৎপাদন হ’ব।
  • সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত আলোচনা মৰ্মে কোন কোন চৰকাৰী হাস্পতালত এই প্লাণ্টসমূহত স্থাপন কৰা হ’ব সেই বিষয়ত সিদ্ধান্ত লোৱা হ’ব।
  • প্রতিটো প্লাণ্টৰ প্রথম ৩ বছৰ ৱাৰেণ্টী থাকিব। পৰৱৰ্তী ৭ বছৰ সৰ্বাংগীন বার্ষিক মেৰামতিৰ চুক্তি অনুসৰি প্রকল্পটোৰ চোৱা-চিতা কৰা হ’ব।
  • হাস্পতাল বা ৰাজ্যসমূহে প্লাণ্টৰ নিয়মীয়া চোৱা-চিতাৰ কাম কৰিব। সৰ্বাংগীন বার্ষিক মেৰামতিৰ চুক্তি শেষ হোৱাৰ পাছত সংশ্লিষ্ট হাস্পতাল বা ৰাজ্যসমূহে ৰক্ষণাবেক্ষণৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব।

এই ব্যৱস্থাপনাৰ ফলত জনস্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি আৰু অধিক সুদৃঢ় হ’ব। চিকিৎসা খণ্ডত কম মূল্যৰ অক্সিজেনৰ যোগান বৃদ্ধি পাব৷ ক’ভিড-১৯ত যিসকল লোক মজলীয়া বা তীব্রভাবে সংক্রমিত হয় তেওঁলোকৰ উপৰি বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে নিৰৱচ্ছিন্ন অক্সিজেন সৰবৰাহ কৰাটো এক অতি গুৰুত্বপূর্ণ বিষয়। জনস্বাস্থ্য ব্যৱস্থাপনাত এই অক্সিজেন কনছেনট্রেটৰ প্লাণ্টসমূহ নিৰ্মাণ সম্পূৰ্ণ হ’লে জনস্বাস্থ্য ব্যৱস্থাত অক্সিজেন সংগ্রহ কৰা আৰু মজুত কৰাৰ ক্ষেত্রত অন্যান্য সংস্থাৰ ওপৰত নির্ভৰশীলতা হ্ৰাস পাব৷ ইয়াৰ ফলত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ অক্সিজেনৰ সহজলভ্যতা বৃদ্ধি পাব আৰু ৰোগীসকলে সঠিক সময়ত অক্সিজেনৰ সুবিধা লাভ কৰিব৷

পৰিশিষ্ট-১

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিত বিতৰণ কৰা পিএছএ অক্সিজেন কনছেনট্ৰেটৰ প্লাণ্ট নিম্নোলিখিত ধৰণৰ-

ক্ৰ.নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম

পিএছএ অক্সিজেন কনছেনট্ৰেটৰ প্লাণ্টৰ মুঠ সংখ্যা

1.

অসম

2.

মিজোৰাম

3.

মেঘালয়

4.

মনিপুৰ

5.

নাগালেণ্ড

6.

ছিকিম

7.

ত্ৰিপুৰা

8.

উত্তৰাখণ্ড

9.

হিমাচলপ্ৰদেশ

10.

লাক্ষাদ্বীপ

11.

চণ্ডীগড়

12.

পুডুচেৰী

13.

দিল্লী

14.

লাডাখ

15.

জম্মু আৰু কাশ্মীৰ

16.

বিহাৰ

17.

চত্তীশগড়

18.

মধ্যপ্ৰদেশ

19.

মহাৰাষ্ট্ৰ

১০

20.

ওড়িশা

21.

উত্তৰপ্ৰদেশ

১৪

22.

পশ্চিমবংগ

23.

অন্ধ্ৰপ্ৰদেশ

24.

হাৰিয়ানা

25.

গোৱা

26.

পাঞ্জাৱ

27.

ৰাজস্থান

28.

ঝাৰখণ্ড

29.

গুজৰাট

30.

তেলেংগানা

31.

কেৰালা

32.

কৰ্ণাটক

 

মুঠ

১৬২

 

বিঃদ্ৰঃ বাকী ৰাজ্যসমূহে এতিয়াও পিএছএৰ বাবে অনুৰোধ জনোৱা নাই৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru

Media Coverage

In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 এপ্ৰিল 2026
April 30, 2026

Investment Magnet India: PLI Triumphs, FTA Deals & Defence Milestones — How PM Modi’s Vision is Reshaping the Nation