“আমাৰ ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰতিটো আলোচনাতে ডঃ মনমোহন সিঙৰ নাম স্মৰণীয় হৈ ৰ’ব”
“এই সদন ছবছৰীয়া বৈচিত্ৰময় বিশ্ববিদ্যালয়, অভিজ্ঞতাৰে ই পুষ্ট”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলক বিদায় সম্ভাষণ জনায়।

ৰাজ্যসভাত এই উপলক্ষে ভাষণ প্ৰদানেৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি পাঁচ বছৰৰ মূৰে-মূৰে লোকসভা সলনিৰ বিপৰীতে ৰাজ্যসভাই দুবছৰৰ মূৰে-মূৰে এক নতুন জীৱন শক্তি লাভ কৰে। একেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দ্বি-বাৰ্ষিক বিদায়ে নতুন সদস্যসকলৰ বাবে অমলিন স্মৃতি আৰু অমূল্য উত্তৰাধিকাৰৰ ছাপ প্ৰদান কৰি যায়।

ডঃ মনমোহন সিঙৰ অৱদানক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সদন আৰু ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰা তেওঁৰ দীৰ্ঘদিনীয়া কাৰ্য্যকালৰ বাবে আমাৰ ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰতিটো আলোচনাতে তেওঁ স্মৰণীয় হৈ ৰ’ব।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ প্ৰদানেৰে কয় যে সকলো সাংসদেই এনে বিশিষ্ট সদস্যসকলৰ আচৰণৰপৰা শিক্ষা আহৰণৰ চেষ্টা কৰিব লাগে, কিয়নো তেওঁলোক হৈছে একো-একোগৰাকী পথ প্ৰদৰ্শক। প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনত ভোট দিবলৈ হুইল চেয়াৰত উঠি অহাটো এজন সদস্যৰ কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ প্ৰেৰণাদায়ক উদাহৰণ বুলি স্মৰণ কৰে। “মই বিশ্বাস কৰোঁ যে এনে কৰি তেওঁ গণতন্ত্ৰক শক্তি প্ৰদান কৰিবলৈ আহিছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ কামনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অধিক ৰাজহুৱা মঞ্চলৈ যোৱা সদস্যসকল ৰাজ্যসভাৰ অভিজ্ঞতাৰপৰা বিপুলভাৱে লাভৱান হ’ব। “এয়া ছবছৰীয়া বৈচিত্ৰময় বিশ্ববিদ্যালয়, অভিজ্ঞতাৰে ই পুষ্ট। ইয়াৰপৰা ওলাই যোৱাসকল সমৃদ্ধ হৈ যায় আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ কামক সুদৃঢ় কৰে”, তেখেতে কয়।

সাম্প্ৰতিক সময়ৰ তাৎপৰ্য্য সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি যিসকল সদস্যই বিদায় গ্ৰহণ কৰিছে, তেওঁলোকে পুৰণি আৰু নতুন ভৱন উভয়তে আসন গ্ৰহণৰ সুযোগ লাভ কৰিছে আৰু তেওঁলোকে অমৃত কাল তথা সংবিধানৰ ৭৫ বছৰীয়া ঐতিহ্যৰ সাক্ষী হৈ প্ৰস্থান কৰিছে।

ক’ভিড মহামাৰীৰ সময়ৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনৰ কাম-কাজৰ ক্ষেত্ৰত কোনো বাধা আহিব নিদিয়াৰ বাবে সদস্যসকলৰ অংগীকাৰক প্ৰশংসা কৰে। তেখেতে সাংসদসকলে নিজৰ দায়িত্ব পালনৰ বাবে বিপদাশংকাকো নেওচা দিয়াৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ক’ৰোনাত প্ৰাণ হেৰুৱা সদস্যসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

বিৰোধীয়ে ক’লা পোছাক পৰিধানৰ এটা কাণ্ডৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশখনে সমৃদ্ধিৰ নতুন শিখৰত উপনীত হৈছে আৰু সেই কাণ্ডক হয়তো ৰাষ্ট্ৰৰ অগ্ৰগতিক দুষ্ট চকুৰপৰা আঁতৰাই ৰখাৰ অপচেষ্টা হিচাপে গণ্য কৰা হ’ব পাৰে।

প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যিসকল সৎ সংগত থাকে, তেওঁলোকেও একেধৰণৰ গুণ ধাৰণ কৰে আৰু অসৎ সংগত থকাসকল ত্ৰুটিপূৰ্ণ হৈ পৰে। তেখেতে আৰু কয় যে নদী এখনৰ পানী নদীখন বৈ থাকিলেহে খোৱাৰ যোগ্য হৈ থাকে আৰু সাগৰত পৰাৰ লগে-লগে ই লুণীয়া হৈ পৰে। এই বিশ্বাসেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ সামৰণি মাৰি কয় যে অৱসৰপ্ৰাপ্ত সদস্যসকলৰ অভিজ্ঞতাই সকলোকে অনুপ্ৰাণিত কৰিব। তেখেতে তেওঁলোকক অভিনন্দন জনাই শুভেচ্ছা জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How my father Pranab Mukherjee read 2014 and the PM

Media Coverage

How my father Pranab Mukherjee read 2014 and the PM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Abelardo de la Espriella on his victory in the Colombian presidential elections
June 26, 2026

Prime Minister Shri Narendra Modi congratulated Abelardo de la Espriella on his victory in the Colombian presidential elections.

The Prime Minister noted that India deeply values its close friendship with Colombia which continues to grow in all areas. “I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead”, Shri Modi added.

Shri Modi posted on X;

Heartiest congratulations, Abelardo de la Espriella, on your victory in the Colombian presidential elections.

India values its close friendship with Colombia which continues to grow in all areas. I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead.

@ABDELAESPRIELLA