প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২১ ছেপ্টেম্বৰত ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হোৱা কোৱাড লিডাৰৰ ষষ্ঠ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোচেফ আৰ বাইডেনে। এই শীৰ্ষ সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী এণ্ঠনি আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ফুমিঅ’ কিছিদাও উপস্থিত থাকে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত শীৰ্ষ সন্মিলন আয়োজন কৰাৰ লগতে বিশ্ব কল্যাণৰ বাবে কোৱাডক এটা সংস্থা হিচাপে শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক তেওঁৰ ব্যক্তিগত দায়বদ্ধতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান বিশ্বই উত্তেজনা আৰু সংঘাতত ভুগিছে আৰু এনে কঠিন পৰিস্থিতিত ভাগ-বতৰা কৰা গণতান্ত্ৰিক ধাৰণা আৰু মূল্যবোধৰ সৈতে কোৱাডৰ অংশীদাৰ দেশসমূহে একত্ৰিত হৈ এখন মঞ্চত উপবিষ্ট হোৱাটো মানৱতাৰ বাবে গুৰুত্বপূৰ্ণ। শ্ৰী মোদীয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে কোৱাড সংস্থাটোৱে আইনৰ শাসন, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মান, আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বজাই ৰখাৰ বাবে নিজৰ প্ৰতিশ্ৰুতিৰে থিয় দিছে। তেওঁ লগতে কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক স্বতন্ত্ৰ, মুক্ত, সমাৱেশী আৰু সমৃদ্ধিশালী কৰি তোলাটো কোৱাড দেশসমূহৰ উমৈহতীয়া উদ্দেশ্য। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে কোৱাড ইয়াত বৰ্তি থাকিবলৈ, সহায় আগবঢ়াবলৈ, ভাগ-বতৰা কৰিবলৈ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ প্ৰচেষ্টাক পৰিপূৰক কৰি তুলিবলৈ আছে।

 

সংস্থাটোৰ নেতাসকলে এই কথাৰ ওপৰত জোৰ দিয়ে যে কোৱাডে “গোলকীয় মংগলৰ বাবে এক শক্তি” হিচাপে আত্মপ্ৰকাশ কৰিছে। এই সন্দৰ্ভত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু সামগ্ৰিকভাৱে বিশ্ব সম্প্ৰদায়ৰ উন্নয়নৰ অগ্ৰাধিকাৰ পূৰণৰ বাবে তলত দিয়া ঘোষণাসমূহ কৰা হৈছে:

* “Quad Cancer Moonshot”, ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে যুঁজি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জীৱন ৰক্ষাৰ এক অভূতপূৰ্ব অংশীদাৰিত্ব।

* “ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰশিক্ষণৰ বাবে সামুদ্ৰিক পদক্ষেপ” (MAITRY)ৰ লক্ষ্য হৈছে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অংশীদাৰ দেশসমূহক আইপিএমডিএ আৰু অন্যান্য কোৱাড কাৰ্যকলাপৰ জৰিয়তে প্ৰদান কৰা সঁজুলিসমূহৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ সক্ষম কৰা।

* প্ৰথমবাৰৰ বাবে আন্তঃকাৰ্যকাৰিতা আৰু উন্নত সামুদ্ৰিক নিৰাপত্তাত সংশোধনৰ বাবে ২০২৫ চনত “কোৱাড-এট-ছি শ্বিপ অবজাৰ্ভাৰ মিছন”।

* “ভৱিষ্যতৰ অংশীদাৰিত্বৰ বাবে কোৱাড বন্দৰ”, য’ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দীৰ্ঘস্থায়ী আৰু স্থিতিস্থাপক বন্দৰ আন্তঃগাঁথনিৰ বিকাশত সহায় কৰিবলৈ কোৱাডৰ সামূহিক বিশেষজ্ঞতাক ব্যৱহাৰ কৰা হ’ব।

 

* “ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰত “ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে কোৱাড নীতি”।

* কোৱাডৰ অৰ্ধপৰিবাহী যোগান শৃংখলত স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে “অৰ্ধপৰিবাহী যোগান শৃংখল আকস্মিকতা নেটৱৰ্ক সহযোগিতা জ্ঞাপন”।

* ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত উচ্চ কাৰ্যক্ষমতাসম্পন্ন সুলভ মূল্যৰ শীতল ব্যৱস্থাৰ নিয়োগ আৰু নিৰ্মাণকে ধৰি শক্তিৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে কোৱাডৰ সামূহিক প্ৰচেষ্টা।

* ভাৰতৰ দ্বাৰা মৰিছাছৰ বাবে মহাকাশভিত্তিক ৱেব পৰ্টেল স্থাপন কৰা যাতে বতৰৰ চৰম স্থিতিত হোৱা পৰিঘটনা আৰু জলবায়ুৰ প্ৰভাৱৰ মহাকাশভিত্তিক নিৰীক্ষণৰ উদ্দেশ্যে মুক্ত বিজ্ঞানৰ ধাৰণাক উদ্গনি যোগাব পাৰি।

 

* ভাৰতে কোৱাড STEM ফেল’শ্বিপৰ অধীনত নতুন উপ-বিভাগো ঘোষণা কৰিছে, যাৰ অধীনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰত চৰকাৰৰ দ্বাৰা বিত্ত পোষিত কাৰিকৰী প্ৰতিষ্ঠানত ৪ বছৰীয়া স্নাতক স্তৰৰ অভিযান্ত্ৰিক কাৰ্যসূচীত নামভৰ্তি কৰা হ’ব।

 

সংস্থাটোৰ নেতাসকলে ২০২৫ চনত ভাৰতৰ দ্বাৰা কোৱাড নেতাসকলৰ পৰৱৰ্তী শীৰ্ষ সন্মিলন আয়োজন কৰাক আদৰণি জনাইছে। বৈঠকৰ সময়ত কোৱাডৰ এজেণ্ডা আগবঢ়াই নিবলৈ কোৱাড উইলমিংটন ঘোষণাপত্ৰ গ্ৰহণ কৰা হয়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO

Media Coverage

Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ছেপ্টেম্বৰ 2026
September 09, 2026

Viksit Bharat Express: How PM Modi’s Reforms Are Supercharging India’s Economy and Infrastructure