শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে শ্ৰী ৰাম মন্দিৰৰ অভিষেক উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
“ভাৰতৰ ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ অৰ্থাৎ ইউপিআইয়ে এতিয়া এক নতুন দায়িত্ব পালন কৰিছে - ভাৰতৰ সৈতে অংশীদাৰসকলক একত্ৰিতকৰণ”
“ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে ভাৰতত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে”
“ভাৰতৰ নীতি হৈছে ‘চুবুৰীয়া প্ৰথম’। আমাৰ সামুদ্ৰিক দৃষ্টি হৈছে সাগৰ (SAGAR)অৰ্থাৎ অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু বিকাশ”
“ইউপিআইৰ সৈতে সংযোগ স্থাপনেৰে শ্ৰীলংকা আৰু মৰিছাছ উভয়েই লাভৱান হ’ব আৰু ডিজিটেল ৰূপান্তৰে এক উদ্দীপনা লাভ কৰিব”
“নেপাল, ভূটান, ছিংগাপুৰ আৰু ইউএইৰ পিছত এতিয়া মৰিছাছত ৰুপেকাৰ্ড আৰম্ভ হৈছে”
“প্ৰাকৃতিক দুৰ্য্যোগেই হওঁক, স্বাস্থ্য সম্পৰ্কীয় ঘটনাই হওঁক, অৰ্থনৈতিকেই হওঁক বা আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহায়েই হওঁক, ভাৰত প্ৰথম সঁহাৰিদাতাআৰু হৈ থাকিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী ৰনিল বিক্রমসিংহ আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰীপ্রবিন্দ জগন্নাথৰ সৈতে যৌথভাৱে শ্ৰীলংকা আৰু মৰিছাছত ইউনিফাইড পেমেন্ট ইন্টাৰফেচ (UPI) সেৱাৰলগতে মৰিছাছত ৰুপেকাৰ্ড সেৱাৰ শুভাৰম্ভণি কৰে।

মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথে জনাইছে যে মৰিছাছত ক’-ব্ৰেণ্ডেড ৰুপে কাৰ্ডক ঘৰুৱা কাৰ্ড হিচাপে নিৰ্ধাৰণ কৰা হ’ব। আজিৰ এই শুভাৰম্ভণিয়ে দুয়োখন দেশৰ নাগৰিকক বহুখিনি সুবিধা প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিশ্ৰী ৰনিল বিক্রমসিংহই অযোধ্যা ধামত শ্ৰী ৰাম মন্দিৰৰ অভিষেকৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনায়। দুয়োখন দেশৰ মাজত শতিকাজুৰি অব্যাহত অৰ্থনৈতিক সম্পৰ্কৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশৰ মাজত সংযোগ আৰু সম্পৰ্ক গভীৰকৰণৰ গতি অক্ষুণ্ণ ৰখাৰ আশা প্ৰকাশ কৰে।

এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ভাৰত, শ্ৰীলংকা আৰু মৰিছাছ, এই তিনি বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ বাবে এক বিশেষ দিন, কিয়নো ঐতিহাসিক সংযোগে আধুনিক ডিজিটেল সংযোগৰ ৰূপ লয়। এয়া জনসাধাৰণৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ বুলিও তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে ফিনটেক সংযোগে সীমা অতিক্ৰমেৰে লেনদেন আৰু সংযোগক অধিক সুদৃঢ় কৰিব। “ভাৰতৰ ইউপিআই বা ইউনাইটেড পেমেন্টছ ইন্টাৰফেচে আজি এক নতুন ভূমিকা পালন কৰিছে - ভাৰতৰ সৈতে অংশীদাৰসকলক একত্ৰিত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে ভাৰতত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। অতি দূৰৱৰ্তী গাঁৱৰ, আটাইতকৈ ক্ষুদ্ৰ বিক্ৰেতাজনেও ইউপিআইৰ জৰিয়তে লেনদেনেৰে ডিজিটেল পেমেন্টকৰিছে। ইউপিআইৰ লেনদেনৰ সুবিধা আৰু গতি সন্দৰ্ভত ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে যোৱা বছৰ ইউপিআইৰ জৰিয়তে ২ লাখ কোটি টকাৰো অধিক লেনদেন হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে জিইএম ট্ৰিনিটিৰ জৰিয়তে বেংক একাউন্ট, আধাৰ আৰু ম’বাইল ফোনৰ সমন্বয়ত অন্তিম প্ৰান্ততো ডেলিভাৰী প্ৰদানৰ কথাও উল্লেখ কৰে যাৰ জৰিয়তে, ৩৪ লাখ কোটি টকা বা ৪০০ বিলিয়ন মাৰ্কিন ডলাৰ হিতাধিকাৰীৰ বেংক একাউন্টলৈহস্তান্তৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ক’উইনপ্লেটফৰ্মৰ জৰিয়তেভাৰতে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। “প্ৰযুক্তিৰ ব্যৱহাৰে স্বচ্ছতাক প্ৰসাৰিত কৰিছে, দুৰ্নীতি হ্ৰাস কৰিছে আৰু সমাজৰ সৰ্বাংগীনতা বৃদ্ধি কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতৰ নীতি হৈছে ‘চুবুৰীয়া প্ৰথম’। আমাৰ সামুদ্ৰিক দৃষ্টিভংগী হৈছে সাগৰ (SAGAR)অৰ্থাৎ অঞ্চলটোৰ সকলোৰে নিৰাপত্তা আৰু বিকাশ। ভাৰতে নিজৰ উন্নয়নক চুবুৰীয়া দেশৰপৰা পৃথককৰিব নোখোজে।”

 

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ শেষ ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা ভিজন ডকুমেন্টৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিত্তীয় সংযোগৰসুদৃঢ়কৰণ ইয়াৰ মূল অংশবুলি আলোকপাত কৰে। প্ৰধানমন্ত্ৰী প্রবিন্দ জগন্নাথৰ সৈতেও জি-২০ সন্মিলনৰ সময়ত এই আলোচনাসমূহ কৰা হৈছিল।

ইউপিআইৰ সৈতে সংযোগে শ্ৰীলংকা আৰু মৰিছাছক উপকৃত কৰিব আৰু ডিজিটেল ৰূপান্তৰে উত্থান লাভ কৰিব, স্থানীয় অৰ্থনীতিসমূহ ইতিবাচক পৰিৱৰ্তনৰ সাক্ষী হ’ব আৰু পৰ্যটনে উদ্দীপনা লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে। “ইউপিআইৰ সৈতে ভাৰতীয় পৰ্যটকসকলে গন্তব্যস্থানসমূহক অগ্ৰাধিকাৰ দিব বুলি মোৰ বিশ্বাস। শ্ৰীলংকা আৰু মৰিছাছত বসবাস কৰা ভাৰতীয় মূলৰ লোক আৰু তাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰপৰা বিশেষ সুবিধা লাভ কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে যে নেপাল, ভূটান, ছিংগাপুৰ আৰু ইউএইৰ পিছত এতিয়া মৰিছাছত ৰুপে কাৰ্ড মুকলি কৰা হৈছে। ইয়াৰদ্বাৰা মৰিছাছৰপৰা ভাৰতলৈ অহা লোকসকলৰো সুবিধা হ’ব। হাৰ্ড কাৰেন্সী ক্ৰয়ৰ প্ৰয়োজনীয়তাও কমি যাব। ইউপিআই আৰু ৰুপে কাৰ্ড ব্যৱস্থাই আমাৰ নিজৰ মুদ্ৰাত ৰিয়েল-টাইম, ব্যয়-সাশ্ৰয়ী আৰু সুবিধাজনক পেমেন্ট সক্ষম কৰিব। আগন্তুক সময়ত আমি সীমা অতিক্ৰমি ৰেমিটেন্স অৰ্থাৎ ব্যক্তিৰপৰা ব্যক্তিলৈ (P2P) ধন পৰিশোধৰ সুবিধাৰ দিশত আগবাঢ়িব পাৰিম বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

 

 

আজিৰ এই শুভাৰম্ভণি গ্ল’বেল চাউথ সহযোগিতাৰ সফলতাৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। “আমাৰ সম্পৰ্ক কেৱল লেনদেনৰ কথা নহয়, এয়া এক ঐতিহাসিক সম্পৰ্ক”, তিনিওখনৰাষ্ট্ৰৰ জনসাধাৰণৰ সম্পৰ্কৰ শক্তিৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। বিগত দহ বছৰত ভাৰতে চুবুৰীয়া বন্ধুলৈ সমৰ্থন আগবঢ়োৱাৰ প্ৰতি দৃষ্টি আকৰ্ষণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাকৃতিক দুৰ্য্যোগেই হওঁক, স্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতিয়েই হওঁক, অৰ্থনৈতিক বা আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমৰ্থনেই হওঁক, সংকটৰ প্ৰতিটো ক্ষণতে ভাৰতে নিজৰ বন্ধুৰ হৈ থিয় দিয়ে। “ভাৰত প্ৰথম সঁহাৰিদাতা হৈ আহিছে আৰু হৈ থাকিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ভাৰতৰ জি-২০ৰঅধ্যক্ষতাৰ সময়ত গ্ল’বেল চাউথৰ উদ্বেগৰ প্ৰতি বিশেষ মনোযোগৰ ওপৰতো প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰে। তেখেতে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সুবিধাসমূহ গ্ল’বেল চাউথৰ দেশসমূহলৈ সম্প্ৰসাৰণৰ বাবে সামাজিক প্ৰভাৱ পুঁজি স্থাপনৰ কথা উল্লেখ কৰে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ এই শুভাৰম্ভণিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰপতি ৰনিল বিক্রমসিংহ আৰু প্ৰধানমন্ত্ৰী প্রবিন্দ জগন্নাথৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই কাৰ্য্যসূচীক সফল কৰি তোলাৰ বাবে তিনিওখন দেশৰ কেন্দ্ৰীয় বেংক আৰু সংস্থাসমূহক ধন্যবাদ জ্ঞাপন কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 28 Days In 2019 To 14 Now: Government Is Speeding Up Grievance Redressal

Media Coverage

From 28 Days In 2019 To 14 Now: Government Is Speeding Up Grievance Redressal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the values of compassion and contentment
August 24, 2026

The Prime Minister, Shri Narendra Modi, said that compassion brings self-respect and contentment brings true happiness. He noted that this spirit further strengthens the bonds of cooperation and harmony in society.

The Prime Minister shared a Sanskrit Subhashitam-

“कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”

The Subhashitam conveys that self-respect is achieved by showing kindness or compassion to others. Greed is overcome by being satisfied at one's fortune in life. One must conquer laziness, dubious reasoning and indecisiveness by exertion and entrepreneurship.

The Prime Minister wrote on X;

“करुणा से आत्म-सम्मान और संतोष से सच्ची खुशी मिलती है। इसी भाव से समाज में सहयोग और सद्भाव की डोर और सशक्त होती है।

कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”