“Golden Jubilee Celebrations of the Gujarat Cooperative Milk Marketing Federation is a landmark occasion in its illustrious journey”
“Amul has become the symbol of the strength of the Pashupalaks of India”
“Amul is an example of how decisions taken with forward-thinking can sometimes change the fate of future generations”
“The real backbone of India's dairy sector is Nari Shakti”
“Today our government is working on a multi-pronged strategy to increase the economic power of women”
“We are working to eradicate Foot and Mouth disease by 2030”
“Government is focused on transforming farmers into energy producers and fertilizer suppliers”
“Government is significantly expanding the scope of cooperation in the rural economy”
“Cooperative movement is gaining momentum with the establishment of over 2 lakh cooperative societies in more than 2 lakh villages across the country”
“Government stands with you in every way, and this is Modi's guarantee”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি আহমেদাবাদৰ মটেৰাস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ (GCMMF) সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনী প্ৰত্যক্ষকৰণৰ লগতে সোণালী জয়ন্তী কফি টেবুল বুক উন্মোচন কৰে। এই ফেডাৰেচন হৈছে সমবায়সমূহৰ স্থিতিস্থাপকতা, উদ্যোগী মনোভাৱ আৰু কৃষকসকলৰ দৃঢ়তাৰ সাক্ষ্য, যিয়ে আমূলক বিশ্বৰ অন্যতম শক্তিশালী দুগ্ধ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ সোণালী জয়ন্তী উদযাপনৰ বাবে সকলোকে অভিনন্দন জ্ঞাপনেৰে কয় যে গুজৰাটৰ কৃষকসকলে ৫০ বছৰ পূৰ্বে ৰোপণ কৰা এটা পুলি এতিয়া সমগ্ৰ বিশ্বকে আৱৰিএজোপা বটবৃক্ষত পৰিণত হৈছে। তেখেতে শ্বেত বিপ্লৱত ‘পশু ধন’ৰ বৰঙণি স্বীকাৰ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ পিছত ভাৰতত কেইবাটাও ব্ৰেণ্ডৰ উন্মেষ ঘটিলেও আমূলৰ দৰে কোনো ব্ৰেণ্ড নাছিল। “আমূল ভাৰতৰ পশুপালকসকলৰ শক্তিৰ প্ৰতীক হৈ পৰিছে।”প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমূলৰ অৰ্থ হৈছে বিশ্বাস, উন্নয়ন, জনসাধাৰণৰ অংশগ্ৰহণ, কৃষকৰ সৱলীকৰণ আৰু সময়ৰ লগে-লগে প্ৰযুক্তিগত উন্নতি।” শ্ৰী মোদীয়ে কয় যে আমূল আত্মনিৰ্ভৰ ভাৰতৰ প্ৰেৰণা। আমূলৰ সামগ্ৰী বিশ্বৰ ৫০ খনৰো অধিক দেশলৈ ৰপ্তানি হয় বুলি উল্লেখেৰেপ্ৰধানমন্ত্ৰীগৰাকীয়ে সংস্থাটোৰ সাফল্যৰ ওপৰত আলোকপাতেৰে ১৮,০০০ৰো অধিক দুগ্ধ সমবায় সমিতি, ৩৬,০০০ কৃষকৰ নেটৱৰ্ক, প্ৰতিদিনে ৩.৫ কোটি লিটাৰৰো অধিক দুগ্ধ প্ৰক্ৰিয়াকৰণআৰুপশুপালকসকললৈ ২০০ কোটি টকাৰো অধিক মূল্যৰ অনলাইন পেমেন্ট কৰাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে ক্ষুদ্ৰ পশুপালকৰ এই সংস্থাটোৱে যি গুৰুত্বপূৰ্ণ কাম কৰি আছে, সেয়াইআমূল আৰু ইয়াৰ সমবায়সমূহৰ শক্তিৰ সৃষ্টি কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দূৰদৰ্শিতাৰে গ্ৰহণ কৰা সিদ্ধান্তই সাধন কৰা পৰিৱৰ্তনৰ উদাহৰণ হৈছে আমূল। তেখেতেকয় যে চৰ্দাৰ পেটেলৰ নিৰ্দেশনাত আমূলৰ শিপাডাল খেডাদুগ্ধ ইউনিয়নেৰে সংযুক্ত আছিল। গুজৰাটত সমবায়ৰ সম্প্ৰসাৰণৰ লগে-লগে জিচিএমএমএফৰ গঠন হয়। তেখেতে কয় যে এই ফেডাৰেচন সমবায় আৰু চৰকাৰৰ মাজত ভাৰসাম্যৰ এক বৃহৎ উদাহৰণ আৰু এনে প্ৰচেষ্টাই আমাক ৮ কোটি লোকক কৰ্মসংস্থাপন প্ৰদানেৰে বিশ্বৰ সৰ্ববৃহৎ দুগ্ধ উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছে। তেখেতে অৱগত কৰে যে যোৱা ১০ বছৰত দুগ্ধ উৎপাদন প্ৰায় ৬০ শতাংশ বৃদ্ধি পাইছে আৰু জনমূৰি গাখীৰৰ উপলব্ধতা প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। ভাৰতীয় দুগ্ধ খণ্ড বিশ্বৰ গড় ২ শতাংশৰ তুলনাত বছৰি ৬ শতাংশ বৃদ্ধি পাইছে বুলিও তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০ লাখ কোটি টকা মূল্যৰ দুগ্ধ খণ্ডটোত মহিলাৰ মূল ভূমিকা সম্পৰ্কে আলোকপাত কৰে। তেখেতে কয় যে ৭০ শতাংশ পৰ্য্যন্ত মহিলাৰ নেতৃত্বত গঠিত দুগ্ধ খণ্ডৰ আয় ঘেঁহু, চাউল আৰু কুঁহিয়াৰৰ মুঠ ব্যৱসায়তকৈ অধিক। “এই নাৰী শক্তি হৈছে দুগ্ধ খণ্ডৰ মেৰুদণ্ড। আজি ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অভিমুখে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত, ইয়াৰ দুগ্ধ খণ্ডৰ সফলতা এক বৃহৎ প্ৰেৰণা”, তেখেতে কয়। বিকশিত ভাৰতৰ যাত্ৰাত মহিলাৰ অৰ্থনৈতিক অৱস্থা উন্নতকৰণৰ প্ৰয়োজনীয়তাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মুদ্ৰা যোজনাৰ ৩০ লাখ কোটি টকাৰ সাহায্যৰ ৭০ শতাংশ মহিলা উদ্যোগীয়ে লাভ কৰিছে। লগতে, আত্মসহায়ক গোটত মহিলাৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে আৰু তেওঁলোকে ৬ লাখ কোটিৰো অধিক মূল্যৰ আৰ্থিক সাহায্য লাভ কৰিছে। ৪ কোটি পিএম আৱাসৰ ঘৰৰ অধিকাংশ ঘৰেই মহিলাৰ নামত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নমো ড্ৰোন দিদি আঁচনিৰ কথাও উল্লেখ কৰে, যাৰ জৰিয়তে ১৫ হাজাৰ আত্ম সহায়ক গোটক ড্ৰোন প্ৰদান কৰা হৈছে আৰু সদস্যসকলক প্ৰশিক্ষণ দিয়া হৈছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ দুগ্ধ সমবায় সমিতিসমূহত মহিলাৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশেৰে দুগ্ধ প্ৰতিষ্ঠানৰপৰা লাভ কৰা আয় পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউন্টলৈ যোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আমূলৰ এই প্ৰচেষ্টাক প্ৰশংসাৰে অঞ্চলটোত পশুপালকসকলক নগদ ধন লাভত সহায়ৰ অৰ্থে গাঁৱে-ভূঞে মাইক্ৰ’ এটিএম স্থাপনৰ কথাও উল্লেখ কৰে। তেখেতে পশুপালকসকলক ৰুপে কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ আঁচনিৰ ওপৰত গুৰুত্ব আৰোপৰে পঞ্চপিপ্লা আৰু বানাচকান্থাত অব্যাহত পাইলট প্ৰকল্পৰ বিষয়ে অৱগত কৰে।

গান্ধীজীৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য অৰ্থনীতি সুদৃঢ়কৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে। তেখেতে আঙুলিয়াই দিয়ে যে পূৰ্বৰ চৰকাৰৰ গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি খণ্ডিত দৃষ্টিভংগী আছিল, আনহাতে বৰ্তমানৰ চৰকাৰখনে গাঁও এখনৰ প্ৰতিটো দিশকে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। “চৰকাৰে ক্ষুদ্ৰ কৃষকসকলৰ জীৱন-যাত্ৰা সহজ কৰি তোলা, পশুপালনৰ পৰিসৰ বৃদ্ধি, গাঁৱত মীনপালন আৰু মৌ-মৌপালনৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।তেখেতে লগতে, পশুপালক আৰু মৎস্য পালকসকলক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ কথা কয়। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰা আধুনিক বীজ কৃষকসকলক প্ৰদানৰ কথাও তেখেতেউল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাখীৰ দিয়া গো-প্ৰজাতিৰ উন্নতিৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় গোকুল মিছনৰ কথাও উল্লেখ কৰে। গৰু-ম’হৰ খোৰাআৰুমুখৰ ৰোগৰ বাবে হাজাৰ-হাজাৰ কোটি টকাৰ লোকচান ৰোধৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৫,০০০কোটি টকা মূল্যৰ বিনামূলীয়া টিকাকৰণ কাৰ্য্যসূচী আৰম্ভৰ বিষয়ে অৱগত কৰে। যাৰ জৰিয়তে এতিয়ালৈকে ৭ কোটিৰো অধিক টিকাকৰণ সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “আমি ২০৩০ৰ ভিতৰত খোৰাআৰুমুখৰ ৰোগ নিৰ্মূলৰ বাবে কাম কৰি আছোঁ।”

যোৱা নিশা অনুষ্ঠিত কেবিনেট বৈঠকতো পশুধন সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। থলুৱা প্ৰজাতিৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় পশুধন অভিযান সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। অ-কৃষিযোগ্য ভূমি পশুখাদ্যৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। পশুধনৰ সুৰক্ষাৰ বাবে বীমাৰ প্ৰিমিয়াম যথেষ্ট হ্ৰাস কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটত জল সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে কয় যেতেখেতে সৌৰাষ্ট্ৰ আৰু কচ্ছত খৰাং পৰিস্থিতিৰ সময়ত দেখা পোৱা প্ৰতিকূলতা দেখিছে।তেতিয়া পানীৰ অভাৱৰ বাবে হাজাৰ-হাজাৰ জীৱ-জন্তুৰ মৃত্যু হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে এই অঞ্চলসমূহত নৰ্মদাৰ পানী লাভৰ পৰিৱৰ্তনশীল প্ৰভাৱ সম্পৰ্কে আলোকপাতেৰে কয়, “নৰ্মদাৰ পানী লাভৰ পিছত এনে অঞ্চলৰ ভাগ্য সলনি হৈছে।” এই ব্যৱস্থাই অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন আৰু কৃষি পদ্ধতিৰ যথেষ্ট অগ্ৰগতি সাধন কৰিছে। দেশজুৰি পানীৰ অভাৱ দূৰ কৰিবলৈ আৰু গ্ৰাম্য অৰ্থনীতিৰ বৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়,“আমি যাতে ভৱিষ্যতে এনে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। "চৰকাৰে ৬০ ৰো অধিক অমৃত সৰোবৰ পুখুৰীস্থাপনেৰে দেশৰ গ্ৰাম্য অৰ্থনীতিত উপকৃতকৰণৰ প্ৰয়াস কৰিছে" বুলিও তেখেতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰযুক্তিগত অগ্ৰগতিৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলক সৱলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে যে আমি গাঁৱে-ভূঞে ক্ষুদ্ৰ কৃষকসকলক আধুনিক প্ৰযুক্তিৰ সৈতে একত্ৰিতকৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ। ড্ৰিপ জলসিঞ্চনৰ দৰে কাৰ্য্যক্ষম জলসিঞ্চনৰ পদ্ধতিক প্ৰসাৰিতকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভত আলোকপাতেৰে তেখেতে উল্লেখ কৰে যে গুজৰাটত আমি শেহতীয়া বছৰকেইটাত ক্ষুদ্ৰ জলসিঞ্চনৰ পৰিসৰ বহুগুণে বৃদ্ধি পোৱা দেখিছোঁ। শ্ৰী মোদীয়ে নিজৰ গাঁৱৰ সমীপত কৃষকসকলক বৈজ্ঞানিক সমাধান প্ৰদানৰ বাবে লাখ-লাখ কিষাণ সমৃদ্ধি কেন্দ্ৰ স্থাপনৰ কথা উল্লেখ কৰে। কৃষকসকলক জৈৱিক সাৰ প্ৰস্তুতকৰণত সহায়ৰ প্ৰচেষ্টা অব্যাহত আছে, ইয়াৰ উৎপাদনৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

গ্ৰাম্য অৰ্থনীতি উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ বহুমুখী পন্থাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আমাৰ চৰকাৰে কৃষকক শক্তি উৎপাদক আৰু সাৰ যোগানকাৰীলৈ ৰূপান্তৰিতকৰণত মনোনিৱেশ কৰিছে। কৃষকসকলক সৌৰ পাম্প প্ৰদানৰ উপৰিও কৃষি চৌহদত ক্ষুদ্ৰ সৌৰ উদ্যোগ স্থাপনৰ বাবে সাহায্য প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়।কৃষিক্ষেত্ৰত বহনক্ষম শক্তি সমাধানৰ ক্ষেত্ৰত চৰকাৰে দায়বদ্ধতা অৱলম্বন কৰিছে বুলি তেখেতে জনায়।

তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে গোবৰ ধন যোজনাৰ অধীনত পশুপালকৰপৰাগোবৰ ক্ৰয়ৰ আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰে, যাৰ ফলত বিদ্যুৎ উৎপাদনৰ বাবে জৈৱ গেছ উৎপাদনত সুবিধা হ’ব। দুগ্ধ খণ্ডৰ সফল পদক্ষেপৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বানাচকান্থাত আমূলৰদ্বাৰা বাঅ’গেছ প্ৰকল্প স্থাপন কৰাটো এই দিশত এক উল্লেখযোগ্য পদক্ষেপ।

 

সমবায় সমিতিসমূহক অৰ্থনৈতিক বিকাশৰ চালক হিচাপে প্ৰসাৰিতকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ চৰকাৰে গ্ৰাম্য অৰ্থনীতিত সহযোগিতাৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় পৰ্য্যায়ত সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে দেশৰ দুই লাখৰো অধিক গাঁৱত দুই লাখৰো অধিক সমবায় সমিতি স্থাপনৰ লগে-লগে সমবায় আন্দোলনে গতি লাভ কৰিছে। কৃষি, পশুপালন, মীন পালন আদি খণ্ডত এনেসমবায় গঠন কৰা হৈছে। কৰ প্ৰৰোচনা আৰু পুঁজিৰ জৰিয়তে চৰকাৰৰ সমৰ্থনত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আমাৰ চৰকাৰে ‘মেড ইন ইণ্ডিয়া’ পদক্ষেপৰ জৰিয়তে উৎপাদন ক্ষেত্ৰত সমবায় সমিতিসমূহক উৎসাহিত কৰিছে। এই সমবায়সমূহক কৰ প্ৰৰোচনাৰ জৰিয়তে মেড-ইন-ইণ্ডিয়া উৎপাদনৰ অংশ হ’বলৈ উৎসাহিত কৰা হৈছে। তেখেতে আৰু কয় যে ১০ হাজাৰ এফপিঅ’, যাৰ ভিতৰত ৮ হাজাৰ ইতিমধ্যে কাৰ্য্যক্ষম হৈ আছে, ক্ষুদ্ৰ কৃষকৰ সংগঠন আৰু ইয়াৰ “ক্ষুদ্ৰ কৃষকক উৎপাদকৰপৰা কৃষি উদ্যোগীলৈ ৰূপান্তৰিতকৰণৰ মিছন” অন্তৰ্ভুক্ত হৈছে বুলি তেখেতে কয়। তেখেতে জনোৱা মতে, পিএচি, এফপিঅ’ আৰু আন-আন সমবায় সংস্থাসমূহে কোটি-কোটি টকাৰ সাহায্য লাভ কৰিছে। লগতে, কৃষি আন্তঃগাঁথনিৰ বাবে ১ লাখ কোটি টকাৰ পুঁজিৰ কথাও উল্লেখ কৰে।

বিকশিত ভাৰতৰ কথা উল্লেখেৰে“মই সবকা প্ৰয়াসত বিশ্বাস কৰোঁ” বুলিপ্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ভাৰতে স্বাধীনতাৰ ১০০ বছৰত আমূলে ৭৫ বছৰ সম্পূৰ্ণ কৰিব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সংস্থাটোৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। তেখেতে আনন্দ প্ৰকাশ কৰে যে আগন্তুক ৫ বছৰত আমূলে নিজৰ উদ্যোগসমূহৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। “আজি আমূল বিশ্বৰ অষ্টম সৰ্ববৃহৎ দুগ্ধ কোম্পানী। আমি ইয়াক যিমান পাৰে সোনকালে বিশ্বৰ সৰ্ববৃহৎ দুগ্ধ কোম্পানী হিচাপে গঢ়ি তুলিব লাগিব। চৰকাৰে সকলো দিশতে আপোনালোকৰ লগত থিয় দিছেআৰু এয়াই মোডীৰ নিশ্চয়তা”, এইদৰে কৈ ৫০ বছৰৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

 

 

এই অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপালশ্ৰী আচাৰ্য্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল,কেন্দ্ৰীয় পশুপালন, দুগ্ধ আৰু মীন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীশ্ৰী পুৰুষোত্তম ৰূপালা, গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ অধ্যক্ষ শ্ৰী শমল বি পেটেলকে প্ৰমুখ্য কৰিবিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ১.২৫ লাখৰো অধিক কৃষক এই উদযাপনৰ অংশ হৈছে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Karnataka on 15th April
April 14, 2026
PM to inaugurate Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya
Sri Guru Bhairavaikya Mandira is a memorial dedicated to Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math
PM to also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji

Prime Minister, Shri Narendra Modi will visit Karnataka on 15th April 2026. At around 11 AM, Prime Minister will inaugurate the Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya district. He will also address the gathering on the occasion.

During the visit, Prime Minister will also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji.

Sri Guru Bhairavaikya Mandira is a memorial dedicated to the revered seer, Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math. Constructed in the traditional Dravidian architectural style, the Mandira stands as a tribute to the life and legacy of the late seer. The Mandira is envisioned not only as a place of reverence but also as a source of inspiration for future generations.

Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji was widely respected for his lifelong commitment to social service, having established numerous educational institutions and healthcare facilities. He firmly believed that service to society is the highest form of worship, and his teachings transcended barriers of caste, creed, and region, inspiring millions.