প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উইলমিংটন, ডেলাৱেৰত কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন উপলক্ষে ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ দ্বাৰা আয়োজিত কোৱাড কেন্সাৰ মুনশ্বট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

 

এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ছাৰ্ভাইকেল কৰ্কট ৰোগ প্ৰতিৰোধ, ধৰা পেলোৱা আৰু চিকিৎসাৰ লক্ষ্যৰে ৰাষ্ট্ৰপতি বাইডেনৰ এই চিন্তাশীল পদক্ষেপৰ অতিশয় শলাগ লয়। তেওঁ কয় যে এই কাৰ্যসূচীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ জনসাধাৰণক কম খৰচী, সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব। তেওঁ কয় যে ভাৰতে নিজৰ দেশত বৃহৎ পৰিসৰৰ ছাৰ্ভাইকেল কেন্সাৰ স্ক্ৰীনিং কাৰ্যসূচীও চলাই আছে। স্বাস্থ্য সুৰক্ষাৰ দিশত ভাৰতৰ প্ৰচেষ্টাৰ বিষয়ে কোৱাৰ সময়ত তেওঁ উল্লেখ কৰে যে দেশখনে ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন প্ৰস্তুত কৰিছে আৰু এই ৰোগৰ এআই ভিত্তিক চিকিৎসা প্ৰট’কলৰ দিশত কাম কৰি আছে।

 

কেন্সাৰ মুনশ্বট পদক্ষেপত ভাৰতৰ অৱদান হিচাপে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘এক বিশ্ব, এক স্বাস্থ্য’ দৃষ্টিভংগীৰ লগত খাপ খুৱাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৰ্কট পৰীক্ষা, অনুসন্ধান আৰু নিদানৰ বাবে ৭৫ লাখ মাৰ্কিন ডলাৰৰ অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাও ঘোষণা কৰে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ৰেডিঅ’থেৰাপি চিকিৎসা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত ভাৰতে সাহায্য প্ৰদান কৰিব। তেওঁ লগতে উল্লেখ কৰে যে গাভি আৰু কোৱাড কাৰ্যসূচীৰ অধীনত ভাৰতৰ পৰা ৪ কোটি ড’জ ভেকচিন যোগান ধৰাৰ ফলত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহ উপকৃত হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া কোৱাডে কাম কৰে তেতিয়া ই কেৱল ৰাষ্ট্ৰসমূহৰ বাবেই নহয়, বৰঞ্চ ই জনসাধাৰণৰ বাবে আৰু এয়াই ইয়াৰ মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ প্ৰকৃত সাৰমৰ্ম।

 

ভাৰতে ডিজিটেল স্বাস্থ্য সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্বব্যাপী পদক্ষেপত নিজৰ ১০ নিযুত মাৰ্কিন ডলাৰৰ অৱদানৰ জৰিয়তে কৰ্কট ৰোগ ধৰা পেলোৱা, যত্ন লোৱা আৰু ধাৰাবাহিকতাৰ বাবে ডিপিআই আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আগ্ৰহী দেশসমূহক কাৰিকৰী সহায় আগবঢ়াব।

 

কেন্সাৰ মুনশ্বটৰ পদক্ষেপৰ জৰিয়তে কোৱাডৰ নেতাসকলে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহত ছাৰ্ভাইকেল কেন্সাৰৰ যত্ন আৰু চিকিৎসা সম্বন্ধীয় পৰিৱেশ তন্ত্ৰৰ ব্যৱধান দূৰ কৰিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই উপলক্ষে এখন ‘জইণ্ট কেন্সাৰ মুনশ্বট ফেক্ট শ্বীট’ মুকলি কৰা হয়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push