ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কই এক নতুন যুগত প্ৰৱেশ কৰিছেঃ প্ৰধানমন্ত্ৰী
ঐতিহাসিক ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএই শ্ৰম-নিবিড় সামগ্ৰীৰ বাবে বজাৰ প্ৰৱেশ মুকলি কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক বৃদ্ধিৰ বাবে সমগ্ৰ সমাজৰ অংশীদাৰিত্বৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
ভাৰত-ইইউ বিশ্ব বিকাশৰ ডাবল ইঞ্জিন হোৱা উচিতঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইউৰোপিয়ান সংঘ ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইউৰোপিয়ান সংঘ(ইইউ) ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি সুখী হোৱা বুলি কয়। তেওঁ কয় যে ইউৰোপিয়ান সংঘ পৰিষদ আৰু আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ কেৱল সাধাৰণ কূটনৈতিক ভ্ৰমণ হিচাপেই নহয়, বৰঞ্চ ভাৰত-ইউৰ সম্পৰ্কৰ এক নতুন যুগৰ আৰম্ভণি হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে প্ৰথমবাৰলৈ ইইউ নেতৃত্বই ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে।  

শ্ৰী মোদীয়ে আলোকপাত কৰে যে প্ৰথমবাৰৰ বাবে ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ইউৰোপীয় ইউনিয়নৰ নেতাসকলে যোগদান কৰে। ভাৰত আৰু ইউৰোপীয় সংঘই ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰে আৰু আজি অসংখ্য মুখ্য কাৰ্যবাহী বিষয়াৰ উপস্থিতিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চ ইমান বৃহৎ পৰিসৰত আয়োজন কৰা হৈছে। তেওঁ কয় যে এই কৃতিত্বসমূহ বিশ্বৰ দুখন বৃহত্তম গণতান্ত্ৰিক শক্তিৰ মাজত অভূতপূৰ্ব সংহতিৰ প্ৰতীক।

 

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই প্ৰান্তিককৰণ আকস্মিক নহয়; বজাৰ অৰ্থনীতি হিচাপে ভাৰত আৰু ইউৰোপীয় ইউনিয়নে উমৈহতীয়া মূল্যবোধ, বিশ্বৰ সুস্থিৰতাৰ বাবে যৌথ অগ্ৰাধিকাৰ আৰু মুকলি সমাজ হিচাপে নিজৰ লোকসকলৰ মাজত স্বাভাৱিক সংযোগৰ অংশীদাৰ। তেওঁ আঙুলিয়াই দিয়ে যে এই শক্তিশালী ভেটিৰ ওপৰত এই অংশীদাৰিত্বই নতুন উচ্চতা লাভ কৰিছে আৰু বিশ্বৰ অন্যতম প্ৰভাৱশালী অংশীদাৰিত্ব হিচাপে প্ৰতিষ্ঠা কৰা হৈছে, যাৰ স্পষ্ট ফলাফল দেখা গৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে যোৱা দহ বছৰত বাণিজ্য দুগুণ বৃদ্ধি পাই ১৮০ বিলিয়ন ইউৰো হৈছে, ভাৰতত ৬,০০০ৰো অধিক ইউৰোপীয় কোম্পানীয়ে কাম কৰি আছে আৰু ভাৰতত ইউৰোপীয় ইউনিয়নৰ পৰা বিনিয়োগ ১২০ বিলিয়ন ইউৰো অতিক্ৰম কৰিছে। তেওঁ লগতে মন্তব্য কৰে যে ইউৰোপীয় ইউনিয়নত ১৫০০ ভাৰতীয় কোম্পানী উপস্থিত আছে, তাত ভাৰতীয় বিনিয়োগ প্ৰায় ৪০ বিলিয়ন ইউৰো হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজি ভাৰত আৰু ইউৰোপীয় কোম্পানীসমূহে অনুসন্ধান আৰু বিকাশ, উৎপাদন আৰু সেৱাৰ ক্ষেত্ৰত গভীৰ সহযোগিতা আগবঢ়াইছে আৰু ব্যৱসায়িক নেতাসকল এই সহযোগিতাৰ চালক আৰু হিতাধিকাৰী উভয়তে আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়া এই অংশীদাৰিত্বক ‘সমগ্ৰ সমাজৰ অংশীদাৰিত্ব’ হিচাপে গঢ়ি তোলাৰ সময়। তেওঁ মন্তব্য কৰে যে এই দৃষ্টিভংগীৰে আজি এক বিস্তৃত এফ টি এ সম্পূৰ্ণ হৈছে, যিয়ে ভাৰতৰ শ্ৰম নিবিড় সামগ্ৰীসমূহৰ বাবে ইউৰোপীয় সংঘৰ বজাৰত সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে বস্ত্ৰ, ৰত্ন আৰু গহনা, অটো পাৰ্টছ আৰু অভিযান্ত্ৰিক সামগ্ৰীয়ে লাভৱান হ’ব, আনহাতে ফল-মূল, শাক-পাচলি, সংসাধিত খাদ্য আৰু সাগৰীয় সামগ্ৰীয়ে নতুন সুযোগৰ সৃষ্টি কৰিব। তেওঁ আঙুলিয়াই দিয়ে যে ইয়াৰ দ্বাৰা কৃষক, মাছমৰীয়া, আৰু লগতে সেৱা খণ্ড বিশেষকৈ আই টি, শিক্ষা, পৰম্পৰাগত চিকিৎসা আৰু ব্যৱসায়িক সেৱাৰ প্ৰত্যক্ষ লাভ হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে বিশ্ব ব্যৱসায়ত বৃহৎ অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে, কোম্পানীসমূহে নিজৰ বজাৰ কৌশল আৰু অংশীদাৰিত্বৰ ওপৰত পুনৰ চিন্তা কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে এনে সময়ত এই এফটিএই ব্যৱসায়িক জগতখনলৈ এক স্পষ্ট আৰু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে, যিয়ে দুয়োপক্ষৰ ব্যৱসায়িক সম্প্ৰদায়ক সক্ষম, নিৰ্ভৰযোগ্য আৰু ভৱিষ্যতমুখী অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে আমন্ত্ৰণ হিচাপে কাম কৰে। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে ব্যৱসায়িক নেতাসকলে এই এফ টি এৰ পৰা উদ্ভৱ হোৱা সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব।

শ্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ কেইবাটাও অগ্ৰাধিকাৰ আছে যিয়ে ব্যৱসায়িক অংশীদাৰিত্বক লাভৱান কৰিব পাৰে। তেওঁ তিনিটা মূল অগ্ৰাধিকাৰৰ ৰূপৰেখা দাঙি ধৰে: প্ৰথমতে, যিখন পৃথিৱীত বাণিজ্য, প্ৰযুক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহক অস্ত্ৰৰে সজ্জিত কৰা হৈছে, য’ত নিৰ্ভৰশীলতাক যৌথভাৱে বিপদমুক্ত কৰাৰ প্ৰয়োজন আছে। তেওঁ প্ৰশ্ন কৰে যে ব্যৱসায়িক সম্প্ৰদায়ে ইভি, বেটাৰী, চিপ আৰু এপিআইৰ ওপৰত বাহ্যিক নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে নেকি আৰু বিশ্বাসযোগ্য যোগান শৃংখলৰ বাবে এটা উমৈহতীয়া বিকল্প গঢ়ি তুলিব পাৰে নেকি? দ্বিতীয়তে, তেওঁ উল্লেখ কৰে যে ভাৰত আৰু ইউৰোপীয় ইউনিয়ন দুয়োটাই প্ৰতিৰক্ষা উদ্যোগ আৰু সীমান্ত প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, প্ৰতিৰক্ষা, মহাকাশ, টেলিকম, আৰু এআইৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ আহ্বান জনায়। তৃতীয়তে, তেওঁ দৃঢ়তাৰে কয় যে স্বচ্ছ আৰু বহনক্ষম ভৱিষ্যত দুয়োপক্ষৰ বাবে অগ্ৰাধিকাৰ, সেউজ হাইড্ৰজেন, সৌৰশক্তি, আৰু স্মাৰ্ট গ্ৰীডৰ ক্ষেত্ৰত যৌথ গৱেষণা আৰু বিনিয়োগৰ আহ্বান জনায়। শ্ৰী মোদীয়ে লগতে কয় যে উদ্যোগসমূহেও সৰু মডিউলাৰ ৰিয়েক্টৰ আৰু বহনক্ষম গতিশীলতাৰ ওপৰত একেলগে কাম কৰিব লাগে, একে সময়তে পানী ব্যৱস্থাপনা, বৃত্তাকাৰ অৰ্থনীতি আৰু বহনক্ষম কৃষিৰ সমাধান বিকশিত কৰিব লাগে।

 

প্ৰধানমন্ত্ৰীয়ে কয় কৰে যে আজিৰ ঐতিহাসিক সিদ্ধান্তৰ পিছত এতিয়া ব্যৱসায়িক সমাজৰ ওপৰত এক বিশেষ দায়িত্ব আহি পৰিছে। তেওঁ দৃঢ়তাৰে কয় যে এতিয়া বল আপোনালোকৰ কৰ্টত বুলি পৰৱৰ্তী পদক্ষেপ ব্যৱসায়ী সমাজে ল’ব লাগিব বুলি উল্লেখ কৰি। শ্ৰী মোদীয়ে আলোকপাত কৰে যে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তেহে অংশীদাৰিত্বই আস্থা, প্ৰসাৰ আৰু পৰিসৰ লাভ কৰিব। তেওঁ আলোকপাত কৰে যে সামূহিক প্ৰচেষ্টাৰ দ্বাৰা উমৈহতীয়া সমৃদ্ধি লাভ কৰিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে সকলোকে নিজ নিজ শক্তিক একত্ৰিত কৰি সমগ্ৰ বিশ্বৰ বাবে বৃদ্ধিৰ দ্বৈত ইঞ্জিন হ’বলৈ আহ্বান জনাই সামৰণি মাৰে।

অনুষ্ঠানত ইউৰোপীয় আয়োগৰ সভানেত্ৰী শ্ৰীমতী উৰছুলা ভন ডাৰ লেয়েন, ভাৰতীয় আৰু ইউৰোপীয় ব্যৱসায়িক নেতাসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress