The C-295 Aircraft facility in Vadodara reinforces India's position as a trusted partner in global aerospace manufacturing:PM
Make in India, Make for the World:PM
The C-295 aircraft factory reflects the new work culture of a New India:PM
India's defence manufacturing ecosystem is reaching new heights:PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।

সমবেত লোকসকলক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰী, শ্ৰীপেদ্ৰো চানচেজৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ বুলি উল্লেখ কৰি দুয়োখন দেশৰ মাজত অংশীদাৰীত্বই আজি এক নতুন দিশ বিচাৰি উলিয়াইছে বুলি মত প্ৰকাশ কৰে। চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্সৰ উদ্বোধনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই কেৱল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কশক্তিশালী কৰাই নহয়, লগতে 'মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড'ৰ অভিযানকো গতি প্ৰদান কৰিব। শ্ৰী মোদীয়ে এই উপলক্ষে এয়াৰবাছ আৰু টাটাৰ সমগ্ৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে স্বৰ্গীয় শ্ৰী ৰতন টাটা মহাশয়লৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে চি-২৯৫ বিমানৰ কাৰখানানতুন ভাৰতৰ নতুন কৰ্ম সংস্কৃতিৰ প্ৰতিফলন বুলি উল্লেখ কৰি কয় যে এটা ধাৰণাৰ পৰা আৰম্ভ কৰি যিকোনো প্ৰকল্পৰ কাৰ্যকৰীকৰণলৈকে ভাৰতৰ গতি ইয়াত পৰিলক্ষিত হয়। ২০২২ চনৰ অক্টোবৰমাহত কাৰখানাটোৰ আধাৰশিলা স্থাপনৰ কথা সোঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্প এতিয়া চি-২৯৫ বিমান উৎপাদনৰ বাবে সাজু হৈ আছে। প্ৰকল্পসমূহৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত হিচাপ বিহীন বিলম্ব দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে বদোদৰাত বোম্বাৰ্ডিয়াৰ ৰে'ল কোচ নিৰ্মাণ সুবিধা স্থাপনৰ কথা সোঁৱৰি কয় যে এই কাৰখানাঅভিলেখ সময়ত উৎপাদনৰ বাবে সাজু হৈ উঠিছিল। "এই কাৰখানাত নিৰ্মিত মেট্ৰ' ডবাবোৰ আজি আন দেশলৈ ৰপ্তানি কৰা হৈছে", তেওঁ লগতে কয়। আজি উদ্বোধন কৰা কাৰখানাতনিৰ্মিত বিমানসমূহো ৰপ্তানি কৰা হ'ব বুলি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে।

স্পেইনৰ বিখ্যাত কবি এণ্টোনিঅ মাচাডোৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আমি লক্ষ্যৰ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ পথ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়।  ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পৰিস্থিতিতন্ত্ৰই আজি নতুন শিখৰ অতিক্ৰম কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে যদি ১০ বছৰ আগতে দৃঢ় পদক্ষেপ লোৱা নহ'লহেঁতেন তেন্তে আজি এই গন্তব্যস্থানত উপনীত হোৱাটো অসম্ভৱ হ'লহেঁতেন। তেওঁ লগতে কয় যে এক দশক আগতে প্ৰতিৰক্ষা উৎপাদনৰ অগ্ৰাধিকাৰ আৰু পৰিচয়ৰ ক্ষেত্ৰত আমদানিৰ ওপৰত গুৰুত্ব দিয়া হৈছিলতথা ভাৰতত ইমান বৃহৎ পৰিমাণে প্ৰতিৰক্ষা উৎপাদন হ'ব পাৰে বুলি কোনেও কল্পনা কৰিব পৰা নাছিল। চৰকাৰে এক নতুন পথত খোজ কঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিভাৰতৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰাৰ ফলাফল আজি স্পষ্ট হৈ উঠা বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ পৰিৱৰ্তনে কেনেদৰে এক সঠিক পৰিকল্পনা আৰু অংশীদাৰীত্বই সম্ভাৱনাক সমৃদ্ধিলৈ পৰিণত কৰিব পাৰে তাৰ উদাহৰণ দিয়ে। তেওঁ উল্লেখ কৰে যে কৌশলগত সিদ্ধান্তই যোৱা দশকত ভাৰতত এক সক্ৰিয় প্ৰতিৰক্ষা উদ্যোগৰ বিকাশত উদগনি দিছে। "আমি প্ৰতিৰক্ষা উৎপাদনত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ সম্প্ৰসাৰিত কৰিছো, ৰাজহুৱা খণ্ডৰ গোটসমূহক অধিক দক্ষ কৰিতুলিছো, অৰ্ডিনেন্স কাৰখানাসমূহক সাতটা মুখ্য কোম্পানীলৈ পুনৰ্গঠন কৰিছোআৰু ডিআৰডিঅ' তথা এইচএএলক ক্ষমতা প্ৰদান কৰিছো", শ্ৰী মোদীয়ে

 

কয়। তেওঁ কয় যে উত্তৰ প্ৰদেশ আৰু তামিলনাডুত প্ৰতিৰক্ষা কৰিডৰ স্থাপনে খণ্ডটোত নতুন শক্তি সঞ্চাৰিত কৰিছে। আইডিইএক্স (প্ৰতিৰক্ষা উৎকৰ্ষতাৰ বাবে উদ্ভাৱন) আঁচনিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিগত পাঁচৰ পৰা ছয় বছৰত প্ৰায় ১,০০০ প্ৰতিৰক্ষা ষ্টাৰ্টআপৰ বিকাশত সহায় কৰিছে। যোৱা এক দশকত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৩০ গুণ বৃদ্ধি হোৱাৰ লগতে দেশখনে এতিয়া ১০০ খনতকৈও অধিক দেশলৈ সঁজুলি ৰপ্তানি কৰিছেবুলিও তেওঁ সদৰি কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দক্ষতা আৰু চাকৰি সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এয়াৰবাছ-টাটা কাৰখানাৰ দৰে প্ৰকল্পই হাজাৰ হাজাৰ চাকৰি সৃষ্টি কৰিব। তেওঁ কয় যে কাৰখানাটোৱে ১৮,০০০ বিমানৰ অংশৰ থলুৱা উৎপাদনত সহায় কৰিব, যাৰ ফলত সমগ্ৰ ভাৰতত এমএছএমইৰ বাবে অপৰিসীম সুযোগ সৃষ্টি হ’ব। আজিও বিশ্বৰ মুখ্য বিমান কোম্পানীসমূহৰ বাবে ভাৰত হৈছে এক বৃহৎ যোগানকৰ্তা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে নতুন বিমান কাৰখানাই ভাৰতত নতুন দক্ষতা আৰু নতুন উদ্যোগসমূহক এক বৃহৎ উৎসাহ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ পৰিবহণ বিমান নিৰ্মাণৰ বাহিৰেও আজিৰ কাৰ্যসূচীৰ প্ৰতি বিশেষ দৃষ্টি নিবদ্ধ ৰাখিছিল। বিগত দশকত ভাৰতৰ বিমান খণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু পৰিৱৰ্তনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতে দেশৰ শ শ সৰু চহৰলৈ বিমান সংযোগ প্ৰদান কৰি থকাৰ সমান্তৰালকৈদেশক বিমান আৰু এমআৰঅ' ক্ষেত্ৰৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছে। তেওঁ লগতে কয় যে এই পৰিস্থিতিতন্ত্ৰই ভৱিষ্যতে মেড ইন ইণ্ডিয়া অসামৰিক বিমানৰ পথো প্ৰশস্ত কৰিব। বিভিন্ন ভাৰতীয় বিমান সংস্থাই ১২০০ খন নতুন বিমানৰ অৰ্ডাৰ দিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ অৰ্থ হৈছে ভৱিষ্যতে ভাৰত আৰু বিশ্বৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে শৈলী প্ৰস্তুত কৰাৰ পৰা অসামৰিক বিমান নিৰ্মাণলৈকেনতুনকৈ উদ্বোধন কৰা কাৰখানাটোৱেএক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

বদোদৰা চহৰ এমএছএমইৰ দুৰ্গ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ এই প্ৰচেষ্টাত চহৰখনে অনুঘটক হিচাপে কাম কৰিব। তেওঁ লগতে কয় যে চহৰখনত থকা গীতিশক্তি বিশ্ববিদ্যালয়ে ভাৰতৰ বিভিন্ন খণ্ডৰ বাবে পেছাদাৰী লোকতৈয়াৰ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভদোদৰাত ফাৰ্মা খণ্ড, অভিযান্ত্ৰিক আৰু গধুৰ যন্ত্ৰপাতি, ৰাসায়নিক আৰু পেট্ৰ'কেমিকেল, শক্তি আৰু শক্তি সঁজুলিৰ দৰে বহুতো খণ্ডৰ সৈতে সম্পৰ্কিত বহুতো কোম্পানী আছে। তেওঁ লগতে কয় যে এতিয়া এই সমগ্ৰ অঞ্চলটো ভাৰতত বিমান উৎপাদনৰ এক মুখ্য কেন্দ্ৰ হ'বলৈ গৈ আছে। শ্ৰী মোদীয়ে গুজৰাট চৰকাৰ আৰু ইয়াৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল তথা তেওঁৰ সমগ্ৰ দলটোক তেওঁলোকৰ আধুনিক ঔদ্যোগিক নীতি আৰু সিদ্ধান্তৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

বদোদৰা ভাৰতৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক চহৰ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে স্পেইনৰ বন্ধুবৰ্গক আদৰণি জনাই তেওঁ উৎফুল্লিত হৈ পৰিছে। "ভাৰত আৰু স্পেইনৰ মাজত সাংস্কৃতিক সংযোগৰ নিজা গুৰুত্ব আছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মন্তব্য কৰে যে ফাদাৰ কাৰ্লোছ ভেলে স্পেইনৰ পৰা আহিগুজৰাটত বসতি স্থাপন কৰিছিল আৰু তেওঁৰ জীৱনৰ পঞ্চাশ বছৰ অতিবাহিত কৰিছিল। তেওঁ আৰু কয় যে ফাদাৰ ভেলে তেওঁৰ চিন্তা আৰু লিখনিৰে সংস্কৃতিক সমৃদ্ধ কৰিছিল। শ্ৰী মোদীয়ে কয় যে ফাদাৰ ভেলেক লগ পোৱাৰ তেওঁৰ সৌভাগ্য হৈছিল আৰু ভাৰত চৰকাৰে তেওঁৰ মহান অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে স্পেইনত যোগাভ্যাস যথেষ্ট জনপ্ৰিয় হোৱাৰ বিপৰীতে ভাৰততো জনসাধাৰণে স্পেনিছ ফুটবল পছন্দ কৰে। ৰিয়েল মাদ্ৰিদ আৰু বাৰ্চিলোনা ক্লাবৰ মাজত কালি অনুষ্ঠিত হোৱা ফুটবল খেল সন্দৰ্ভত মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে বাৰ্চিলোনাৰ মহান বিজয় ভাৰততো আলোচনাৰ বিষয় হৈ পৰাৰ লগতে স্পেইনৰ দৰেইভাৰততদুয়োটা ক্লাবৰ অনুৰাগীসকলৰ উৎসাহ পৰিলক্ষিত হৈছিল।ভাৰত আৰু স্পেইনৰ বহুমুখী অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "খাদ্য, চলচ্চিত্ৰ বা ফুটবল যিয়েই নহওঁক,আমাৰ জনসাধাৰণৰ মাজতশক্তিশালী পাৰস্পৰিক সংযোগে সদায় আমাৰ সম্পৰ্ক শক্তিশালী কৰি আহিছে।" ভাৰত আৰু স্পেইনে ২০২৬ বৰ্ষক ভাৰত-স্পেইন সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তা বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱাৰ সন্দৰ্ভত শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে।

 

সামৰণি ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে আজিৰ অনুষ্ঠানটোৱে ভাৰত আৰু স্পেইনৰ মাজত বহুতো নতুন যৌথ সহযোগিতা প্ৰকল্পক অনুপ্ৰাণিত কৰিব। তেওঁ স্পেনৰ উদ্যোগ আৰু উদ্ভাৱকসকলক আমন্ত্ৰণ জনাই ভাৰতলৈ আহি তেওঁলোকক দেশখনৰ উন্নয়ন যাত্ৰাত অংশীদাৰ হ'বলৈ উৎসাহিত কৰে।

গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ এই অনুষ্ঠানত উপস্থিত থাকে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”