“লতা দিদিৰ দৰে এগৰাকী ভগ্নীৰ মৰম লাভ কৰাতকৈনো আৰু ডাঙৰ বঁটা কি হ’ব পাৰে, যিগৰাকী ভগ্নীয়ে প্ৰজন্মৰ পিচত প্ৰজন্মক চেনেহ আৰু আবেগৰ উপহাৰ প্ৰদান কৰি আহিছে”
“মই সমগ্ৰ দেশবাসীৰ নামত এই বঁটা উচৰ্গা কৰিছো, লতা দিদি যেনেকৈ মানুহৰ মাজত বৰ্তি আছিল, তেওঁৰ নামত মোক প্ৰদান কৰা এই বঁটাটোও মানুহৰ মাজতে বৰ্তি থাকিব”
“স্বাধীনতাৰ আগতেই তেওঁ দেশৰ মাতত পৰিণত হৈছিল, আৰু দেশৰ ৭৫ বছৰীয়া যাত্ৰাকালৰেও তেওঁৰ মাতষাৰ সংপৃক্ত হৈ আছে”
“লতাজীয়ে সংগীতক পূজা কৰিছিল, কিন্তু তেওঁৰ গীতৰে দেশপ্ৰেম আৰু ৰাষ্ট্ৰ সেৱা অনুপ্ৰাণিত হৈছিল”
“লতা জী যেন ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সাংগিতীক স্বৰূপতহে পৰিণত হৈছিল”
“লতাজীৰ সুৰে সমগ্ৰ দেশখনকে একতাৰ ডোলৰে বান্ধি ৰাখিছিল। গোলকীয় প্ৰেক্ষাপটতো তেওঁ ভাৰতৰ সাংস্কৃতিক প্ৰতিভূ আছিল”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত অনুষ্ঠিত ওস্তাদ দীননাথ মংগেশকাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰথম বাৰৰ বাবে ‘লতা দীননাথ মংগেশকাৰ বঁটা’ প্ৰদান কৰা হয়। ‘ভাৰত ৰত্ন’ লতা মংগেশকাৰৰ স্মৃতিত উচৰ্গিত এই বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰ নিৰ্মাণত অনবদ্য আৰিহণা আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব। বঁটা প্ৰদান অনুষ্ঠানত অন্যান্য সকলৰ মাজত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত্ সিং কোশিয়াৰীৰ আৰু মংগেশকাৰ পৰিয়ালৰ সদস্যসকলো উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভ কৰি কয় যে যদিও তেওঁ সংগীতৰ বিষয়ে বৰ বিশেষ নাজানে, তথাপি সংস্কৃতিৰ প্ৰশংসক হিচাপে এই কথা অনুভৱ কৰে যে সংগীত ‘সাধনা’ আৰু ‘আৱেগ’ৰ বস্তু। তেওঁ কয়, “প্ৰকাশ কৰিব নোৱাৰাখিনিকো প্ৰকাশ কৰিব পৰাখিনিয়েই হ’ল শব্দ। প্ৰকাশ কৰাখিনিক শক্তি আৰু সচেতনতাৰে অনুভৱ কৰাখিনিয়েই হ’ল ‘নাদ’। ‘আৱেগ’ আৰু ‘অনুভৱ’ৰে সচেতনতাক অনুভৱ কৰি ইয়াক সৃষ্টিশীলতা আৰু স্পৰ্শকাতৰতাৰ সৰ্বোচ্চ পৰ্যায়লৈকে লৈ যাব পৰাটোৱেই হৈছে ‘সংগীত’। শৌৰ্য আৰু মাতৃ চেনেহৰ পৰশৰে সংগীতক অনুভৱ কৰিব পাৰি। ই মানুহক দেশপ্ৰেম আৰু কৰ্তব্যপৰায়ণতাৰ শিখৰ পৰ্যন্ত লৈ যাব পাৰে। সংগীতৰ এই শক্তিক আমি প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰিছিলো লতা দিদিৰ ৰূপত”। এক ব্যক্তিগত প্ৰসংগ উথ্থাপন কৰি তেওঁ কয়, “মোৰ বাবে লতা দিদি ‘সুৰ সম্ৰাজ্ঞী’তো আছিলেই, মোৰ ‘ডাঙৰ বাইদেউ’ও আছিল। লতা দিদিৰ দৰে এগৰাকী ভগ্নীৰ মৰম লাভ কৰাতকৈনো আৰু ডাঙৰ বঁটা কি হ’ব পাৰে, যিগৰাকীয়ে প্ৰজন্মৰ পিচত প্ৰজন্মক চেনেহ আৰু আবেগৰ উপহাৰ প্ৰদান কৰি আহিছে”, তেওঁ কয়।

সাধাৰণতে বঁটা-বাহণ গ্ৰহণ কৰিবলৈ বৰ সহজ অনুভৱ নকৰো বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে “যেতিয়া মংগেশকাৰ পৰিয়ালে লতা দিদিৰ দৰে এগৰাকী জ্যেষ্ঠ ভগ্নীৰ নামত উতসৰ্গিত বঁটা এটাৰ কথাৰে ফোন কৰিলে তেতিয়া ই মৰম আৰু চেনেহৰ প্ৰতীক হৈ উঠিল। এনে পৰিস্থিতিত এই কথা প্ৰত্যাখান কৰাটো মোৰ বাবে অসম্ভৱ হৈ পৰিল। মই সমগ্ৰ দেশবাসীৰ নামত এই বঁটা উচৰ্গা কৰিছো। লতা দিদি যেনেকৈ মানুহৰ মাজত বৰ্তি আছিল, তেওঁৰ নামত মোক প্ৰদান কৰা এই বঁটাটোও মানুহৰ মাজতে বৰ্তি থাকিব”। সংস্কৃতিৰ পৃথিৱীখনলৈ লতা দিদিয়ে আগবঢ়োৱা অসামান্য অৱদানৰ কথা ক’বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে বহুকেইটা ব্যক্তিগত ঘটনাৰ স্মৃতিচাৰণ কৰে। দেশে ‘‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ উদযাপন কৰাৰ মুহূৰ্তত লতা দিদিয়ে তেওঁৰ শাৰিৰীক যাত্ৰাৰ সামৰণি মাৰিছে। স্বাধীনতাৰ আগতেই তেওঁ দেশৰ মাতত পৰিণত হৈছিল, আৰু দেশৰ ৭৫ বছৰীয়া যাত্ৰাকালৰেও তেওঁৰ মাতষাৰ সংপৃক্ত হৈ আছে” বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে।

দেশপ্ৰেমক যাত্ৰাৰ সম্বল কৰা মংগেশকাৰ পৰিয়ালৰ কথাও প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে। তেওঁ কয়, সংগীতৰ লগতে দেশপ্ৰেমৰ সঁফুৰা এটাও লতা দিদিয়ে নিজৰ অভ্যন্তৰত লৈ ফুৰিছিল। ইয়াৰ উত্স আছিল তেওঁৰ পিতৃ। স্বাধীনতা সংগ্ৰামৰ সময়ত বীৰ সাৱৰকাৰে ৰচনা কৰা এটি গীত দীননাথ জীয়ে চিমলাত অনুষ্ঠিত ব্ৰিটিছ ভাইচৰয়ৰ এক অনুষ্ঠানত পৰিৱেশন কৰাৰ প্ৰসংগ প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰা। বীৰ সাৱৰকাৰৰ সেই গীতটোত ব্ৰিটিছ ৰাজত্বক প্ৰত্যাহ্বান জনোৱা হৈছিল। দেশপ্ৰেমৰ এই ধাৰা দীননাথ জীৰ পৰাই উত্তৰাধিকাৰ সূত্ৰে মংগেশকাৰ পৰিয়ালে লাভ কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, “লতাজীয়ে সংগীতক পূজা কৰিছিল, কিন্তু তেওঁৰ গীতৰে দেশপ্ৰেম আৰু ৰাষ্ট্ৰ সেৱা অনুপ্ৰাণিত হৈছিল”।

সংগীতৰ জগতখনত লতা জীৰ অপ্ৰতিদ্বন্দ্বী উপস্থিতিৰ কথা ক’বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয়, “লতা জী যেন এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সাংগিতীক স্বৰূপতহে পৰিণত হৈছিল। লতাজীৰ সুৰে সমগ্ৰ দেশখনকে একতাৰ ডোলৰে বান্ধি ৰাখিছিল। গোলকীয় প্ৰেক্ষাপটতো তেওঁ ভাৰতৰ সাংস্কৃতিক প্ৰতিভূ আছিল”। প্ৰধানমন্ত্ৰীয়ে মংগেশকাৰ পৰিয়ালৰ জনহিতৈশী কাম-কাজসমূহৰ বিষয়েও তেওঁৰ ভাষণত উল্লেখ কৰে।

প্ৰসংগক্ৰমে তেওঁ ‘সকলোৰে সৈতে সকলোৰ বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’ৰ মন্ত্ৰেৰে ভাৰতৰ বিকাশক ত্বৰান্বিত কৰাৰ প্ৰকল্পসমূহ যে ‘বসুধৈব কুটুম্বকম’ৰ দৰ্শনেৰেই সংপৃক্ত সেই কথা পুনৰ বাৰ দোহাৰে। ‘যোগ’ আৰু ‘আয়ুৰ্বেদ’ৰ লগতে ভাৰতীয় সংগীতো পৃথিৱীলৈ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৱদান বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ এই ঐতিহ্যক অমৰ কৰি ৰাখি একে প্ৰমূল্যৰে আগুৱাই নিয়াৰ লগতে ইয়াক বিশ্ব শান্তিৰ মাধ্যম কৰি তোলাৰ বাবে সকলোকে প্ৰয়াস কৰাৰ আহ্বান জনায়।

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen

Media Coverage

UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুন 2026
June 15, 2026

Citizens Celebrate 12 Years of Modi: Building a Saksham Middle Class at Home While Earning Global Respect Abroad