প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডাটা ছ’নিফিকেচনৰ জৰিয়তে লেনদেন কৰা ধনৰ শব্দৰ মাধ্যমেৰে ডিজিটেল পৰিশোধ আৰু ইউপিআইৰ বিষয়টো দাঙি ধৰাৰ বাবে ইণ্ডিয়া ইন পিক্সেলছ(আইআইপি)ক প্ৰশংসা কৰে।
ইণ্ডিয়া ইন পিক্সেলছ(আইআইপি)ৰ এটা টুইটত অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"মই প্ৰায়ে ইউপিআই আৰু ডিজিটেল পৰিশোধ সম্পৰ্কে কৈ আহিছোঁ, কিন্তু আপোনাসৱে এই বিষয়টো কাৰ্যকৰীভাৱে প্ৰকাশ কৰিবলৈ কিদৰে ডাটা ছ’নিফিকেচনৰ জৰিয়তে লেনদেন কৰা ধনৰ শব্দ ব্যৱহাৰ কৰিছে সেয়া দেখি মই সঁচাকৈয়ে ভাল পাইছোঁ।
অতি আকৰ্ষণীয়, চিত্তাকৰ্ষক আৰু স্পষ্টভাৱে তথ্যপূৰ্ণ!"
I’ve spoken about UPI and Digital Payments quite often but I really liked how you’ve used the sound of money transacted through data sonification to effectively convey the point.
— Narendra Modi (@narendramodi) April 13, 2022
Very interesting, impressive and obviously informative! @indiainpixels https://t.co/rpsjejjR9J


