প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিনামূলীয়া বিদ্যুতৰ বাবে ছাঁদৰ ওপৰত সৌৰ আঁচনি - PM Surya Ghar Muft Bijli Yojana (প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি) আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে এক্সত পোষ্ট কৰি লিখিছে:

"অধিক বহনক্ষম উন্নয়ন আৰু জনসাধাৰণৰ মংগলৰ বাবে আমি পি এম সূৰ্য্য ঘৰ: মুফট বিজুলী যোজনা বা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি আৰম্ভ কৰিছো । ৭৫,০০০ কোটি টকাৰো অধিক বিনিয়োগেৰে এই প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰি ১ কোটি পৰিয়ালৰ ঘৰ পোহৰাই তোলা।"

"মানুহৰ বেংক একাউণ্টত পোনপটীয়াকৈ দিয়া হ'বলগীয়া বস্তুনিষ্ঠ ৰাজসাহায্যৰ পৰা আৰম্ভ কৰি যথেষ্ট ৰেহাইমূলক বেংক ঋণলৈকে কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিব যাতে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ খৰচৰ বোজা নাথাকে। সকলো অংশীদাৰক ৰাষ্ট্ৰীয় অনলাইন পৰ্টেলত একত্ৰিত কৰা হ'ব, যিয়ে অধিক সুবিধা প্ৰদান কৰিব।" ."

"তৃণমূল পৰ্যায়ত এই আঁচনিখন জনপ্ৰিয় কৰাৰ উদ্দেশ্যে নগৰীয়া স্থানীয় সংস্থা আৰু পঞ্চায়তসমূহক তেওঁলোকৰ অধিকাৰক্ষেত্ৰত ছাঁদৰ ওপৰত সৌৰ ব্যৱস্থাৰ প্ৰচাৰৰ বাবে আহ্বান জনোৱা হ'ব। একে সময়তে এই আঁচনিৰ জৰিয়তে অধিক আয়, কম বিদ্যুৎৰ বিল আৰু মানুহৰ বাবে কৰ্মসংস্থাপন সৃষ্টি হ'ব।"

"আহক সৌৰশক্তি আৰু বহনক্ষম অগ্ৰগতি বৃদ্ধি কৰোঁ। মই সকলো আৱাসিক গ্ৰাহকক, বিশেষকৈ যুৱক-যুৱতীসকলক আহ্বান জনাইছো যে pmsuryaghar.gov.in ৱেবছাইট ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী - সূৰ্য্য ঘৰ: বিনামূলীয়া বিজুলী যোজনাক শক্তিশালী কৰক"।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুন 2026
June 23, 2026

Holistic Development under the Modi Government: Delivering Positive Transformation Across Every Sector