প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰি কয় যে যুৱক-যুৱতীসকলৰ কল্যাণ আৰু ভৱিষ্যতৰ বাহিৰে আন কোনো বিষয় গুৰুত্বপূৰ্ণ নহয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকসকলৰ বাবে দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ফাষ্ট-ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত লৈছে। শ্ৰী মোদীয়ে কয় যে এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক নিৰ্দেশ দিছে। শ্ৰীমোদীযে লগতে কয় যে এয়া হৈছে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আমি গ্ৰহণ কৰা বিভিন্ন  পদক্ষেপৰ এটা অংশ।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে যিসকলে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ক্ষতি কৰিবলৈ প্ৰয়াস কৰা কোনো লোককে ৰেহাই দিয়া নহ'ব।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰেঃ

"আমাৰ যুৱক-যুৱতীসকলৰ কল্যাণ আৰু ভৱিষ্যততকৈ অধিক গুৰুত্বপূৰ্ণ আন একোৱেই নাই!

আমি প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকসকলৰ বাবে দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ফাষ্ট-ট্ৰেক আদালত স্থাপন কৰাৰ সিদ্ধান্ত লৈছো। এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। এয়া হৈছে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আমি গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ এটা অংশ।

যিসকলে আমাৰ যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ ক্ষতি কৰিবলৈ প্ৰয়াস কৰে তেওঁলোকক কোনো কাৰণতে ৰক্ষা কৰা নহ'ব।

দেশৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থ আৰু তেওঁলোকৰ ভৱিষ্যত আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

প্ৰশ্নকাকত ফাদিল হোৱাৰ সৈতে জড়িত দোষীক অতি সোনকালে কঠোৰ শাস্তি প্ৰদানৰ উদ্দেশ্যে গোচৰটোৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা হ’ব। এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে।

শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ শৃংখলাৰ এয়া এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে খেলা কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
But where is India’s economic growth?

Media Coverage

But where is India’s economic growth?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."