ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা

ত্ৰিপুৰাৰ কুমাৰঘাটত উল্টা ৰথ যাত্ৰাৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ভুক্তভোগীসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা অনুদান ঘোষণা কৰিছে।

পিএমঅ'ৰ টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"কুমাৰঘাটত উল্টা ৰথ যাত্ৰাৰ সময়ত সংঘটিত দুৰ্ঘটনাটো অতি দুখজনক। যিসকলে এই দুৰ্ঘটনাত তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হৈ উঠক। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক যথাসম্ভৱ সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী"।

"পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক দিয়া হ'ব আৰু ত্ৰিপুৰাত সংঘটিত দুৰ্ঘটনাত আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা হ'বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 জুলাই 2026
July 25, 2026

Make in India Goes Global: How PM Modi’s Vision is Turning Trust into Trade & Investment