ভাৰত - কাটাৰ যুটীয়া বিবৃতি

Published By : Admin | February 18, 2025 | 20:17 IST

ভাৰতৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে কাটাৰৰ মহামান্য আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানিয়ে ১৭ আৰু ১৮ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰত ভ্ৰমণ কৰে। মহামহিম আমিৰৰ সৈতে দেশখনৰ মন্ত্ৰী, বিষয়া আৰু ব্যৱসায়িক নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলেও ভাৰতত পদাৰ্পণ কৰেহি। মহামহিম আমিৰৰ ভাৰতলৈ এয়া দ্বিতীয়টো আনুষ্ঠানিক ভ্ৰমণ আছিল।

মহামহিম আমিৰক ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপাদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিক অভিবাদন জ্ঞাপন কৰে। মাননীয় ৰাষ্ট্ৰপতিয়ে আমিৰ আৰু তেওঁৰ সংগী প্ৰতিনিধিদলটোৰ সন্মানত এক ভোজমেলৰো আয়োজন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ফেব্ৰুৱাৰীত হায়দৰাবাদ হাউছত মহামান্য আমিৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ঐতিহাসিক বাণিজ্যিক সম্পৰ্ক, জনসাধাৰণৰ মাজৰ গভীৰ সম্পৰ্ক আৰু দুয়োখন দেশৰ মাজৰ প্ৰগাঢ় দ্বিপাক্ষিক সম্পৰ্কৰ কথা স্মৰণ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজৰ বহুমুখী সম্পৰ্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ কৰাৰ আকাংক্ষা ব্যক্ত কৰে। এই সন্দৰ্ভত তেওঁলোকে দুয়োপক্ষৰ মাজত 'দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব স্থাপনৰ চুক্তি' স্বাক্ষৰিত কৰি আনন্দ প্ৰকাশ কৰে। নতুনকৈ স্থাপিত কৌশলগত অংশীদাৰিত্বৰ পৰিপ্ৰেক্ষিতত দুয়োপক্ষই ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, সুৰক্ষা, শক্তি, সংস্কৃতি, শিক্ষা, প্ৰযুক্তি, উদ্ভাৱন, স্থিৰতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি সকলো ক্ষেত্ৰতে নিয়মীয়া আৰু সংগঠিত সহযোগিতাৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। এই সন্দৰ্ভত দুয়োপক্ষই সংশোধিত দ্বৈত কৰ পৰিহাৰ চুক্তি স্বাক্ষৰিত কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে ভাৰত-কাটাৰ দ্বিপাক্ষিক বিনিয়োগ চুক্তি সন্দৰ্ভত আলোচনা ত্বৰান্বিত কৰিবলৈয়ো সন্মত হয়। দুয়োপক্ষই সন্তোষৰ সৈতে উল্লেখ কৰে যে বিভিন্ন পৰ্যায়ত নিয়মীয়া বাৰ্তালাপে বহুমুখী দ্বিপাক্ষিক সহযোগিতাক গতি প্ৰদান কৰাত সহায় কৰিছে। তেওঁলোকে ২০১৫ চনৰ মাৰ্চ মাহত মহামহিম আমিৰৰ ভাৰত ভ্ৰমণ আৰু ২০১৬ চনৰ জুন আৰু ২০২৪ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ কাটাৰ ভ্ৰমণৰ কথা স্মৰণ কৰে। দুয়োপক্ষই মন্ত্ৰী আৰু জ্যেষ্ঠ-বিষয়া পৰ্যায়ত নিয়মীয়া দ্বিপাক্ষিক প্ৰণালীৰ জৰিয়তে উচ্চ পৰ্যায়ৰ বিনিময় অব্যাহত ৰাখিবলৈ সন্মত হয়।

 

দুয়োপক্ষই উল্লেখ কৰে যে ব্যৱসায় আৰু বাণিজ্য দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ এক শক্তিশালী স্তম্ভ হৈ আহিছে আৰু দ্বিপাক্ষিক বাণিজ্যত অধিক বিকাশ আৰু বৈচিত্ৰতাৰ সম্ভাৱনাত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত বিদ্যমান যুটীয়া কাৰ্যকৰী গোটক ব্যৱসায় আৰু বাণিজ্যৰ যুটীয়া আয়োগলৈ উন্নীত কৰোতে আদৰণি জনায়। যুটীয়া আয়োগখন দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা আৰু নিৰীক্ষণৰ বাবে এক প্ৰতিষ্ঠানগত প্ৰণালী হ'ব আৰু ইয়াৰ নেতৃত্ব দুয়ো পক্ষৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীসকলে কৰিব।

দুয়োপক্ষই তেওঁলোকৰ ব্যৱসায়িক আৰু উদ্যোগ সংস্থাসমূহৰ মাজত সহযোগিতা প্ৰগাঢ় কৰাত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত, তেওঁলোকে ১৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে যুটীয়া ব্যৱসায় পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্তক আদৰণি জনায়।

দুয়োপক্ষই দুয়োখন দেশৰ মাজত বৰ্ধিত আৰু বৈচিত্ৰ্যপূৰ্ণ বাণিজ্যৰ ৰণনীতি অন্বেষণ কৰাৰ প্ৰয়োজনীয়তা আৰু সামগ্ৰী আৰু সেৱাৰ বাণিজ্য সম্পৰ্কীয় বজাৰৰ প্ৰাথমিকতাপূৰ্ণ প্ৰৱেশাধিকাৰৰ সন্দৰ্ভত আলোচনা কৰাৰ প্ৰয়োজনীয়তাত সহমত প্ৰকাশ কৰে। এই ক্ষেত্ৰত দুয়োপক্ষই দ্বিপাক্ষিক ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিত প্ৰৱেশ কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সন্মত হয়। দুয়োপক্ষই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

কাটাৰ আৰু ভাৰতৰ এক শক্তিশালী কৌশলগত সম্পৰ্ক আছে আৰু ভাৰতীয় অৰ্থনীতি দ্ৰুতগতিত বিকশিত অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম হোৱাৰ বাবে ভাৰতৰ পক্ষই কাটাৰ বিনিয়োগ কৰ্তৃপক্ষ (কিউআইএ)ৰ ভাৰতত এটা কাৰ্যালয় খোলাৰ সিদ্ধান্তক আদৰণি জনায়। দুয়োপক্ষই ২০২৪ চনৰ জুন মাহত বিনিয়োগৰ ক্ষেত্ৰত যুটীয়া কৰ্ম বাহিনী গঠনৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বাবে সন্তুষ্টি ব্যক্ত কৰে, য'ত ভাৰতত বিনিয়োগৰ বিভিন্ন পথসমূহৰ বিষয়ে আলোচনা কৰা হয়।

কাটাৰ পক্ষই প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে আৰু আন্তঃগাঁথনি, প্ৰযুক্তি, উৎপাদন, খাদ্য সুৰক্ষা, লজিষ্টিক, আতিথ্য আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। এই ক্ষেত্ৰত কাটাৰ পক্ষই ভাৰতত ১০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে। ভাৰতীয় পক্ষই ইয়াৰ বিনিয়োগৰ পৰিৱেশ বৃদ্ধিৰ ক্ষেত্ৰত কাটাৰৰ প্ৰচেষ্টা আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে ইয়াৰ পদক্ষেপক প্ৰশংসা কৰে। ভাৰতে সামগ্ৰী আৰু সেৱাৰ বাবে এক আঞ্চলিক কেন্দ্ৰ হিচাপে কাটাৰৰ বৰ্ধিত ভূমিকাক স্বীকৃতি দিয়ে, ইয়াৰ কৌশলগত অৱস্থান, বিশ্বমানৰ আন্তঃগাঁথনি আৰু ব্যৱসায়-অনুকূল নীতিৰ সুবিধা গ্ৰহণ কৰে। দুয়োপক্ষই বিনিয়োগ আৰু বাণিজ্য সম্প্ৰসাৰণৰ বাবে নতুন সুযোগ অন্বেষণৰ বাবে বিনিয়োগ কৰ্তৃপক্ষ, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যৱসায়ীক সংস্থাসমূহৰ মাজত সহযোগিতা গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে।

 

দুয়োপক্ষই তেওঁলোকৰ নিজ নিজ আইন আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ব্যৱস্থা অনুসৰি দুয়োখন দেশৰ মাজত পাৰস্পৰিক ভাৱে লাভজনক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা সম্প্ৰসাৰিত আৰু গভীৰ কৰিব। তেওঁলোকে বাণিজ্যৰ স্থিৰতাপূৰ্ণ বিকাশ আৰু বৈচিত্ৰতা প্ৰাপ্ত কৰাৰ বাবে সহযোগিতা কৰিব, বিনিময় কৰা সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব, আৰু এক প্ৰণালীবদ্ধ আৰু দীৰ্ঘম্যাদী ভিত্তিত পাৰস্পৰিক সেৱা প্ৰদান কৰিব। ইয়াৰ উপৰিও, তেওঁলোকে দুয়োখন দেশৰ মাজত যৌথ প্ৰকল্প স্থাপনৰ বাবে ব্যক্তিগত খণ্ডক আকৰ্ষিত আৰু উৎসাহিত কৰাৰ ব্যৱস্থা ৰূপায়ণ কৰিব। এই সন্দৰ্ভত দুয়োপক্ষই ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীত দুয়োখন দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীসকলৰ দ্বাৰা উদ্বোধন কৰা যুটীয়া ব্যৱসায় মঞ্চৰ আহ্বানক আদৰণি জনায়।

অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি দুয়োপক্ষই বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি আৰু বৈচিত্ৰতা আৰু বিনিয়োগৰ সুবিধাৰ বাবে এক কৌশলগত মঞ্চ হিচাপে বাণিজ্য প্ৰদৰ্শনীত গুৰুত্ব আৰোপ কৰে। এই উদ্দেশ্যসমূহৰ অনুসৰণত, দুয়োপক্ষই তেওঁলোকৰ ৰপ্তানি উত্সাহ প্ৰদানকাৰী সংস্থাসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰিব যাতে উদ্যোগসমূহক সুযোগ চিনাক্ত কৰা, বজাৰৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীত অংশগ্ৰহণ বৃদ্ধি কৰাত সহায় কৰিব পৰা যায়। এই পদক্ষেপে দুয়োখন দেশৰ ব্যৱসায়ক তেওঁলোকৰ সমূহৰ প্ৰদৰ্শন, যৌথ উদ্যোগ অন্বেষণ আৰু বহনক্ষম বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম কৰিব।

দুয়োপক্ষই কাটাৰত ‘কিউএনবি’-ৰ বিক্ৰী কেন্দ্ৰত ভাৰতৰ ‘ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ’ (ইউপিআই) কাৰ্যকৰীকৰণক আদৰণি জনায় আৰু কাটাৰত ‘ইউপিআই’ গ্ৰহণযোগ্যতাৰ দেশজুৰি ৰূপায়ণ কাৰ্যকৰী কৰাৰ বাবে আশা ব্যক্ত কৰে। তেওঁলোকে সংশ্লিষ্ট মুদ্ৰাত দ্বিপাক্ষিক বাণিজ্যৰ মীমাংসা কৰিবলৈ সন্মত হয়। কিউএনবি-ৰ সম্প্ৰসাৰণক ভাৰতত ‘গিফ্ট চিটী’ত এটা কাৰ্যালয় স্থাপনৰ জৰিয়তে আদৰণি জনোৱা হয়। দুয়োপক্ষই শক্তি আন্তঃগাঁথনিৰ ক্ষেত্ৰত বাণিজ্য আৰু পাৰস্পৰিক বিনিয়োগৰ প্ৰচাৰ আৰু শক্তিৰ সন্দৰ্ভত যুটীয়া কৰ্মবাহিনী গঠনকে আৰু দুয়োপক্ষৰ সংশ্লিষ্ট অংশীদাৰসকলৰ নিয়মীয়া বৈঠককে ধৰি দ্বিপাক্ষিক শক্তি সহযোগিতা অধিক বৃদ্ধিৰ বাবে কাম কৰিব। দুয়োগৰাকী নেতাই সীমান্তপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে আৰু দ্বিপাক্ষিক আৰু বহুপাক্ষিক প্ৰণালীৰ জৰিয়তে এই বিপদৰ মোকাবিলা কৰাত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়। তেওঁলোকে তথ্য আৰু চোৰাংচোৱা আদান-প্ৰদান, অভিজ্ঞতা বিকাশ আৰু আদান-প্ৰদান, সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু প্ৰযুক্তি, ক্ষমতা নিৰ্মাণ আৰু আইন প্ৰৱৰ্তন, ‘মানী লণ্ডাৰিং’ বিৰোধী, ড্ৰাগছ সৰবৰাহ, চাইবাৰ ক্ৰাইম আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অপৰাধ প্ৰতিৰোধ কৰাত সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হয়।

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বাবে ‘চাইবাৰস্পেচ’ৰ ব্যৱহাৰ প্ৰতিৰোধ, উগ্ৰবাদ আৰু সামাজিক সম্প্ৰীতি বিঘ্নিত কৰাকে দৰি চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ পথ আৰু মাধ্যমৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে নিৰাপত্তা আৰু আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত যুটীয়া সমিতিৰ নিয়মীয়া বৈঠক অনুষ্ঠিত কৰাতো গুৰুত্ব আৰোপ কৰে।

দুয়োপক্ষই স্বাস্থ্য সহযোগিতাক দ্বিপাক্ষিক সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকাৰ কৰে আৰু এই গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। দুয়োপক্ষই স্বাস্থ্যৰ ক্ষেত্ৰত যুটীয়া কাৰ্যকৰী গোটকে ধৰি ক’ভিড-১৯ মহামাৰীৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ প্ৰশংসা কৰে। ভাৰতীয় পক্ষই কাটাৰলৈ ভাৰতীয় ফাৰ্মাচিউটিকেল সামগ্ৰী আৰু চিকিৎসা সঁজুলিৰ ৰপ্তানি বৃদ্ধিত আগ্ৰহ প্ৰকাশ কৰিছে। দুয়োপক্ষই ৰাষ্ট্ৰীয় কোম্পানী আৰু ফাৰ্মাচিউটিকেল সামগ্ৰীৰ পঞ্জীয়নক সুবিধা প্ৰদানৰ ইচ্ছা প্ৰকাশ কৰে।

 

দুয়োপক্ষই উদীয়মান প্ৰযুক্তি, ষ্টাৰ্টআপ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত গভীৰ সহযোগিতা আগবঢ়োৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকে ‘ডিজিটেল খণ্ড’ত ‘ই-গভৰ্ণেন্স’ প্ৰৱৰ্তন কৰা আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহৰ সহভাগ কৰাৰ পথৰ বিষয়ে আলোচনা কৰে। দুয়োপক্ষই ২০২৪-২৫ চনত কাটাৰৰ দোহাত অনুষ্ঠিত ‘ৱে’ব সন্মিলন’ত ভাৰতীয় ষ্টাৰ্টআপৰ অংশগ্ৰহণক আদৰণি জনায়। খাদ্য সুৰক্ষা আৰু যোগান শৃংখলাৰ সুৰক্ষাত দুয়োপক্ষই গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকে এই ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিবলৈ সন্মত হয়। দুয়োপক্ষই সাংস্কৃতিক আদান-প্ৰদান অনুষ্ঠানত অংশগ্ৰহণৰ আৰু দুয়োখন দেশৰ সাংস্কৃতিক প্ৰতিষ্ঠানসমূহৰ মাজত কাৰ্যকৰী অংশীদাৰিত্বক সমৰ্থন কৰাৰ জৰিয়তে সাংস্কৃতিক সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে পাৰস্পৰিক বিনিময় আৰু খেলুৱৈসকলৰ ভ্ৰমণ, কৰ্মশালা, আলোচনাচক্ৰ আৰু সন্মিলন আয়োজন, দুয়োখন দেশৰ মাজত ক্ৰীড়া প্ৰকাশনৰ আদান-প্ৰদানকে ধৰি ক্ৰীড়া ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়। এই সন্দৰ্ভত অদূৰ ভৱিষ্যতে ভাৰত-কাটাৰ সংস্কৃতি, বন্ধুত্ব আৰু ক্ৰীড়া বৰ্ষ উদযাপনৰ সিদ্ধান্তক দুয়োপক্ষই আদৰণি জনায়।

দুয়োপক্ষই দুয়োখন দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত প্ৰতিষ্ঠানগত সম্পৰ্ক আৰু আদান-প্ৰদান শক্তিশালী কৰাকে ধৰি সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলি উল্লেখ কৰে। তেওঁলোকে শৈক্ষিক বিনিময়, যুটীয়া গৱেষণা, শিক্ষাৰ্থী আৰু বিশেষজ্ঞ শিক্ষক বিনিময় আৰু দুয়োখন দেশৰ বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ সহযোগিতাৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহৰ মাজত বৰ্ধিত বাৰ্তালাপতো গুৰুত্ব আৰোপ কৰে।

জনসাধাৰণৰ মাজৰ শতিকা পুৰণি সম্পৰ্ক ঐতিহাসিক ভাৰত-কাটাৰ সম্পৰ্কৰ এক মৌলিক স্তম্ভক প্ৰতিনিধিত্ব কৰিছে বুলি দুয়োপক্ষই স্বীকাৰ কৰে। কাটাৰ-নেতৃত্বই কাটাৰত ভাৰতীয় সম্প্ৰদায়ে তেওঁলোকৰ আয়োজক দেশৰ প্ৰগতি আৰু বিকাশৰ বাবে আগবঢ়োৱা ভূমিকা আৰু অৱদানৰ বাবে গভীৰ প্ৰশংসা প্ৰকাশ কৰি উল্লেখ কৰে যে কাটাৰত ভাৰতীয় নাগৰিকসকলক তেওঁলোকৰ শান্তিপূৰ্ণ আৰু কঠোৰ পৰিশ্ৰমী প্ৰকৃতিৰ বাবে যথেষ্ট সন্মান কৰা হয়। কাটাৰৰ এই বৃহৎ আৰু প্ৰাণৱন্ত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণ আৰু সুন্দৰ জীৱন নিশ্চিত কৰাৰ বাবে ভাৰতীয় পক্ষই কাটাৰৰ নেতৃত্বক গভীৰ প্ৰশংসা কৰে। কাটাৰৰ পক্ষই কাটাৰী নাগৰিকসকলক ভাৰতৰ দ্বাৰা ই-ভিছা সুবিধা সম্প্ৰসাৰণৰ সিদ্ধান্তক আদৰণি জনায়।

দুয়োপক্ষই জনশক্তিৰ গতিশীলতা আৰু মানৱ সম্পদৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া আৰু ঐতিহাসিক সহযোগিতাৰ গভীৰতা আৰু গুৰুত্বত গুৰুত্ব আৰোপ কৰে। প্ৰবাসী, জনশক্তিৰ গতিশীলতা, মৰ্যাদা, সুৰক্ষা আৰু শ্ৰমিকসকলৰ কল্যাণ আৰু পাৰস্পৰিক স্বাৰ্থ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে সম্পৰ্কিত সমস্যা সমাধানৰ বাবে শ্ৰমিক আৰু নিযুক্তি সম্পৰ্কীয় যুটীয়া কাৰ্যকৰী গোটৰ নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ দুয়োপক্ষই সন্মত হয়।

দুয়োপক্ষই মধ্যপ্ৰাচ্যৰ নিৰাপত্তা সম্পৰ্কীয় পৰিস্থিতিকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ গুৰুত্বত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপাক্ষিক মণ্ডলীত দুয়োপক্ষৰ মাজত উৎকৃষ্ট সমন্বয়ৰ প্ৰশংসা কৰে। ভাৰতীয় পক্ষই বৰ্ধিত ‘ভাৰত-জিচিচি সহযোগিতা’ৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে আৰু কাটাৰৰ অধ্যক্ষতাত ৯ ছেপ্টেম্বৰ ২০২৪ তাৰিখে ৰিয়াধত অনুষ্ঠিত বৈদেশিক মন্ত্ৰীৰ পৰ্যায়ত কৌশলগত আলোচনাৰ বাবে ‘ভাৰত-জিচিচি যুটীয়া মন্ত্ৰীপৰ্যায়ৰ সভাৰ উদ্বোধনী বৈঠকত সহায় কৰাৰ বাবে কাটাৰী পক্ষক ধন্যবাদ জ্ঞাপন কৰে। দুয়োপক্ষই কৌশলগত আলোচনাৰ বাবে ভাৰত-জিচিচি-ৰ যুটীয়া মন্ত্ৰীসভাৰ ফলাফলক আদৰণি জনায়। কাটাৰৰ পক্ষই শেহতীয়াকৈ গৃহীত যুটীয়া কাৰ্য পৰিকল্পনাৰ অধীনত ভাৰত-জিচিচি সহযোগিতা গভীৰ কৰাৰ বাবে সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।

বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ এক মুখ্য কাৰক হিচাপে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই এক সংস্কাৰিত আৰু কাৰ্যকৰী বহুপাক্ষিক ব্যৱস্থাত গুৰুত্ব আৰোপ কৰে, যি হৈছে সমসাময়িক বাস্তৱতাৰ প্ৰতিফলনত কেন্দ্ৰীভূত এক ৰাষ্ট্ৰসংঘৰ প্ৰতিফলন। দুয়োপক্ষই নিৰাপত্তা পৰিষদকে ধৰি ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই ৰাষ্ট্ৰসংঘ, ইয়াৰ বিশেষ সংস্থা আৰু কাৰ্যসূচীৰ পৰিকাঠামোৰ ভিতৰত সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে অংশীদাৰী গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ ‘বহনক্ষম উন্নয়ন লক্ষ্য’ (এছডিজি)ৰ প্ৰাপ্তিৰ বাবে কাৰিকৰী সহযোগিতাত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই বহুপাক্ষিক মঞ্চসমূহত পৰস্পৰে পৰস্পৰৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰাকে ধৰি ৰাষ্ট্ৰসংঘত ঘনিষ্ঠ সহযোগিতা আৰু পৰস্পৰক সমৰ্থন কৰিবলৈ সন্মত হয়।

এই ভ্ৰমণৰ সময়ত নিম্নলিখিত নথিপত্ৰসমূহ স্বাক্ষৰ/বিনিময় কৰা হয়, যাৰ ফলত বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ হোৱাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহৰ বাবে পথ মুকলি হ'ব:

 

• দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব স্থাপনৰ সম্পৰ্কীয়  চুক্তি

• আয়ৰ ওপৰত কৰ আৰু ইয়াৰ প্ৰটোকলৰ সন্দৰ্ভত দ্বৈত কৰ পৰিহাৰ আৰু বিত্তীয় ফাঁকি প্ৰতিৰোধৰ বাবে সংশোধিত চুক্তি

• বিত্তীয় আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত কাটাৰৰ বিত্ত মন্ত্ৰালয় আৰু ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ মাজত  বুজাবুজিচুক্তি

• যুৱ আৰু ক্ৰীড়া ক্ষেত্ৰত সহযোগিতাৰ সম্পৰ্কীয় বুজাবুজিচুক্তি

• নথিপত্ৰ আৰু আৰ্কাইভৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি

• ইনভেষ্ট ইণ্ডিয়া আৰু ইনভেষ্ট কাটাৰৰ মাজত বুজাবুজিচুক্তি

• ভাৰতীয় উদ্যোগ পৰিষদ আৰু কাটাৰী ব্যৱসায়ী সংস্থাৰ মাজত  বুজাবুজিচুক্তি

 

মহামহিম আমিৰে তেওঁৰ লগতে তেওঁৰ প্ৰতিনিধিদলক প্ৰদান কৰা উষ্ম আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আৰু ধন্যবাদ জ্ঞাপন কৰে। এই ভ্ৰমণে ভাৰত আৰু কাটাৰৰ মাজৰ বন্ধুত্ব আৰু সহযোগিতাৰ শক্তিশালী বন্ধনক পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে আশা ব্যক্ত কৰে যে এই নৱীকৰণ অংশীদাৰিত্ব বৃদ্ধি হৈ থাকিব, দুয়োখন দেশৰ জনসাধাৰণ উপকৃত হ'ব আৰু আঞ্চলিক আৰু গোলকীয় স্থিৰতাত অৰিহণা যোগাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi vows stronger India-Malaysia ties in strategic pivot; says ‘no compromise’ on terrorism

Media Coverage

PM Modi vows stronger India-Malaysia ties in strategic pivot; says ‘no compromise’ on terrorism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the limitless potential of students and the spirit of ‘Pariksha Pe Charcha’
February 09, 2026

The Prime Minister, Shri Narendra Modi said that our students are endowed with extraordinary talent and possess the complete potential to turn their dreams into reality. He noted that the objective of Pariksha Pe Charcha is to guide students on how to meaningfully use their abilities and skills for personal growth and success.

The Prime Minister shared a Sanskrit Subhashitam on the occasion-

“विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया। यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते॥”

The Subhashitam conveys that a person who possesses knowledge, logic, science, memory, promptness and activity can overcome any challenge, and nothing is impossible for such an individual.

The Prime Minister wrote on X;

“अद्भुत प्रतिभा के धनी हमारे विद्यार्थियों में अपने सपनों को सच करने की पूरी क्षमता है। 'परीक्षा पे चर्चा' का उद्देश्य भी यही है कि कैसे वे अपनी प्रतिभा और कौशल का सार्थक इस्तेमाल कर सकते हैं।

विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया।

यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते॥”