মহামহিম প্ৰধানমন্ত্ৰী ড. নবীনচন্দ্ৰ ৰামগুলাম জী,
দুয়োখন দেশৰ অভ্য়াগতবৃন্দ,
সাংবাদিক বন্ধুসকল,
নমস্কাৰ, বঞ্জোৰ!

১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
 

বন্ধুসকল,
ভাৰত আৰু মৰিচাছৰ মাজৰ বান্ধোন ভাৰত মহাসাগৰতেই সীমিত নহয়, সেই বান্ধোন বা সম্পৰ্কে আমাৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা, আৰু মূল্যবোধৰ মাজত শিপাই আছে। আমি দুয়োখন দেশ অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ ক্ষেত্ৰত অংশীদাৰ। প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাই হওক বা ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানসমূহ ওফৰাই পেলোৱাৰ ক্ষেত্ৰতেই হওক, আমি ধাৰাবাহিকভাৱে ইজনে সিজনক সমৰ্থন কৰি আহিছো। নিৰাপত্তা আৰু শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা আৰু মহাকাশলৈকে আমি প্ৰতিটো খণ্ডতে সহযোগিতাৰে কাম কৰিছো। বিগত এটা দশকত আমি আমাৰ এই সহযোগিতাৰ পৰিসৰ বৃদ্ধি কৰিছো, উন্নয়নমূলক ক্ষেত্ৰত সহায় আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছো।

মৰিচাছত যাতায়াতৰ ক্ষেত্ৰত সুচলতা আনিব মেট্ৰ’ এক্সপ্ৰেছে,

ন্যায় ব্যৱস্থাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ভৱন,

আৰামদায়ক জীৱন-যাপনৰ বাবে সামাজিক গৃহ নিৰ্মাণ,

সুস্বাস্থ্যৰ বাবে ই এন টি হাস্পতাল,

বাণিজ্য আৰু পৰ্যটন বৃদ্ধিৰ বাবে ইউপিআই আৰু ৰুপে কাৰ্ড;

সুলভ আৰু মানসম্পন্ন ঔষধৰ বাবে জন ঔষধি কেন্দ্ৰ,

আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যথেষ্ট পৰিমাণৰ জনকেন্দ্ৰিক পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰিছো। আগালেগাত উন্নত যোগাযোগ ব্যৱস্থাৰ যোগেদি ঘূৰ্ণীবতাহ চিডোৰ দ্বাৰা প্ৰভাৱিত লোকসকলক মানৱীয় সাহায্য দ্ৰুতভাৱে প্ৰদান কৰাটো নিশ্চিত কৰা হৈছিল, যাৰ ফলত এই প্ৰক্ৰিয়াত বহু লোকৰ জীৱন ৰক্ষা পৰিছিল। শেহতীয়াকৈ আমি বিশটা সমুদায় উন্নয়ন প্ৰকল্পৰ সমান্তৰালভাৱে কেপ মালহেউৰেক্স এৰিয়া স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰিলোঁ। অদূৰ ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ সৈতে "অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচন" উদ্বোধন কৰি আনুষ্ঠানিকভাৱে মৰিচাছক গতাই দিয়াৰ যো-জা কৰিছো।

 

বন্ধুসকল,
আজি প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম আৰু মই ভাৰত-মৰিচাছৰ অংশীদাৰিত্বক "বৰ্ধিত কৌশলগত অংশীদাৰিত্ব"লৈ উন্নীত কৰিবলৈ সন্মত হৈছো। ইয়াৰ অংশ হিচাপে আমি সিদ্ধান্ত লৈছো যে ভাৰতে মৰিচাছৰ সৈতে সহযোগিতা কৰি নতুন সংসদ ভৱন নিৰ্মাণ কৰিব, যিটো হ’ব গণতন্ত্ৰৰ মাতৃৰ উপহাৰ। ইয়াৰ উপৰিও আমি মৰিচাছত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পানীৰ পাইপলাইন আধুনিকীকৰণৰ বাবে একেলগে কাম কৰিম, যাৰ ফলত আমাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ সামূহিক উন্নয়ন প্ৰকল্পত ৫০০ মিলিয়ন মৰিচাছ টকাৰ নতুন পদক্ষেপ আৰম্ভ কৰা হ’ব। অহা পাঁচ বছৰত মৰিচাছৰ ৫০০ অসামৰিক সেৱাৰ কৰ্মচাৰীয়ে ভাৰতত প্ৰশিক্ষণ লাভ কৰিব। তদুপৰি আমি স্থানীয় মুদ্ৰাত পাৰস্পৰিক বাণিজ্য নিষ্পত্তি কৰাৰ বাবে চুক্তিত উপনীত হৈছো, যাৰ ফলত আমাৰ অৰ্থনৈতিক সহযোগিতা আৰু অধিক বৃদ্ধি পাইছে।

বন্ধুসকল,
প্ৰতিৰক্ষা সহযোগিতা আৰু সামুদ্ৰিক সুৰক্ষা আমাৰ কৌশলগত অংশীদাৰিত্বৰ অপৰিহাৰ্য স্তম্ভ বুলি প্ৰধানমন্ত্ৰী আৰু মই সম্পূৰ্ণ একমত। মুক্ত, সুৰক্ষিত, আৰু নিৰাপদ ভাৰত মহাসাগৰ নিশ্চিত কৰাটো দুয়োখন দেশৰ বাবে এক উমৈহতীয়া অগ্ৰাধিকাৰযোগ্য বিষয়। মৰিচাছৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ নিৰাপত্তা ৰক্ষাৰ বাবে আমি আমাৰ সম্পূৰ্ণ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো। ইয়াৰ বাবে আমি ক’ষ্ট গাৰ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াম।

ভাৰতে মৰিচাছত আৰক্ষী একাডেমী আৰু ৰাষ্ট্ৰীয় সামুদ্ৰিক তথ্য বিনিময় কেন্দ্ৰ স্থাপনতো সহায় কৰিব। শ্বেত জাহাজ, নীলা অৰ্থনীতি, আৰু হাইড্ৰ’গ্ৰাফীত সহযোগিতা আৰু অধিক শক্তিশালী কৰা হ’ব।
 

চাগোছ দ্বীপপুঞ্জৰ ওপৰত মৰিচাছৰ সাৰ্বভৌমত্বক আমি সন্মান কৰো। কলম্বো ছিকিউৰিটি কনক্লেভ, ইণ্ডিয়ান অ’চেন ৰিম এছ’চিয়েশ্যন, ভাৰত মহাসাগৰ সন্মিলনৰ দৰে আঞ্চলিক মঞ্চৰ জৰিয়তে আমাৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে ভাৰতে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

বন্ধুসকল,
মানুহৰ মাজৰ সম্পৰ্কই আমাৰ অংশীদাৰিত্বৰ বাবে এক শক্তিশালী ভেটি হিচাপে কাম কৰে। ডিজিটেল স্বাস্থ্য, আয়ুষ কেন্দ্ৰ, বিদ্যালয় শিক্ষা, দক্ষতা বিকাশ, আৰু গতিশীলতাৰ দৰে ক্ষেত্ৰত আমাৰ সহযোগিতাও সম্প্ৰসাৰিত হ’ব। আমি মানৱতাৰ উন্নতিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ লাভ উঠাবলৈ একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

মৰিচাছৰ জনসাধাৰণৰ বাবে ভাৰতত চৰ ধাম যাত্ৰা আৰু ৰামায়ণ ট্ৰায়েলৰ বাবে সুবিধা প্ৰদান কৰা হ’ব। গিৰমতীয়া ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰতো গুৰুত্ব দিয়া হ’ব।
 

বন্ধুসকল,

গ্ল’বেল চাউথেই হওক, ভাৰত মহাসাগৰেই হওক বা আফ্ৰিকান মহাদেশেই হওক, মৰিচাছ আমাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। দহ বছৰৰ আগতে ইয়াত মৰিচাছত ভিজন সাগৰৰ ভেটি স্থাপন কৰা হৈছিল, যাৰ অৰ্থ হৈছে "অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু বৃদ্ধি"।

এই ভেটিৰ ওপৰত নিৰ্মাণ কৰি আজি মই গ্ল'বেল চাউথৰ বাবে আমাৰ বিস্তাৰিত দৃষ্টিভংগীৰ অংশীদাৰ হ'বলৈ পাই গৌৰৱান্বিত হৈছো—সাগৰৰ বাহিৰেও ই হ'ব মহাসাগৰ, যাৰ অৰ্থ হ'ল "অঞ্চলৰ মাজেৰে নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক আৰু সামগ্ৰিক অগ্ৰগতি"। এই দৃষ্টিভংগীয়ে উন্নয়নৰ বাবে বাণিজ্য, বহনক্ষম বিকাশৰ বাবে সামৰ্থ্য উন্নয়ন, আৰু উমৈহতীয়া ভৱিষ্যতৰ বাবে পাৰস্পৰিক নিৰাপত্তাৰ নীতিসমূহ সামৰি ল’ব। মহাসাগৰৰ অধীনত আমি সামূহিক অগ্ৰগতিৰ পোষকতা কৰিবলৈ প্ৰযুক্তিৰ ভাগ-বতৰা, ৰেহাইমূলক ঋণ, আৰু অনুদানৰ জৰিয়তে আমাৰ সহযোগিতা শক্তিশালী কৰিম।

মহামহিম,

ইয়াত মোক উষ্ম আদৰণি জনোৱাৰ বাবে আকৌ এবাৰ আপোনালোকলৈ, আৰু মৰিচাছৰ জনসাধাৰণলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভাৰত ভ্ৰমণৰ বাবে আপোনালোকক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছো। আপোনালোকক ভাৰতলৈ আদৰিবলৈ আমিও আগ্ৰহেৰে অপেক্ষা কৰিম।

আটাইকে অশেষ ধন্যবাদ!
 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Have to isolate dimaagi Naxals’: PM Modi in Independence Day speech from Red Fort

Media Coverage

‘Have to isolate dimaagi Naxals’: PM Modi in Independence Day speech from Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the start of the Parsi New Year
August 15, 2026

Prime Minister Shri Narendra Modi today extended his greetings on the start of the Parsi New Year. He noted that the Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways.

In a post on X, the Prime Minister wrote:

"Greetings on the start of the Parsi New Year. The Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways. May the year ahead be filled with peace, joy, prosperity and good health for everyone.

Navroz Mubarak!"