মহামহিম, মোৰ বন্ধু ৰাষ্ট্ৰপতি সোলিহ,

দুয়োটা প্ৰতিনিধিদলৰ সদস্যসকল,

সংবাদ মাধ্যমৰ প্ৰতিনিধিবৰ্গ,

নমস্কাৰ!

সৰ্ব প্ৰথমে মই মোৰ মিত্ৰ ৰাষ্ট্ৰপতি সোলিহ আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধিবৰ্গক আদৰণি জনাইছো। শেহতীয়া বছৰচেৰেকত ভাৰত আৰু মালদ্বীপৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত নতুন উদ্দীপনাৰ সৃষ্টি হৈছে, আমাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পিচতো আমাৰ সহযোগিতাই এক ব্যাপক অংশীদাৰিত্বৰ ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়িছে।

বন্ধুসকল,

আজি ৰাষ্ট্ৰপতি সোলিহৰ সৈতে মই বহুকেইটা বিষয় সন্দৰ্ভত বহলাই আলোচনা কৰিছো। আমি আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশৰ সমীক্ষা কৰিছো, আৰু গুৰুত্বপূৰ্ণ আঞ্চলিক তথা বিশ্ব-প্ৰেক্ষাপটৰ প্ৰসংগসমূহৰ সন্দৰ্ভতো মত বিনিময় কৰিছো।

এই কিছু সময়ৰ আগতে আমি ‘গ্ৰেটাৰ মালে কানেক্টিভিটী প্ৰকল্প’ৰ শুভাৰম্ভ কৰিলো। ই মালদ্বীপৰ সকলোতকৈ বৃহত্ আন্তঃগাঁথনিমূলক প্ৰকল্প হিচাপে পৰিগণিত হ’ব।

আমি আজি গ্ৰেটাৰ মালেত ৪০০০ টা সামাজিক আবাসগৃহ নিৰ্মাণ সম্পৰ্কীয় প্ৰকল্পটোৰো পৰ্যালোচনা কৰিছো। এই কথা ঘোষণা কৰিবলৈ পাই মোৰ ভাল লাগিছে যে আমি অতিৰিক্ত ভাবে আৰু ২০০০টা সামাজিক আবাসগৃহ নিৰ্মাণৰ বাবেও বিত্তীয় সহযোগিতা আগবঢ়াম।

আমি ১০০ নিযুত ডলাৰৰ এক অতিৰিক্ত ‘লাইন অব ক্ৰেডিট’ দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছো, যাতে সকলোবোৰ প্ৰকল্প নিৰ্দ্ধাৰিত সময়-সূচী অনুযায়ীয়েই সম্পূৰ্ণ কৰিব পৰা যায়।

বন্ধুসকল,

ভাৰত মহাসাগৰত ‘ট্ৰান্স-নেশ্যনেল’ অপৰাধ, আতংকবাদ তথা নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ সংকটে গুৰুতৰ ৰূপ লৈছে। আৰু সেয়ে, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ দৰে ক্ষেত্ৰত ভাৰত আৰু মালদ্বীপৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আৰু সমন্বয় সমগ্ৰ অঞ্চলটোৰ শান্তি আৰু স্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ। এই সকলো উমৈহতীয়া প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি আমাৰ সহযোগিতা বৃদ্ধি কৰিছো। ইয়াত মালদ্বীপৰ নিৰাপত্তা বাহিনীৰ বিষয়ববীয়াসকলৰ সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰশিক্ষণ সহযোগিতাও অন্তৰ্ভূক্ত হৈ আছে। মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছো যে ভাৰতে মালদ্বীপৰ নিৰাপত্তা বাহিনীৰ বাবে ২৪খন বাহন আৰু এখন সামুদ্ৰিক নাওঁ প্ৰদান কৰিব। আমি মালদ্বীপৰ ৬১টা দ্বীপত আৰক্ষী সা-সুবিধা প্ৰতিস্থা কৰাৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াম।

বন্ধুসকল,

মালদ্বীপৰ চৰকাৰে ২০৩০ পৰ্যন্ত কাৰ্বন নিৰ্গমণ হাৰ ‘নেট জিৰো’ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। মই এই প্ৰতিশ্ৰুতিৰ বাবে ৰাষ্ট্ৰপতি সোলিহক অভিনন্দন জনাইছো, আৰু এই আশ্বাস প্ৰদান কৰিছো যে এই লক্ষ্য প্ৰাপ্তিৰ বাবে ভাৰতে মালদ্বীপক সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব। ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘এক বিশ্ব, এক সূৰ্য, এক গ্ৰিড’-ৰ পদক্ষেপ গ্ৰহণ কৰিছে, আৰু ইয়াৰ আধাৰত আমি মালদ্বীপৰ সৈতে প্ৰভাৱশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰিম।

বন্ধুসকল,

আজি ভাৰত-মালদ্বীপ সহযোগিতাই কেৱল দুয়োখন দেশৰ নাগৰিকসকলৰ হিত সাধনেই কৰা নাই, বৰং অঞ্চলটোৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰো স্ৰোত হৈ উঠিছে।

মালদ্বীপৰ যিকোনো প্ৰয়োজনীয়তা বা সংকটত ভাৰতে প্ৰথমে সঁহাৰি জনাই আহিছে আৰু আগলৈও আগবঢ়াই যাব।

মই ৰাষ্ট্ৰপতি সোলিহ আৰু তেওঁৰ প্ৰতিনিধিবৰ্গৰ সুন্দৰ ভাৰত যাত্ৰাৰ কামনা কৰিছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026