Inaugurates permanent campus of National Institute of Technology, Goa
Dedicates new campus of the National Institute of Watersports
Lays the foundation stone for Passenger Ropeway, along with associated tourism activities and 100 MLD Water Treatment Plant
Inaugurates a 100 TPD Integrated Waste Management Facility
Distributes appointment orders to 1930 new Government recruits across various departments under Rozgar Mela
Hands over sanction letters to beneficiaries of various welfare schemes
“Ek Bharat Shreshtha Bharat can be experienced during any season in Goa”
“Development of Goa is proceeding rapidly due to the Double -Engine government”
"Saturation is true secularism, Saturation is real social justice and Saturation is Modi’s guarantee to Goa and the country”
“Double engine government is making record investment on infrastructure along with running big schemes for poor welfare”
“Our government is working to improve connectivity in Goa and also to make it a logistics hub”
“All types of tourism in India are available in one country, on one visa”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে আয়োজিত প্ৰদৰ্শনীলৈ খোজকাঢ়ি যায়। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে শিক্ষা, ক্ৰীড়া, পানী শোধন, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰ্যটন খণ্ডত আন্তঃগাঁথনি বৃদ্ধি। প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত বিভিন্ন বিভাগত ১৯৩০ গৰাকী যুৱক যুৱতীক নতুন চৰকাৰী নিযুক্তিৰ আদেশ বিতৰণ কৰে আৰু লগতে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰপ্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে গোৱাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাচীন সমুদ্ৰ তীৰৰ ওপৰত আলোকপাত কৰি ভাষণ আৰম্ভ কৰে আৰু কয় যে ই ভাৰত আৰু বিদেশৰ লাখ লাখ পৰ্যটকৰ বাবে বন্ধ উদযাপন কৰা প্ৰিয় গন্তব্যস্থান। "গোৱাৰ যিকোনো ঋতুতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অভিজ্ঞতা লাভ কৰিব পাৰি", তেওঁ মন্তব্য কৰে। তেওঁ গোৱাত জন্ম গ্ৰহণ কৰা মহান সাধু, বিখ্যাত শিল্পী আৰু পণ্ডিতসকলৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে আৰু সন্ত সোহিৰোবানাথ আম্বিয়ে, নাট্যকাৰ কৃষ্ণ ভট্ট বান্দকাৰ, কণ্ঠশিল্পী কেচৰবাই কেৰকাৰ, আচাৰ্য ধৰ্মানন্দ কোচাম্বি আৰু ৰঘুনাথ অনন্ত মাছেলকাৰক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন লতা মংগেশকাৰৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ওচৰতে অৱস্থিত মংগুৱেশী মন্দিৰৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ কথাও উল্লেখ কৰে। স্বামী বিবেকানন্দই মাৰগাওৰ দামোদৰ চালৰ পৰা নতুন অনুপ্ৰেৰণা লাভ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লোহিয়া ময়দান আৰু কুনকলিমৰ চীফটাইনৰ স্মৃতিসৌধৰ বিষয়েও কয়।

প্ৰধানমন্ত্ৰীয়ে ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ পবিত্ৰ অৱশেষৰ প্ৰদৰ্শনৰ বিষয়ে কয়, যাক এই বছৰ অনুষ্ঠিত হ'বলগীয়া "গয়চ’ চাইব" বুলি জনা যায়। শান্তি আৰু সংহতিৰ প্ৰতীক হিচাপে এই প্ৰদৰ্শনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জৰ্জিয়াৰ ছেইণ্ট কুইন কেতেভানকো স্মৰণ কৰে যাৰ পবিত্ৰ ধ্বংসাবশেষ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে জৰ্জিয়ালৈ লৈ গৈছিল। "খ্ৰীষ্টান আৰু অন্যান্য সম্প্ৰদায়ৰ শান্তিপূৰ্ণ সহাবস্থান হৈছে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ এক উদাহৰণ", তেওঁ লগতে কয়। 

 

উদ্বোধন কৰা ১৩০০ কোটি টকাৰ প্ৰকল্পৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শিক্ষা, স্বাস্থ্য আৰু পৰ্যটন সম্পৰ্কীয় প্ৰকল্পসমূহে গোৱাৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিব।"ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদ, ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিষ্ঠান, একত্ৰিত আৱৰ্জনা ব্যৱস্থাপনা সুবিধাৰ চৌহদ আৰু  ১৯৩০ গৰাকীৰ নিযুক্তি পত্ৰই ৰাজ্যখনৰ উন্নয়নক নতুন উচ্চতালৈ লৈ যাব", তেওঁ কয়।

"যদিও গোৱা অঞ্চল আৰু জনসংখ্যাৰ হিচাপত সৰু", তথাপিও "ই সামাজিকভাৱে বৈচিত্ৰ্যপূৰ্ণ আৰু বিভিন্ন সমাজ আৰু ধৰ্মাৱলম্বী লোকসকলে কেইবা প্ৰজন্ম ধৰি শান্তিৰে একেলগে আছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সবকা সাথ সবকা বিকাশৰ মন্ত্ৰৰ ওপৰত আলোকপাত কৰে আৰু গোৱাৰ জনসাধাৰণৰ আত্মাক প্ৰশংসা কৰে যিসকলে সদায় ৰাজ্যৰ সম্প্ৰীতিৰ ক্ষতি সাধন কৰিবলৈ চেষ্টা কৰা লোকসকলক উপযুক্ত প্ৰত্যুত্তৰ দি আহিছে।

স্বয়মপুৰ্না গোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গোৱা চৰকাৰৰ সুশাসনৰ আৰ্হিৰ প্ৰশংসা কৰে যাৰ ফলত গোৱাৰ জনসাধাৰণৰ কল্যাণৰ মাপকাঠিত সৰ্বাধিক স্থিতি লাভ কৰিছে। "ডবল-ইঞ্জিন চৰকাৰৰ বাবে গোৱাৰ উন্নয়ন দ্ৰুতগতিত আগবাঢ়িছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ বহুতো আঁচনিত হৰ ঘৰ নল চে জল, বিদ্যুৎ সংযোগ, এলপিজি কভাৰেজ, কেৰোচিন মুক্ত, মুকলিত শৌচ মুক্ত আৰু পৰিপূৰ্ণ আৱৰণ ৰখাৰ কথা উল্লেখ কৰে।" পৰিপূৰ্ণতাৰ ফলত বৈষম্য দূৰ কৰা হয় আৰু সকলো হিতাধিকাৰীলৈ লাভালাভ সম্পূৰ্ণ স্থানান্তৰ কৰা হয়। সেয়েহে মই কওঁ, "পৰিপূৰ্ণতা হৈছে প্ৰকৃত ধৰ্মনিৰপেক্ষতা, পৰিপূৰ্ণতা হৈছে প্ৰকৃত সামাজিক ন্যায় আৰু পৰিপূৰ্ণতা হৈছে গোৱা আৰু দেশৰ বাবে মোদীৰ গেৰাণ্টি", প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কথা উল্লেখ কৰে য'ত গোৱাত ৩০ হাজাৰৰো অধিক লোকে বিভিন্ন সুবিধা লাভ কৰে।

 

এই বৰ্ষৰ বাজেটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই চৰকাৰৰ আঁচনিসমূহৰ পৰিপূৰ্ণ প্ৰস্তাৱক গতি প্ৰদান কৰিছে। তেওঁ ঘোষণা কৰে যে ইতিমধ্যে ৪ কোটি পকী ঘৰৰ লক্ষ্য প্ৰাপ্ত কৰাৰ পাছত দৰিদ্ৰ লোকসকলক এতিয়া দুই কোটি ঘৰৰ নিশ্চয়তা দিছে। এই বছৰৰ বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু আয়ুষ্মান যোজনাক অধিক সম্প্ৰসাৰিত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ বাজেটত মৎস্য সম্পদ যোজনাক স্পৰ্শ কৰি কয় যে ই মাছমৰীয়া সম্প্ৰদায়ক সহায় কৰাৰ লগতে সম্পদ অধিক শক্তিশালী কৰিব, যাৰ ফলত সাগৰীয় খাদ্যৰ ৰপ্তানি আৰু মাছমৰীয়াসকলৰ উপাৰ্জন বৃদ্ধি পাব। তেওঁ লগতে কয় যে এনে ধৰণৰ প্ৰচেষ্টাই মীন পালন খণ্ডত লাখ লাখ নিয়োগৰ সৃষ্টি কৰিব।

মাছ পালনকাৰীসকলৰ কল্যাণৰ দিশত চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক সমৰ্পিত মন্ত্ৰালয়, প্ৰধানমন্ত্ৰী কিষাণ ক্ৰেডিট কাৰ্ড সুবিধা গঠন, বীমাৰ পৰিমাণ ৫ লাখ টকালৈ বৃদ্ধি আৰু নাঁৱৰ আধুনিকীকৰণৰ বাবে ৰাজসাহায্যৰ কথা উল্লেখ কৰে।

"দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে বৃহৎ আঁচনি চলোৱাৰ লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত দ্বৈত ইঞ্জিন চৰকাৰে অভিলেখ সংখ্যকভাৱে বিনিয়োগ কৰি আছে", প্ৰধানমন্ত্ৰীয়ে দেশৰ পথ, ৰে'লপথ আৰু বিমানবন্দৰৰ দ্ৰুত গতিত বিকাশৰ কথা উল্লেখ কৰি কয় যে ১০ বছৰ আগৰ ২ লাখ কোটি টকাৰ তুলনাত এই বছৰৰ বাজেটত আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১ লাখ কোটি টকা আৱণ্টন কৰা হৈছে।

 

সংযোগ বৃদ্ধি আৰু গোৱাক ‘লজিষ্টিক কেন্দ্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে গোৱাত সংযোগ উন্নত কৰা আৰু ইয়াক লজিষ্টিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ দিশত কাম কৰি আছে। গোৱাত ‘মনোহৰ পাৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ৰ উদ্বোধনে নিৰন্তৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ সুবিধা প্ৰদান কৰিছে।" তেওঁ দেশৰ দ্বিতীয় দীৰ্ঘতম কেবল দলং নিউ জুৱাৰী দলঙৰ কথাও উল্লেখ কৰে, যিখন দলং যোৱা বছৰ ৰাইজৰ বাবে উচৰ্গা কৰা হৈছিল। নতুন পথ, দলং, ৰে'লপথ আৰু শিক্ষানুষ্ঠানকে ধৰি গোৱাত দ্ৰুত আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এই উন্নয়নে গোৱাৰ বিকাশক নতুন মাত্ৰা প্ৰদান কৰিছে।"

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহত গুৰুত্ব আৰোপ কৰি ভাৰতক এক সামগ্ৰিক পৰ্যটন স্থলী হিচাপে স্থান দিয়াৰ বাবে চৰকাৰে লোৱা উদ্যোগৰ উল্লেখ কৰে। তেওঁ কয়, "আমাৰ দেশত সকলো ধৰণৰ পৰ্যটনেই ‘একক ভিছা’-ত উপলব্ধ হয়। পূৰ্বৱৰ্তী চৰকাৰসমূহৰ পৰ্যটন স্থলী, উপকূলীয় অঞ্চল আৰু দ্বীপসমূহৰ বিকাশৰ বাবে দূৰদৃষ্টিৰ অভাৱ আছিল।" গোৱাৰ গ্ৰাম্যাঞ্চলসমূহত পৰিৱেশ-পৰ্যটনৰ সম্ভাৱনা থকাৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে গোৱাৰ ভিতৰুৱা অঞ্চলসমূহত পৰ্যটনৰ প্ৰসাৰৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰক, যাতে স্থানীয় বাসিন্দাসকল উপকৃত হব পাৰে। প্ৰধানমন্ত্ৰীয়ে গোৱাক আৰু অধিক আকৰ্ষণীয় গন্তব্য স্থান হিচাপে গঢ়ি তুলিবলৈ ‘ফুড-কোৰ্ট’, ৰেষ্টুৰেণ্ট আৰু প্ৰতীক্ষাকক্ষৰ দৰে আধুনিক সা-সুবিধা বিকাশেৰে গোৱাত পৰ্যটন আন্তঃগাঁথনি উন্নত কৰাৰ পদক্ষেপৰ তালিকাও দাঙি ধৰে।

 

 "গোৱাক সন্মিলন পৰ্যটনস্থলী হিচাপে বিকশিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ", প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে ভাৰত শক্তি সপ্তাহ ২০২৪লৈ যোৱাৰ কথা স্মৰণ কৰি এই মন্তব্য কৰে। তেওঁ যোৱা বছৰবোৰত গোৱাত জি-২০ বৈঠক আৰু বৃহত কূটনৈতিক বৈঠককে ধৰি একাধিক গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে। তেওঁ বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপ, ৱৰ্ল্ড বীচ্চ ভলীবল ট্যুৰ, ফিফা অনুৰ্ধ-১৭ মহিলা ফুটবল বিশ্বকাপ আৰু গোৱাত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দৰে প্ৰতিযোগিতাৰ উদাহৰণ দি গোৱাই সমগ্ৰ বিশ্বতে নিজৰ পৰিচিতি দাঙি ধৰাৰ কথা উল্লেখ কৰে। অনাগত বছৰবোৰত গোৱা এনে অনুষ্ঠানসমূহৰ বাবে এক বৃহৎ কেন্দ্ৰ হৈ উঠিব বুলিও নিশ্চয়তা প্ৰদান কৰে।

ফুটবলৰ জগতখনলৈ গোৱাই আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰাৰ লগতে তেওঁ ব্ৰহ্মনন্দ শংখৱালকাৰক ক্ৰীড়াজগতলৈ আগবঢ়োৱা তেওঁৰ অমূল্য অৱদানৰ বাবে পদ্ম বঁটাৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে বিকশিত আন্তঃগাঁথনিয়ে খেলুৱৈসকলক তেওঁলোকৰ সপোনবোৰ বাস্তৱায়িত কৰাত সহায় কৰিব।

 

শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা গুৰুত্ব দোহাৰি প্ৰধানমন্ত্ৰীয়ে গোৱাত কেবাটাও প্ৰতিষ্ঠান স্থাপনেৰে ইয়াক এক মুখ্য শৈক্ষিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ পোষকতা কৰে। তেওঁ লগতে প্ৰযুক্তিগত উন্নতি আৰু যুৱক-যুৱতী আৰু উদ্যোগসমূহক লাভান্বিত কৰাৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ বাবে ১ লাখ কোটি টকাৰ পুঁজিৰ বাজেট ঘোষণাৰ বিষয়েও অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে গোৱাৰ দ্ৰুত উন্নয়নৰ বাবে প্ৰয়োজনীয় সামূহিক প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ প্ৰগতিত সকলোকে অৰিহণা যোগাবলৈ আহ্বান জনাই ভাষণৰ সামৰণি মাৰে।

 

এই অনুষ্ঠানত গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাই, গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় পৰ্যটন আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েছো নায়েক উপস্থিত আছিল।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে গোৱাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদ উদ্বোধন কৰে। নতুনকৈ নিৰ্মাণ কৰা চৌহদটোত শিক্ষাৰ্থী, শিক্ষক আৰু প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে বিভিন্ন সুবিধা যেনে টিউট'ৰিয়েল কমপ্লেক্স, বিভাগীয় কমপ্লেক্স, প্ৰশাসনিক কমপ্লেক্স, হোষ্টেল, স্বাস্থ্য কেন্দ্ৰ, কৰ্মচাৰী কোৱাৰ্টাৰ, এমেনিটী চেণ্টাৰ, ক্ৰীড়া ক্ষেত্ৰ আৰু অন্যান্য উপযোগিতা আছে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিষ্ঠানৰ নতুন চৌহদটো উচৰ্গা কৰে। প্ৰতিষ্ঠানটোৱে জনসাধাৰণৰ লগতে সশস্ত্ৰ বাহিনীকো সেৱা আগবঢ়োৱা জলক্ৰীড়া আৰু জলক্ষেত্ৰত উদ্ধাৰ কাৰ্যকলাপৰ কৌশল বিকাশত কৰাত উদগনি দিয়াৰ লক্ষ্যৰে ২৮টা পাঠ্যক্ৰম আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে দক্ষিণ গোৱাত ১০০ টিপিডি পৰিমাণৰ ‘সংহত আৱৰ্জনা প্ৰৱন্ধন সুবিধা’ও উদ্বোধন কৰে। এই সুবিধাটো ৬০ টিপিডি সেমেকা আৱৰ্জনা আৰু ৪০ টিপিডি শুকান আৱৰ্জনাৰ বৈজ্ঞানিক সংসাধনৰ বাবে প্ৰস্তুত কৰা হৈছে, আনহাতে ৫০০ কিলোৱাট সৌৰ শক্তি উত্পাদনক্ষম এক প্ৰকল্পও আছে যি অতিৰিক্ত বিদ্যুৎ উৎপাদন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে পানাজী আৰু ৰেইছ মাগোছক সংযোগ কৰি ‘যাত্ৰীবাহী ৰোপৱে’ৰ আধাৰশিলা স্থাপন কৰে। দক্ষিণ গোৱাত ১০০ এমএলডি পানী শোধন প্ৰকল্প নিৰ্মাণৰো তেওঁ আধাৰশিলা স্থাপন কৰে।

তদুপৰি, তেওঁ ‘ৰোজগাৰ মেলা’ৰ অধীনত বিভিন্ন বিভাগত ১৯৩০ গৰাকী প্ৰাৰ্থীক নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰ প্ৰদান কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves road upgradation projects in Madhya Pradesh worth Rs. 4,415.60 Crore
June 03, 2026
Total Length-233.653 kms with cost of Rs. 4,415.60 Crore

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, today has approved upgradation of the existing intermediate lane to 2 Lane with Paved Shoulder Standard (125.01 kms) of Hiwarkhedi -Roshni-Ashapur-Rudhy Section of NH-347B and widening of existing 2 lane to 4 lanes from Deshgaon-Julwaniya Section of NH-347B of length (108. 643 kms) in the State of Madhya Pradesh on Hybrid Annuity Mode at a cost of Rs.4,415.60 Crore.

The proposed upgradation of the Hiwarkhedi-Roshni-Ashapur-Rudhy & Deshgaon-Julwaniya Section of NH-347B in Madhya Pradesh will address severe geometric deficiencies, sharp curves, and congestion in built-up areas across Betul, Khandwa, Khargone & Barwani district. An extended Greenfield Bypass of Khargone district of 16.20 Km length will be developed as part of instant project. The project will increase average travel speeds, reduce travel time, and improve overall road safety, fuel efficiency, and vehicle operating costs, thereby enhancing regional mobility and socio-economic development.

The project will provide seamless connectivity to key economic, social, and logistics nodes across Madhya Pradesh. The upgraded corridor will enhance multi-modal integration by connecting with 06 PM Gati-Shakti Economic Nodes (01 Textile Cluster, 02 Mega Food Park, 01 Industrial park, 02 Super Thermal Power Plants), 5 social nodes (02 Aspirational Districts- Khandwa & Barwani, 03 Tribal Districts-Betul, Khandwa, Khargone) and 5 Logistic Nodes (02 Major Railway Stations, 02 Airports, 01 MMLP), thereby facilitating faster movement of goods and passengers across the region.

Map of Corridor 

Appendix - I: Project Details

Feature

Details

Project Name

Upgradation of the existing intermediate lane to 2 Lane with Paved Shoulder Standard (125.01 kms) of Hiwarkhedi -Roshni-Ashapur-Rudhy Section of NH-347B and widening of existing 2 lane to 4 lane from Deshgaon-Julwaniya Section of NH-347B of length (108. 643 kms) in the State of Madhya Pradesh on Hybrid Annuity Mode. (Total Length-233.653 kms)

Corridor

Betul-Khandwa-Vadodara

Length (km)

233.653

Total Civil Cost (Rs in Cr.)

2705.08

Land Acquisition Cost (Rs in Cr.)

432.77

Total Capital Cost (Rs in Cr.)

4415.60

Mode

Hybrid Annuity Mode (HAM)

Bypasses

Hiwarkhedi-Roshni-Ashapur-Rudhy Section

 

Bypass Length=70.39 km

Deshgaon-Julwaniya Section

 

 

Bypass Length = 54.273 km

Major Roads Connected

National Highways – NH-47, NH-753, NH-347BG and NH-52

State Highways – SH-15 and MDR

Economic / Social / Transport Nodes Connected

Airport: Indore & Nagpur

Railway Stations: Betul, Khandwa

Multi Model Logistic Park (MMLP) : Indore

Economic Nodes: 01 Textile Cluster, 02 Mega Food Park, 01 Industrial park, 02 Super Thermal Power Plants

Major Cities / Towns Connected

Betul, Khandwa, Khargone, Barwani

Employment Generation Potential

19.50 lakhs person-days (Direct) & 23.00 lakh person-days (Indirect)