PM urges IIT Guwahati to establish a Center for disaster management and risk reduction
NEP 2020 will establish India as a major global education destination: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইআইটি গুৱাহাটীৰ এক সমাবৰ্তনত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে।

‘জ্ঞানং বিজ্ঞান সহিতং যজ্ঞনাত্বা মোক্ষসে শুভাত’- এই শ্লোকৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, বিজ্ঞানৰ লগতে সকলো জ্ঞানৰ মূল উদ্দেশ্য হৈছে বিভিন্ন সমস্যাৰ সমাধান কৰা।

আইআইটিৰ দৰে প্ৰতিষ্ঠানবোৰে আজি যিধৰণেৰে উন্নতি সাধন কৰিছে, প্ৰধানমন্ত্ৰীয়ে তাৰ বাবে গৌৰৱ অনুভৱ কৰিছে। তেওঁ লগতে কয়, উদ্ভাৱনৰ এই শক্তিয়ে আমাৰ দেশক ১ হাজাৰ বছৰ ধৰি সজীৱ কৰি ৰাখিছে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱ সমাজক ভৱিষ্যতৰ বাবে প্ৰস্তুত হোৱাৰ লগতে সময়োপযোগী হোৱাৰ আহ্বান জনায়। তেওঁ কয়, তেওঁলোকৰ স্বপ্ন আৰু উচ্চাকাঙ্খাই ভাৰতৰ ভৱি নিৰ্মাণ কৰিব। আইআইটি গুৱাহাটীৰ এই লক্ষ্যৰে সম্পাদন কৰা পদক্ষেপ সমূহক লৈও তেওঁ সন্তোষ প্ৰকাশ কৰে।

দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে এই প্ৰতিষ্ঠানে গ্ৰহণ কৰা উদ্যোগৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়, মহামাৰীৰ এই সময়ত বিভিন্ন প্ৰতিকূলতা সত্ত্বেও প্ৰতিষ্ঠানখনে শিক্ষাবৰ্ষ আৰু গৱেষণামূলক কাম কাজ অক্ষুণ্ণ ৰাখিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ২০২০ৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি একবিংশ শতিকাৰ চাহিদা অনুসৰি প্ৰস্তুত কৰা হৈছে। ইয়াৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিত ভাৰতে বিশ্বক নেতৃত্ব প্ৰদান কৰিব পাৰিব। এই শিক্ষানীতিয়ে বহু বিষয়ত অধ্যয়ণ কৰাৰ সুযোগ দিছে, ইয়াৰ মাধ্যমেৰে বিভিন্ন পাঠক্ৰম বাচনি কৰিব পৰা যাব। ইয়াৰ উপৰিও যি কোনো পাঠক্ৰমৰ সৈতে জড়িত হোৱাৰ আৰু পাঠ্যক্ৰমৰ পৰা ওলাই অহাৰো একাধিক সুযোগ থাকিব।

বিজ্ঞানেই হওঁক অথবা কলা বিভাগেই হওঁক, যিকোনো বিষয়তে গৱেষণাৰ বাবে আঁচনিৰ ব্যৱস্থা কৰিবলৈ জাতীয় শিক্ষা নীতিয়ে এক নেশ্যনেল ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ প্ৰস্তাৱ আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতত বিদেশী বিশ্ববিদ্যালয়বোৰক কেম্পাছ নিৰ্মাণ কৰাৰো সুযোগ প্ৰদান কৰিছে। ইয়াৰ ফলত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে আন্তৰ্জাতিক মানৰ শিক্ষা ব্যৱস্থাৰ লগত পৰিচিত হ’ব। এই শিক্ষানীতিয়ে ভাৰতক বিশ্বৰ জ্ঞানচৰ্চাৰ প্ৰধান পীঠস্থান হিচাপে গঢ়ি তুলিব।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ পূবলৈ চোৱা নীতিত উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰ হিচাপে বিবেচিত হৈছে আৰু দক্ষিণ পূব এছিয়াৰ সৈতে সু সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে৷ এই দেশসমূহৰ সৈতে সংস্কৃতি, বাণিজ্য, যোগাযোগ আৰু সামৰ্থ আদিৰ বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে সংযোজিত হৈছে৷ তেওঁ কয় যে এই ক্ষেত্ৰত শিক্ষা আন এক মাধ্যম হিচাপে বিবেচিত হ’ব পাৰে আৰু আইআইটি গুৱাহাটী ইয়াৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব পাৰে৷ ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলে এক নতুন পৰিচয় লাভ কৰিব আৰু নতুন অৱকাশৰো সৃষ্টি হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে অঞ্চলটোত ৰে’লৱে, ঘাইপথ, বায়ুপথ আৰু জলপথ আদিৰ ক্ষেত্ৰত আন্তঃগাঁথনিমূলক বিকাশত গুৰুত্ব প্ৰদানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন অৱকাশৰ সৃষ্টি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে সমাৱৰ্তনত ৩০০জন শিক্ষাৰ্থীয়ে পিএইচডি লাভ কৰাত সন্তোষ প্ৰকাশ কৰে৷ তেওঁ শিক্ষাৰ্থীসকলক অঞ্চলটোৰ বিকাশৰ ক্ষেত্ৰত নিজৰ গৱেষণা প্ৰয়োগ কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে আইআইটি গুৱাহাটীক দুৰ্যোগ ব্যৱস্থাপনা আৰু ক্ষতিশংকা হ্ৰাসৰ কেন্দ্ৰ হিচাপে নিজকে পৰিগণিত কৰি তুলিবলৈ আহ্বান জনায়৷

 

 

 

 

 

 

 

 

 

पूरा भाषण पढ़ने के लिए यहां क्लिक कीजिए

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi