মহান আধ্যাত্মিক গুৰুজনক সন্মান জনোৱাৰ বাবে স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি
"চৈতন্য মহাপ্ৰভু আছিল কৃষ্ণৰ প্ৰতি প্ৰেমৰ প্ৰতিভূ। তেওঁ আধ্যাত্মিকতাবাদ আৰু ধ্যানক জনসাধাৰণৰ বাবে উপলব্ধ কৰি তুলিছিল"
"ভক্তি হৈছে আমাৰ ঋষিসকলে প্ৰদান কৰা এক বিশাল দৰ্শন। এয়া নিৰাশা নহয় বৰং আশা আৰু আত্মবিশ্বাস। ভক্তি ভয় নহয়, ই উৎসাহ"
"আমাৰ ভক্তি মাৰ্গি সাধুসকলে কেৱল স্বাধীনতা আন্দোলনতে নহয়, প্ৰতিটো প্ৰত্যাহ্বানমূলক পৰ্যায়ৰ মাজেৰে দেশক পথ প্ৰদৰ্শন কৰাত এক অমূল্য ভূমিকা পালন কৰিছে"
আমি ৰাষ্ট্ৰক 'দেৱ' হিচাপে গণ্য কৰো আৰু 'দেৱৰ পৰা দেশ'ৰ দৃষ্টিৰে আগবাঢ়ো"
"বৈচিত্ৰ্যৰ মাজত ঐক্য- ভাৰতৰ এই মন্ত্ৰত বিভাজনৰ কোনো স্থান নাই"
"এক ভাৰত শ্ৰেষ্ঠ ভাৰত" হৈছে ভাৰতৰ আধ্যাত্মিক বিশ্বাস"
"বংগ হৈছে আধ্যাত্মিকতা আৰু বৌদ্ধিকতাৰ পৰা নিৰন্তৰ শক্তিৰ উৎস"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

 

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহুতো মহান সাধুৰ উপস্থিতিৰে ভাৰত মণ্ডপমৰ মহিমা বহুগুণে বৃদ্ধি পাইছে আৰু ইয়াৰ ধাৰণা ভগৱান বাসৱেশ্বৰৰ 'অনুভৱ মণ্ডপ'ৰ ওপৰত আধাৰিত বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ই প্ৰাচীন ভাৰতত আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। "অনুভৱ মণ্ডপ' সমাজ কল্যাণৰ বিশ্বাস আৰু সমাধানৰ শক্তিৰ কেন্দ্ৰ আছিল", তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক জয়ন্তীত আজি ভাৰত মণ্ডপমৰ ভিতৰত একে ধৰণৰ শক্তি প্ৰত্যক্ষ কৰিব পাৰি।" ভাৰত মণ্ডপমক ভাৰতৰ আধুনিক সামৰ্থ্য আৰু প্ৰাচীন শিপাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বৰ কথা দোহাৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত শেহতীয়াকৈ সমাপ্ত হোৱা জি-২০ সন্মিলনৰ কথা স্মৰণ কৰে, যিয়ে নতুন ভাৰতৰ সম্ভাৱনাৰ এক আভাস দেখুৱাইছে। "আজি এই স্থানত বিশ্ব বৈষ্ণৱ সন্মিলনৰ আয়োজন কৰা হৈছে", এনেদৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ই নতুন ভাৰতৰ এখন ছবি উপস্থাপন কৰিছে, ই উন্নয়ন আৰু ঐতিহ্যৰ এক সংমিশ্ৰণ য'ত আধুনিকতাক আদৰণি জনোৱা হয় আৰু পৰিচয় গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰীয়ে এই মহান অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ভগৱান কৃষ্ণৰ সন্মুখত মূৰ দোৱায়। তেওঁ শ্ৰীল প্ৰভুপাদজীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ সন্মানত মুকলি কৰা ডাক টিকট আৰু স্মাৰক মুদ্ৰাৰ বাবে সকলোকে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে অযোধ্যা ধামত শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ সময়তে শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে। জনসাধাৰণৰ মুখত সুখৰ প্ৰতিচ্ছবিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সাধুসকলৰ আশীৰ্বাদক এই বিশাল যজ্ঞ সম্পূৰ্ণ হোৱাৰ কৃতিত্ব দিয়ে।

ভক্তিৰ আনন্দ অনুভৱ কৰাৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে চৈতন্য মহাপ্ৰভুৰ অৱদানলৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "চৈতন্য মহাপ্ৰভু আছিল কৃষ্ণৰ প্ৰতি প্ৰেমৰ প্ৰতিভূ। তেওঁ আধ্যাত্মিকতাবাদ আৰু ধ্যানক জনসাধাৰণৰ বাবে উপলব্ধ কৰি তুলিছে", প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী মোডীয়ে আঙুলিয়াই দিয়ে যে চৈতন্য মহাপ্ৰভুৱে আনন্দৰ জৰিয়তে ঈশ্বৰৰ ওচৰলৈ যোৱাৰ পথ দেখুৱাইছিল।  প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা স্মৰণ কৰি কয় যে জীৱনত এটা পৰ্যায়ত তেওঁ অনুভৱ কৰিছিল যে ভক্তি সম্পূৰ্ণৰূপে থকা সত্বেও এক শূন্যতা, এক দূৰত্ব আছে। তেওঁ কয় যে ভজন-কীৰ্তনৰ আনন্দই সেই মুহূৰ্তত সম্পূৰ্ণ নিমজ্জিত হ'বলৈ সক্ষম কৰিছিল। "মই ব্যক্তিগতভাৱে চৈতন্য প্ৰভুৰ পৰম্পৰাৰ শক্তি অনুভৱ কৰিছো", প্ৰধানমন্ত্ৰী মোদীয়ে কয়। আজিও তেওঁ কয়, ' যেতিয়া কীৰ্তন চলি আছিল মই ভক্ত হিচাপে হাততালি দি আছিলো, প্ৰধানমন্ত্ৰী হিচাপে নহয়'। "চৈতন্য মহাপ্ৰভুৱে কৃষ্ণ লীলাৰ গীতৰ আবেগৰ লগতে জীৱনক বুজিবলৈ ইয়াৰ গুৰুত্ব কঢ়িয়াই আনিছে", প্ৰধানমন্ত্ৰীয়ে কয়।

 

"চৈতন্য মহাপ্ৰভুৰ দৰে ব্যক্তিত্বই এটা দিশেৰে বা অন্যধৰণে সময়ৰ সৈতে তেওঁলোকে কৰা কাম বিয়পাই দিছিল", এনেদৰে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীল প্ৰভুপাদজী এই বিশ্বাসৰ প্ৰতিমূৰ্তি। তেওঁ কয় যে শ্ৰীল প্ৰভুপাদজীৰ জীৱনে আমাক ধ্যানৰ দ্বাৰা যিকোনো কাম কেনেদৰে সম্পাদন কৰিব লাগে শিকাইছিল আৰু সকলোৰে কল্যাণৰ বাবে এই পথ আলোকিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে জনায় যে শ্ৰীল প্ৰভুপাদজীয়ে ১০ বছৰতকৈ কম বয়সতে গীতা মুখস্থ কৰিছিল আৰু একে সময়তে সংস্কৃত, ব্যাকৰণ আৰু বেদৰ জ্ঞান লাভ কৰিছিল। তেওঁ কয় যে শ্ৰীল প্ৰভুপাদজীয়ে সূৰ্য সিদ্ধান্ত গ্ৰন্থত জ্যোতিৰ্বিজ্ঞানৰ গণিত বৰ্ণনা কৰিছিল আৰু সিদ্ধান্ত সৰস্বতীৰ ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ ২৪ বছৰ বয়সতে সংস্কৃত বিদ্যালয় খুলিছিল। তেওঁ কয় যে শ্ৰীল প্ৰভুপাদজীয়ে ১০০ খনতকৈও অধিক কিতাপ আৰু প্ৰবন্ধ ৰচনা কৰি গৈছে। এক কথাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্ৰীল প্ৰভুপাদজীয়ে জ্ঞান আৰু ভক্তি মাৰ্গৰ (জ্ঞান আৰু সমৰ্পণৰ পথ) মাজত জীৱনৰ সৈতে এক ভাৰসাম্য সৃষ্টি কৰি গৈছে। তেওঁ কয় যে শ্ৰীল প্ৰভুপাদ স্বামীয়ে গান্ধীজীয়ে আহ্বান জনোৱা অহিংসা আৰু প্ৰেমৰ মানৱীয় সংকল্পৰ বৈষ্ণৱ ভাব প্ৰচাৰৰ বাবে কাম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে বৈষ্ণৱ ভাবৰ সৈতে গুজৰাটৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ গুজৰাটত ভগৱান কৃষ্ণৰ লীলা আৰু গুজৰাটত মীৰাবাইৰ ঈশ্বৰত নিমজ্জনৰ কথা উল্লেখ কৰে। ইয়াৰ ফলত কৃষ্ণ আৰু চৈতন্য মহাপ্ৰভুৰ পৰম্পৰা মোৰ জীৱনৰ এক স্বাভাৱিক অংশ হৈ পৰিছে, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনত গৌড়ীয় মিছনৰ শতবাৰ্ষিকীত প্ৰদান কৰা ভাৰতৰ আধ্যাত্মিক চেতনা সম্পৰ্কে তেওঁৰ মতামতৰ কথা স্মৰণ কৰে। তেওঁ শিপাৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে নিজৰ শিপাৰ পৰা দূৰত্বৰ আটাইতকৈ ডাঙৰ প্ৰকাশ হৈছে নিজৰ সামৰ্থ্য আৰু শক্তি পাহৰি যোৱা। তেওঁ কয় যে এইটো ভক্তিৰ গৌৰৱময় পৰম্পৰাৰ সৈতেও ঘটিছিল। তেওঁ কয় যে বহুলোকে ভক্তি, যৌক্তিকতা আৰু আধুনিকতাক পৰস্পৰ বিৰোধী বুলি গণ্য কৰে। তেওঁ জোৰ দি কয়, "ভক্তি আমাৰ ঋষিসকলে প্ৰদান কৰা এক মহান দৰ্শন। এয়া নিৰাশা নহয়, বৰং আশা আৰু আত্মবিশ্বাস। ভক্তি ভয় নহয়, ই হৈছে উৎসাহ" ভক্তি হতাশা নহয়, ই হৈছে আশা আৰু আত্মবিশ্বাস।" তেওঁ কৈছিল যে ভক্তি পৰাজয় নহয়, কিন্তু প্ৰভাৱৰ বাবে এটা সংকল্প। তেওঁ কয় যে ভক্তিৰ ভিতৰত আছে নিজক জয় কৰা আৰু মানৱতাৰ বাবে কাম কৰা। তেওঁ কয় যে এই মনোভাৱৰ বাবে ভাৰতে ইয়াৰ সীমা সম্প্ৰসাৰণৰ বাবে কেতিয়াও আনক আক্ৰমণ কৰা নাছিল। তেওঁ ভক্তিৰ গৌৰৱৰ সৈতে জনসাধাৰণক পুনৰ পৰিচয় কৰাই দিয়াৰ বাবে সাধুসকলক শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "আজি স্বাধীনতাৰ অমৃত কালত দেশখনে 'দাসত্বৰ মানসিকতাৰ পৰা মুক্তি'ৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি সাধুসকলৰ সংকল্প আগবঢ়াই নিছে।"

 

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক গাঁথনিৰ প্ৰতি আধ্যাত্মিক নেতাসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ প্ৰশংসা কৰে। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ইয়াৰ ৰাষ্ট্ৰীয় নীতিৰ গঠনত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।" আমাৰ ভক্তি মাৰ্গি সাধুসকলে কেৱল স্বাধীনতা আন্দোলনতে নহয়, প্ৰতিটো প্ৰত্যাহ্বানমূলক পৰ্যায়ৰ মাজেৰে দেশক পথ প্ৰদৰ্শন কৰাত এক অমূল্য ভূমিকা পালন কৰিছে। ভাৰতৰ সমগ্ৰ উত্থান-পতনৰ ইতিহাসত বিশিষ্ট সাধু আৰু আধ্যাত্মিক নেতাসকলৰ বিভিন্ন সামৰ্থৰে ৰাষ্ট্ৰক নিৰ্দেশনা প্ৰদান কৰিবলৈ আৱিৰ্ভাৱ হৈছিল", তেওঁ কয়। তেওঁ কঠিন মধ্যযুগত সাধুসকলৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "এই শ্ৰদ্ধেয় সাধুসকলে আমাক শিকাইছিল যে প্ৰকৃত সমৰ্পণ কেৱল চূড়ান্ত শক্তিৰ ওচৰত নিজকে সমৰ্পণ কৰাত নিহিত আছে। বহু শতাব্দীৰ প্ৰতিকূল পৰিস্থিতিৰ মাজত তেওঁলোকে ত্যাগ আৰু অধ্যৱসায়ৰ গুণবোৰ কঢ়িয়াই আনিছিল আৰু আমাৰ সাংস্কৃতিক মূল্যবোধক সুৰক্ষিত কৰিছিল।" "তেওঁলোকৰ শিক্ষাই আমাৰ বাবে এই বিশ্বাস কঢ়িয়াই আনিছে যে যেতিয়া সত্যৰ অন্বেষণত সকলো ত্যাগ কৰা হয়, তেতিয়া মিছা কথা অৱশ্যেই ম্লান হৈ যায় আৰু সত্য প্ৰতিষ্ঠা হয়। সেয়েহে সত্যৰ জয় অনিবাৰ্য – আমি কোৱাৰ দৰে, 'সত্যমেৱ জয়তে', প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতাৰ সংগ্ৰামৰ সময়ত স্বামী বিবেকানন্দ আৰু শ্ৰীল প্ৰভুপাদৰ দৰে আধ্যাত্মিক বিশিষ্ট ব্যক্তিসকলে জনসাধাৰণৰ মাজত সীমাহীন শক্তি সঞ্চাৰিত কৰা আৰু তেওঁলোকক ধাৰ্মিকতাৰ পথত পথ প্ৰদৰ্শন কৰাৰ কথাও স্মৰণ কৰে। তেওঁ কয় যে নেতাজী সুভাষ আৰু মহামান্য মালব্যৰ দৰে ব্যক্তিত্বই শ্ৰীল প্ৰভুপাদৰ পৰা নিৰ্দেশনা বিচাৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয়, "ত্যাগৰ জৰিয়তে সহ্য কৰা আৰু অমৰ হৈ থকাৰ আত্মবিশ্বাস ভক্তি যোগৰ অনুশীলনৰ পৰা উদ্ভৱ হৈছে।" প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, "আজি এই একেই আত্মবিশ্বাস আৰু ভক্তিৰে লাখ লাখ ভাৰতীয়ই আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰিছে আৰু আমাৰ দেশৰ বাবে সমৃদ্ধিৰ যুগৰ সূচনা কৰিছে। আমি ৰাষ্ট্ৰক 'দেৱ' হিচাপে গণ্য কৰোঁ আৰু 'দেৱৰ পৰা দেশ'ৰ দৃষ্টিৰে আগবাঢ়িছো, তেওঁ লগতে কয়। 

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমি আমাৰ শক্তি আৰু বৈচিত্ৰ্যক ব্যৱহাৰ কৰিছো, দেশৰ প্ৰতিটো কোণক প্ৰগতিৰ শক্তিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছো।" "শ্ৰীকৃষ্ণই আমাক শিকোৱাৰ দৰে - 'মই সকলো জীৱৰ হৃদয়ত বহি থকা আত্মা'- ই আমাৰ ৰাষ্ট্ৰৰ বৈচিত্ৰ্যৰ মাজত থকা একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈচিত্ৰ্যৰ মাজত এই ঐক্য ভাৰতীয় মানসিকতাত ইমান গভীৰভাৱে সোমাই পৰিছে যে বিভাজনৰ ধাৰণাটোৱে ইয়াৰ ভিতৰত কোনো স্থান নাপায়", প্ৰধানমন্ত্ৰীয়ে কয়। "বিশ্বৰ বাবে, এখন ৰাষ্ট্ৰই ৰাজনৈতিক আদৰ্শক প্ৰতিনিধিত্ব কৰিব পাৰে, কিন্তু ভাৰতৰ বাবে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' হৈছে এক আধ্যাত্মিক বিশ্বাস", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

শ্ৰীল প্ৰভুপাদজীৰ জীৱনক 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ উদাহৰণ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ পুৰীত জন্মগ্ৰহণ কৰিছিল, দক্ষিণৰ ৰামানুজাচাৰ্যজীৰ পৰম্পৰাত দীক্ষা লৈছিল আৰু তেওঁৰ আধ্যাত্মিক যাত্ৰাৰ কেন্দ্ৰ বংগত তেওঁৰ মঠ স্থাপন কৰাৰ সময়ত চৈতন্য মহাপ্ৰভুৰ পৰম্পৰা ৰক্ষা কৰি গৈছিল। "বংগ হৈছে আধ্যাত্মিকতা আৰু বৌদ্ধিকতাৰ পৰা নিৰন্তৰ শক্তিৰ উৎস", প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে বংগৰ ভূমিয়ে ৰাষ্ট্ৰক ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ, শ্ৰী অৰবিন্দ, গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ৰাজা ৰামমোহন ৰায়ৰ দৰে সাধু আগবঢ়াইছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ গতি আৰু প্ৰগতিৰ বিষয়ে আজি সকলো ঠাইতে আলোচনা কৰা হৈছে আৰু আমি আধুনিক আন্তঃগাঁথনি আৰু উচ্চ প্ৰযুক্তিৰ সেৱাৰ ক্ষেত্ৰত উন্নত দেশসমূহৰ সমতুল্য। "আমি আনকি বহুক্ষেত্ৰত বৃহৎ দেশসমূহক অতিক্ৰম কৰিছো", তেওঁ লগতে কয় যে ভাৰতীয়সকলক নেতৃত্বৰ ভূমিকাত দেখা গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে যোগ বিশ্বৰ প্ৰতিটো ঘৰত উপনীত হৈছে আৰু আয়ুৰ্বেদ আৰু নেচাৰোপেথিৰ ওপৰত বিশ্বাসো বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ যুৱশক্তিক কৃতিত্ব দিয়ে আৰু জ্ঞান আৰু গৱেষণা দুয়োটা একেলগে গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে। "আমাৰ নতুন প্ৰজন্মই এতিয়া ইয়াৰ সংস্কৃতি গৌৰৱেৰে কপালত পিন্ধে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে আজিৰ যুৱপ্ৰজন্মই আধ্যাত্মিকতা আৰু ষ্টাৰ্ট-আপ দুয়োটাৰে গুৰুত্ব বুজি পায় আৰু দুয়োটাৰ বাবে সক্ষম। প্ৰধানমন্ত্ৰীয়ে কয়, ইয়াৰ ফলত কাশী আৰু অযোধ্যাৰ দৰে তীৰ্থযাত্ৰাত বৃহৎসংখ্যক যুৱক-যুৱতী দেখা গৈছে।

 

ভাৰতৰ যুৱ প্ৰজন্মৰ সজাগতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এখন দেশৰ বাবে চন্দ্ৰযান নিৰ্মাণ কৰা আৰু চন্দ্ৰশেখৰ মহাদেৱ ধামকো আলোকিত কৰাটো স্বাভাৱিক। "যেতিয়া যুৱক-যুৱতীসকলে দেশক নেতৃত্ব দিয়ে, ই চন্দ্ৰত এখন ৰভাৰো অৱতৰণ কৰাব পাৰে আৰু অৱতৰণৰ স্থানডোখৰক 'শিৱশক্তি' নাম দি পৰম্পৰাবোৰক পুষ্টি প্ৰদান কৰিব পাৰে। এতিয়া বন্দে ভাৰত ৰে'লসমূহো দেশত চলিব আৰু বৃন্দাবন, মথুৰা আৰু অযোধ্যাকো পুনৰুজ্জীৱিত কৰা হ'ব", তেওঁ কয়। আনন্দিত প্ৰধানমন্ত্ৰীয়ে নমামি গংগে আঁচনিৰ অধীনত বংগৰ মায়াপুৰত গংগা ঘাট নিৰ্মাণৰ আৰম্ভণিৰ বিষয়েও অৱগত কৰে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়ন আৰু ঐতিহ্যৰ মাজৰ সমন্বয় অমৃত কালৰ ২৫ বছৰ ধৰি অব্যাহত থাকিব। "সাধুসকলৰ আশীৰ্বাদত আমি এক বিকশিত ভাৰত গঢ়ি তুলিম আৰু আমাৰ আধ্যাত্মিকতাই সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পথ প্ৰশস্ত কৰিব", শ্ৰী মোদীয়ে এনেদৰে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু শ্ৰীমতী মীনাক্ষী লেখিও উপস্থিত আছিল।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Hope for productive monsoon session': PM Modi highlights India's gains ahead of Parliament proceedings

Media Coverage

'Hope for productive monsoon session': PM Modi highlights India's gains ahead of Parliament proceedings
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"