"কেন্দ্ৰীয় চৰকাৰে আধুনিক আৰু বিকশিত ভাৰতৰ আৱশ্যকতা অনুসৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে"
"চৰকাৰে সংস্থাপন তথা আত্ম-সংস্থাপনক উৎসাহিত কৰিবলৈ দক্ষতা বিকাশৰ ওপৰত বিশেষ জোৰ দিছে"
"আপোনালোকে সদায়েই মনত ৰখা দৰকাৰ যে আপোনালোকৰ শিক্ষাই কেৱল বৰ্তমানকে নহয় বৰং দেশৰ ভৱিষ্যতকো আকাৰ দিব"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত নৱনিযুক্ত শিক্ষকসকলৰ বাবে আয়োজিত কাৰ্যক্ৰমক আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত সম্বোধিত কৰে।
প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপত্ৰ লাভ কৰা যুৱক-যুৱতীক শিক্ষণৰ দৰে মহত্বপূৰ্ণ কামত অন্তৰ্ভুক্ত হোৱা বাবে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত নৱনিযুক্ত শিক্ষকসকলৰ বাবে আয়োজিত কাৰ্যক্ৰমক আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত সম্বোধিত কৰে।

প্ৰধানমন্ত্ৰীয়ে সমাৰোহ সম্বোধিত কৰি কয় যে মধ্যপ্ৰদেশত যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ অভিযান দ্ৰুতগতিত চলি আছে, য'ত বিভিন্ন জিলাত ৰোজগাৰ মেলাৰ আয়োজন কৰি হাজাৰ হাজাৰ যুৱক-যুৱতীক বিভিন্ন পদত ভৰ্তি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষকৰ পদৰ বাবে ২২,৪০০ৰো অধিক যুৱক-যুৱতীক ইতিমধ্যেই ভৰ্তি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপত্ৰ লাভ কৰা যুৱক-যুৱতীক শিক্ষণৰ দৰে মহত্বপূৰ্ণ কামত অন্তৰ্ভুক্ত হোৱা বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে কেন্দ্ৰীয় চৰকাৰে আধুনিক আৰু বিকশিত ভাৰতৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ দি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষা নীতিয়ে শিশুৰ সামগ্ৰিক বিকাশ, জ্ঞান, দক্ষতা, সংস্কৃতি তথা ভাৰতীয় মূল্যবোধৰ উদগণিত জোৰ দিছে। শ্ৰী মোদীয়ে কয় যে এই নীতি ফলপ্ৰসু ৰূপত বলৱৎ কৰাত শিক্ষকসকলৰ মহত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয় যে মধ্যপ্ৰদেশত ব্যাপক হাৰত চলোৱা শিক্ষক ভৰ্তি অভিযান এই দিশত এটা ডাঙৰ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি নিযুক্ত প্ৰায় আধা শিক্ষকক জনজাতীয় অঞ্চলত প্ৰতিনিযুক্ত কৰা হ'ব, যাৰ ফলত শিশুসকলৰ লাভ হ'ব। প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে মধ্যপ্ৰদেশ চৰকাৰে এই বছৰ এক লাখৰ অধিক চৰকাৰী পদত ভৰ্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, য'ত ৬০ হাজাৰ শিক্ষকৰ ভৰ্তি অন্তৰ্ভুক্ত আছে। ইয়াৰ পৰিণতিত মধ্যপ্ৰদেশে ৰাষ্ট্ৰীয় প্ৰাপ্তি সমীক্ষাত শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে বিজ্ঞাপনত খৰচ নকৰাকৈ ১৭তম স্থানৰ পৰা ৫ম স্থান পালেগৈ। প্ৰধানমন্ত্ৰীয়ে বিদ্যাৰ্থী, শিক্ষক আৰু মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সংস্থাপন আৰু আত্ম-সংস্থাপনক উদগণি যোগাবলৈ দক্ষতা বিকাশৰ ওপৰত বিশেষ জোৰ দি আছে। তেওঁ কয় যে যুৱক-যুৱতীক প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সমগ্ৰ দেশত কৌশল বিকাশ কেন্দ্ৰ খোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ বাজেটত ৩০টা স্কিল ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰ খোলা হ'ব, য'ত যুৱক-যুৱতীক নিউ এজ টেকনলজিৰ মাধ্যমত প্ৰশিক্ষিত কৰা হ'ব আৰু পিএম বিশ্বকৰ্মা যোজনাৰ মাধ্যমত সৰু সৰু কাৰিকৰসকলক প্ৰশিক্ষণ দিয়া আৰু তেওঁলোকক এমএছএমইৰ সৈতে সংযুক্ত কৰাৰ পদক্ষেপ লোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে আজি নিযুক্ত হোৱা হাজাৰ হাজাৰ শিক্ষকৰ ফালে উদ্দেশ্য কৰি কয় যে তেওঁলোকে নিজৰ হৃদয়ত বিদ্যাৰ্থীৰ বাবে সেই ধৰণৰ ঠাই বনাওক যি দৰে আমাৰ জীৱনত এগৰাকী মাতৃ বা এজন শিক্ষকে প্ৰভাৱ পেলায়। শ্ৰী মোদীয়ে কয়, "আপোনালোকে সদায়েই এই কথা মনত ৰখা দৰকাৰ যে আপোনালোকৰ শিক্ষাই কেৱল বৰ্তমানক নহয় বৰং দেশৰ ভৱিষ্যতকো আকাৰ দিব।" প্ৰধানমন্ত্ৰীয়ে কয় যে আপোনালোকৰ দ্বাৰা বিকশিত কৰা মূল্যবোধে কেৱল আজিৰ প্ৰজন্মৰ ওপৰতে নহয় বৰং অনাগত প্ৰজন্মৰ ওপৰতো সাৰ্থক প্ৰভাৱ পেলাব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Mahatma Ayyankali on his birth anniversary
August 28, 2026

The Prime Minister, Shri Narendra Modi, has paid homage to Mahatma Ayyankali on his birth anniversary, today. Shri Modi remembered Mahatma Ayyankali as a great pioneer of social justice, who dedicated his life to the empowerment and welfare of the marginalised. The Prime Minister highlighted his efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor.

The Prime Minister posted on X:

Paying homage to Mahatma Ayyankali on his birth anniversary!

He is remembered as a great pioneer of social justice. His efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor remain very inspiring. His life gives strength to all those working for social empowerment.