“যেতিয়া শিক্ষণৰ লগত জড়িত থাকে, তেতিয়া বিজয় নিশ্চিত হয়”
“দেশৰ নিৰাপত্তাৰ কথা আহিলেই সদায় বাকীসকলতকৈ আগৰণুৱা ৰাজস্থানৰ যুৱক-যুৱতীসকল”
“জয়পুৰ মহাখেলৰ সফল আয়োজন ভাৰতৰ প্ৰচেষ্টাৰ দিশত পৰৱৰ্তী গুৰুত্বপূৰ্ণ যোগসূত্ৰ”
“দেশখনে নতুন সংজ্ঞাৰে অমৃত কালত এক নতুন শৃংখলা সৃষ্টি কৰিছে”
“২০১৪ চনৰ পৰা দেশৰ ক্ৰীড়া বাজেট প্ৰায় তিনিগুণ বৃদ্ধি পাইছে”
“দেশত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে, খেল মহাকুম্ভৰ দৰে ডাঙৰ ডাঙৰ অনুষ্ঠানো পেছাদাৰীভাৱে আয়োজন কৰা হৈছে”
“কোনো যুৱক-যুৱতী টকাৰ যাতে অভাৱত পিছ পৰি নৰয়, সেই দিশত আমাৰ চৰকাৰ মনোযোগ দিছে”
“আপুনি ফিট থাকিলেহে, আপুনি ছুপাৰহিট হ’ব”
“ৰাজস্থানৰ শ্ৰী আন্না-বাজৰা আৰু শ্ৰী আন্না-জ্বৰ এই ঠাইৰ পৰিচয়”
“বহু প্ৰতিভাশালী আৰু বহুমাত্ৰিক সামৰ্থ্যৰ বাবে আজিৰ যুৱক-যুৱতীসকলে কেৱল এটা ক্ষেত্ৰতে আবদ্ধ হৈ থাকিব নিবিচাৰে”
“ক্ৰীড়া কেৱল এটা ধাৰা নহয়, ই এটা উদ্যোগ”
“যেতিয়া সম্পূৰ্ণ হৃদয়েৰে প্ৰচেষ্টা কৰা হয়, তেতিয়া ফলাফল নিশ্চিত হয়”
“আপোনালোকৰ মাজৰই পৰা দেশৰ বাবে পৰৱৰ্তী স্বৰ্ণ-ৰূপৰ পদক বিজয়ীসকল ওলাই আহিব”

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ কাবাদী মেচো প্ৰত্যক্ষ কৰে৷ জয়পুৰ গ্ৰাম্যৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোৰে ২০১৭ চনৰ পৰা জয়পুৰ মহাখেলৰ আয়োজন কৰি আহিছে।

সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে এই বৃহৎ প্ৰতিযোগিতাত পদক লাভ কৰা খেলুৱৈ, প্ৰশিক্ষক আৰু পৰিয়ালক অভিনন্দন জনায়। তেওঁ উল্লেখ কৰে যে খেলুৱৈসকলে কেৱল অংশগ্ৰহণৰ বাবেই নহয়, জয়ী হ’বলৈ আৰু শিকিবলৈহে ক্ৰীড়াক্ষেত্ৰখনৰ শোভাবৰ্ধন কৰিছে। “যেতিয়া শিক্ষণ জড়িত থাকে তেতিয়া বিজয় নিশ্চিত হয়”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত খালী হাতেৰে নাযায়।

এই প্ৰতিযোগিতাত ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ নাম নতুন উচ্চতালৈ লৈ যোৱা বহু প্ৰখ্যাত ব্যক্তিৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাম সিং, এছিয়ান গেমছৰ পদক বিজয়ী, পেৰা এথলীট দেৱেন্দ্ৰ ঝাঝৰিয়া, ধ্যানচান্দ খেলৰত্ন বঁটা বিজয়ী, সাক্ষী কুমাৰী, অৰ্জুন বঁটা বিজয়ী আৰু অন্যান্য জ্যেষ্ঠ খেলুৱৈৰ নাম লয়। ভাৰতৰ এই বিখ্যাত ব্যক্তিসকলে জয়পুৰ মহাখেলত যুৱ খেলুৱৈসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে যি ধাৰাবাহিক ক্ৰীড়া প্ৰতিযোগিতা আৰু খেল মহাকুম্ভৰ আয়োজন কৰা হৈছে, সেয়া হৈ থকা কীৰ্তিচিহ্নস্বৰূপ পৰিৱৰ্তনৰ প্ৰতিফলন। ৰাজস্থানৰ ভূমি যুৱক-যুৱতীসকলৰ আবেগ আৰু উজ্জ্বলতাৰ বাবে জনাজাত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভূমিৰ শিশুসকলে নিজৰ সাহসেৰে যুদ্ধক্ষেত্ৰক ক্ৰীড়াক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে আৰু ইতিহাস ইয়াৰ সাক্ষী৷ ‘ৰাজস্থানৰ যুৱক-যুৱতীসকলে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সদায় বাকীসকলতকৈ আগবাঢ়ি আহে”, প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ মানসিক আৰু শাৰীৰিক সামৰ্থ্যক গঢ় দিয়াৰ বাবে ৰাজস্থানৰ এই ক্ৰীড়াৰ পৰম্পৰাক কৃতিত্ব প্ৰদান কৰি মন্তব্য কৰে। তেওঁ মকৰ সংক্ৰান্তিৰ সময়ত আয়োজিত আৰু শ শ বছৰ ধৰি ৰাজস্থানৰ পৰম্পৰাৰ অংশ হৈ থকা দাদা, চিতোলিয়া, ৰুমাল ঝপাট্টা আদি পৰম্পৰাগত খেলৰ উদাহৰণ দাঙি ধৰে।

ৰাজস্থানৰ অসংখ্য খেলুৱৈয়ে নিজৰ ক্ৰীড়া অৱদানেৰে ত্ৰিৰংগাক নতুন উচ্চতালৈ লৈ যোৱা সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জয়পুৰৰ জনসাধাৰণে এজন অলিম্পিক পদক বিজয়ীক তেওঁলোকৰ সংসদ সদস্য হিচাপে নিৰ্বাচিত কৰিছে। সাংসদ শ্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোড়ৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ সংসদীয় ক্ৰীড়া প্ৰতিযোগিতাৰ ৰূপত অৱদান আগবঢ়াই নৱ প্ৰজন্মক প্ৰতিদান দি থকাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে অধিক ফলাফলৰ বাবে এনে প্ৰচেষ্টাসমূহ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰি জয়পুৰ মহাখেলৰ সফল আয়োজনৰ এই প্ৰচেষ্টাসমূহৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে উল্লেখ কৰে। জয়পুৰ মহাখেলৰ সফলতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জনাইছে যে এইবাৰৰ সংস্কৰণৰ প্ৰতিযোগিতাত ৬০০ৰো অধিক দল আৰু ৬৫০০ যুৱকে অংশগ্ৰহণ কৰিছে। তেওঁ ১২৫টাতকৈও অধিক ছোৱালীৰ দলৰ অংশগ্ৰহণৰ কথাও উল্লেখ কৰে যিয়ে এক সুখকৰ বাৰ্তা প্ৰেৰণ কৰে।

“স্বাধীনতাৰ অমৃত কালত দেশখনে নতুন সংজ্ঞাৰে নতুন ব্যৱস্থা গঢ়ি তুলিছে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে অৱশেষত ক্ৰীড়াক ৰাজনৈতিক দৃষ্টিকোণৰ পৰিৱৰ্তে খেলুৱৈৰ দৃষ্টিকোণৰ পৰা চোৱা হৈছে। তেওঁ কয় যে যুৱক-যুৱতীসকলৰ বাবে একোৱেই অসম্ভৱ নহয় আৰু তেওঁলোকৰ সামৰ্থ্য, আত্মসন্মান, আত্মনিৰ্ভৰশীলতা, সা-সুবিধা আৰু সম্পদৰ শক্তি বাস্তৱায়িত হ’লে প্ৰতিটো উদ্দেশ্য সহজ হৈ পৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এনে দৃষ্টিভংগীৰ আভাস এইবাৰৰ বাজেটতো দেখা যায়। তেওঁ জনোৱা মতে ২০১৪ চনৰ পূৰ্বে ৮০০-৮৫০ কোটিৰ তুলনাত এই বছৰ ক্ৰীড়া মন্ত্ৰালয়ৰ বাজেট ২৫০০ কোটি আবণ্টন দিয়া হৈছে। “২০১৪ চনৰ পৰা দেশৰ ক্ৰীড়া বাজেট প্ৰায় তিনিগুণ বৃদ্ধি পাইছে”, তেওঁ কয়। তেওঁ জনায় যে কেৱল ‘খেলো ইণ্ডিয়া’ অভিযানৰ বাবে ১০০০ কোটিৰো অধিক ধন আবণ্টন দিয়া হৈছে, যিটো দেশৰ ক্ৰীড়াৰ সা-সুবিধা আৰু সম্পদৰ উন্নয়নত ব্যয় কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ আৰু প্ৰতিভাৰ অভাৱ নাই, কিন্তু চৰকাৰৰ পৰা সম্পদ আৰু সমৰ্থন পৰ্যাপ্তভাৱে নোপোৱাৰ বাবে বাধাৰ সৃষ্টি কৰিছিল। তেওঁ কয় যে খেলুৱৈসকলে সন্মুখীন হোৱা এই সমস্যাসমূহ আজি সমাধান কৰা হৈছে। বিগত ৫-৬ বছৰ ধৰি আয়োজন কৰা জয়পুৰ মহাখেলৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো প্ৰান্তত বিজেপিৰ সাংসদসকলে খেল মহাকুম্ভৰ আয়োজন কৰি আছে য’ত হাজাৰ হাজাৰ যুৱকৰ প্ৰতিভাৰ উমান পোৱা গৈছে৷

প্ৰধানমন্ত্ৰীয়ে এই সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কৃতিত্ব প্ৰদান কৰে কাৰণ জিলা আৰু স্থানীয় পৰ্যায়ত ক্ৰীড়াৰ সা-সুবিধা গঢ়ি তোলা হৈছে। দেশৰ শতাধিক জিলাৰ লাখ লাখ যুৱক-যুৱতীৰ বাবে ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান ৰাজ্যৰ ওপৰত পোহৰ পেলায় য’ত বহু চহৰত ক্ৰীড়াৰ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। “আজি দেশত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে, খেল মহাকুম্ভৰ দৰে ডাঙৰ ডাঙৰ অনুষ্ঠানো পেছাদাৰী পদ্ধতিৰে আয়োজন কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয় যিখনক সৰ্বোচ্চ বাজেট এই আবণ্টন দিয়া হৈছে৷ তেওঁ ক্ৰীড়া ব্যৱস্থাপনা আৰু ক্ৰীড়া প্ৰযুক্তিৰ সৈতে জড়িত প্ৰতিটো শাখা শিকাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাৰ ফলত যুৱক-যুৱতীসকলে এই ক্ষেত্ৰসমূহত কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ সৃষ্টি কৰিব।

 “আমাৰ চৰকাৰ ধনৰ অভাৱত কোনো যুৱক-যুৱতী যাতে পিছ পৰি নাযাব, সেই দিশত মনোযোগ দিছে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এতিয়া বছৰি ৫ লাখ টকা পৰ্যন্ত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা খেলুৱৈক সহায় কৰিছে। তেওঁ লগতে কয় যে ডাঙৰ ডাঙৰ ক্ৰীড়া বঁটাতো দিয়া ধনৰাশি তিনিগুণলৈ বৃদ্ধি কৰা হৈছে। বছৰ বছৰ ধৰি খেলুৱৈয়ে অলিম্পিকৰ বাবে প্ৰস্তুতি চলাব পৰা টপছৰ দৰে আঁচনিৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে অলিম্পিকৰ দৰে বৃহৎ বিশ্ব প্ৰতিযোগিতাতো চৰকাৰে নিজৰ খেলুৱৈৰ সৈতে সম্পূৰ্ণ ক্ষমতাৰে থিয় দিছে।

কেৱল ক্ৰীড়াক্ষেত্ৰতে নহয় দৈনন্দিন জীৱনতো ফিটনেছ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিকোনো খেলুৱৈৰ বাবে ই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। তেওঁ কয়, “আপুনি ফিট থাকিলেহে, আপুনি ছুপাৰহিট হ’ব”৷ তেওঁ খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়াৰ দৰে অভিযানৰ কথা উল্লেখ কৰি ফিটনেছত খাদ্য আৰু পুষ্টিৰ ভূমিকাক আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰ হিচাপে উদযাপন কৰাৰ বিষয়ে অৱগত কৰি উল্লেখ কৰে যে ৰাজস্থানত বাজৰাৰ এক অতি চহকী পৰম্পৰা শ্ৰী আন্না। “ৰাজস্থানৰ শ্ৰী আন্না-বাজৰা আৰু শ্ৰী আন্না-জ্বৰ, এই ঠাইৰ পৰিচয়”, প্ৰধানমন্ত্ৰীয়ে ইয়াত বনোৱা বাজৰা দাইল আৰু চুৰ্মাৰ কথা মনত পেলায়। তেওঁ সকলো যুৱক-যুৱতীক কেৱল শ্ৰী আন্নাক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাই নহয়, ইয়াৰ ব্ৰেণ্ড এম্বেছাদৰ হ’বলৈও আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি থকা বুলি আলোকপাত কৰি আজিৰ যুৱক-যুৱতীসকলে বহু প্ৰতিভাশালী আৰু বহুমাত্ৰিক সামৰ্থ্যৰ বাবে কেৱল এটা ক্ষেত্ৰতে আবদ্ধ হৈ থাকিব নিবিচাৰে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে জনায় যে এফালে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলা হৈছে, আনহাতে এই বাজেটত শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে য’ত বিজ্ঞান, সংস্কৃত আৰু ইতিহাসৰ দৰে প্ৰতিটো বিষয়ৰ গ্ৰন্থ চহৰৰ পৰা গাঁৱলৈ প্ৰতিটো স্তৰতে উপলব্ধ হ’ব।

 “ক্ৰীড়া কেৱল এটা ধাৰা নহয়, বৰঞ্চ এটা উদ্যোগ”, প্ৰধানমন্ত্ৰীয়ে কয় কৰে যেতিয়া তেওঁ ক্ৰীড়াৰ সৈতে জড়িত বস্তু আৰু সম্পদ নিৰ্মাণ কৰা এমএছএমইৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰা বৃহৎ সংখ্যক লোকৰ কথা আঙুলিয়াই দিয়ে। তেওঁ ক্ৰীড়া খণ্ডৰ সৈতে জড়িত এমএছএমইসমূহক শক্তিশালী কৰাৰ বাবে বাজেটত কৰা বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ বিষয়ে অৱগত কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান অৰ্থাৎ পিএম বিকাশ যোজনাৰ উদাহৰণ দাঙি ধৰে যিয়ে হাতৰ দক্ষতা আৰু হাতৰ সঁজুলি থকা লোকসকলক যথেষ্ট সহায় কৰিব। তেওঁ আলোকপাত কৰে যে আমাৰ যুৱক-যুৱতীসকলক পিএম বিশ্বকৰ্মা যোজনাই দিয়া আৰ্থিক সহায়ৰ সহায়ত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হ’ব যাৰ ফলত তেওঁলোকৰ বাবে নতুন বজাৰ সৃষ্টি হ’ব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে “যেতিয়া সম্পূৰ্ণ হৃদয়েৰে প্ৰচেষ্টা চলোৱা হয়, তেতিয়া ফলাফল নিশ্চিত হয়।” টকিঅ’ অলিম্পিক আৰু কমনৱেলথ গেমছৰ সময়ত দেশখনে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ইয়াৰ ফলাফল সকলোৱে দেখাৰ বাবে। জয়পুৰ মহাখেলৰ সময়ত কৰা প্ৰচেষ্টাই ভৱিষ্যতে আচৰিত ফল বহন কৰিব বুলিও তেওঁ আলোকপাত কৰে। ‘আপোনালোকৰ মাজৰ পৰা দেশৰ বাবে পৰৱৰ্তী স্বৰ্ণ-ৰূপৰ পদক বিজয়ীসকল ওলাই আহিব। যদি আপোনালোক দৃঢ়প্ৰতিজ্ঞ হয় তেন্তে অলিম্পিকতো ত্ৰিৰংগাৰ গৌৰৱ বৃদ্ধি কৰিব। য'লৈকে যাওক, দেশলৈ সন্মান আনিব। মই নিশ্চিত, আমাৰ যুৱক-যুৱতীসকলে দেশৰ সফলতা বহু আগুৱাই লৈ যাব”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ সাংসদ ৰাজ্যৱৰ্ধন সিং ৰাথোড় উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Mapping the subsurface: How ICAR’s ‘Soil Intelligence’ is reshaping India’s mega infrastructure boom

Media Coverage

Mapping the subsurface: How ICAR’s ‘Soil Intelligence’ is reshaping India’s mega infrastructure boom
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Acharya Vinoba Bhave on his Jayanti
September 11, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to Acharya Vinoba Bhave on his Jayanti.

The Prime Minister said that Acharya Vinoba Bhave’s stirring call of ‘Jai Jagat’ transcended every boundary and placed humanity above all.

Shri Modi said that through his various efforts, Acharya Vinoba Bhave worked towards the welfare and empowerment of all.

The Prime Minister added that his unwavering faith in equality, dignity and service gave strength to the most marginalised.

Shri Modi posted on X;

“Tributes to Acharya Vinoba Bhave on his Jayanti.

His stirring call of ‘Jai Jagat’ transcended every boundary and placed humanity above all.

Through his various efforts, he worked towards the welfare and empowerment of all.
His unwavering faith in equality, dignity and service gave strength to the most marginalised.”