প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ উপভোক্তা পেটাৰ্ন আৰু আমি কেনেকৈ ইয়াৰ পৰিবেশগত প্ৰভাৱ হ্ৰাস কৰিব পাৰো, তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাটো আৱশ্যকীয়। তেখেতে কয়, এই সংক্ৰান্তত আমাৰ বহু প্ৰত্যাহ্বান সমাধানত চাৰ্কুলাৰ ইকনমি এটা মূল পদক্ষেপ হ’ব পাৰে। আজি তেখেতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰত-অষ্ট্ৰেলিয়া চাৰ্কুলাৰ ইকনমি হেকাথনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰিয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সা-সামগ্ৰীৰ ৰিচাইক্লিং আৰু পুনৰ ব্যৱহাৰ, আৱৰ্জনা মুক্তকৰণ আৰু সম্পদৰ কাৰ্যকাৰিতাৰ উন্নয়ন সাধন অৱশ্যেই আমাৰ জীৱন-প্ৰণালীৰ অংশ হ’ব লাগে। তেখেতে আশা ব্যক্ত কৰি কয় যে এই হেকাথনত প্ৰদৰ্শিত উদ্ভাৱনসমূহে চাৰ্কুলাৰ ইকনমি সমাধান সূত্ৰ নিৰূপণত আগুৱাই যাবলৈ দুয়োখন দেশকে অনুপ্ৰাণিত কৰিব। তেখেতে তদুপৰি এই ধাৰণাসমূহৰ বৰ্ধন আৰু বিকাশৰ অৰ্থে উপায় নিৰূপণৰ বাবে আহ্বান জনায়। “আমি কেতিয়াও পাহৰিব নালাগিব যে পৃথিৱী মাতৃয়ে আগবঢ়োৱা সকলোখিনিৰে আমি গৰাকী নহয়, কিন্তু আহিবলগীয়া সকলো ভৱিষ্যৎ প্ৰজন্মসমূহৰ বাবে এয়া মাথো সংৰক্ষক”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, হেকাথনত আজিৰ যুৱ সমাজৰ অংশগ্ৰহণৰ শক্তি আৰু আগ্ৰহ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দূৰদৰ্শী বন্ধুত্বৰ প্ৰতীক। “ক’ভিড-পৰৱৰ্তী বিশ্বখনৰ গঠন কাৰ্যত ভাৰত-অষ্ট্ৰেলিয়াৰ শক্তিশালী বন্ধুত্বই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আমাৰ যুৱ সমাজ, আমাৰ যুৱ উদ্ভাৱকসকল, আমাৰ ষ্টাৰ্টআপসমূহ এই বন্ধুত্বৰ সন্মুখত থাকিব” বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships