“আপোনালোক উদ্ভাৱকসকল ‘জয় অনুসন্ধান’ শ্লোগানৰ পতাকাধাৰী”
“আপোনালোকৰ অভিনৱ মানসিকতাই অহা ২৫ বছৰত ভাৰতক শীৰ্ষ স্থানত উপনীত কৰাব”
“ভাৰতৰ আকাংক্ষিত সমাজখনে অনাগত ২৫ বছৰত উদ্ভাৱনৰ চালিকা শক্তি হিচাপে কাম কৰিব”
“বৰ্তমান ভাৰতত প্ৰতিভা বিপ্লৱ হৈ আছে”
“গৱেষণা আৰু উদ্ভাৱনক কাম কৰাৰ পদ্ধতিৰ পৰা জীৱন-যাপনৰ পদ্ধতিলৈ ৰূপান্তৰিত কৰিব লাগিব”
“ভাৰতীয় উদ্ভাৱনে সদায় আটাইতকৈ প্ৰতিযোগিতামূলক, সুলভ, বহনক্ষম, সুৰক্ষিত আৰু স্কেলত সমাধান প্ৰদান কৰে”
“একবিংশ শতিকাৰ ভাৰতে ইয়াৰ যুৱক-যুৱতীসকলৰ প্ৰতি সম্পূৰ্ণ আস্থা লৈ অগ্ৰসৰ হৈছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ আগবঢ়ায়।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। কেৰেলাৰ পৰা অহা ছিক্স পিক্সেলক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰাচীন মন্দিৰত থকা পাঠ্য দেৱনাগৰীলৈ অনুবাদ কৰাৰ প্ৰকল্পৰ বিষয়ে সোধে। আটাইকেইজনা ছোৱালীৰে গঠিত দলটোৱে প্ৰকল্পটোৰ তথ্য, সুবিধা আৰু প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰে। তেওঁলোকে কয় যে লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে কাম কৰিছে।

তামিলনাডুৰ এক্সুৱেটৰছ দলক বিশেষভাৱে সক্ষম ব্যক্তিৰ সন্দৰ্ভত প্ৰত্যাহ্বান দিয়া হৈছিল। তেওঁলোকে বেকা ভৰি বা মানুহৰ আঁঠু সমস্যাৰ ওপৰত কাম কৰিছিল। তেওঁলোকৰ এক্সেৱেটৰ ‘প্ৰেৰাকে’ এনে মানুহক সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে চিকিৎসা সঁজুলিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এছআইএইচ জুনিয়ৰৰ বিজয়ী মাষ্টাৰ বিৰাজ বিশ্বনাথ মাৰাঠে গুজৰাটৰ পৰা ডিমেনচিয়া যে বিশ্বজোৰা স্বাস্থ্যজনিত সমস্যা সেই কথা উপলব্ধি কৰি ডিমেনচিয়াত আক্ৰান্ত লোকসকলৰ বাবে এইচকেম (HCam) নামৰ এটা মোবাইল গেম এপ্লিকেচন প্ৰস্তুত কৰিছে। ইয়াৰ লগত পূৰ্বৰ পৰিঘটনা আৰু ফটো তথা ভিডিঅ’ৰ দৰে প্ৰপছৰ আলোচনা জড়িত হৈ আছে। এই এপটোত আৰ্ট থেৰাপি, গেম, মিউজিক আৰু ভিডিঅ’ আছে, যিয়ে ডিমেনচিয়া ৰোগীৰ জ্ঞানৰ উন্নতিত সহায় কৰাৰ লগতে আত্মপ্ৰকাশৰ বাবে এক আউটলেট প্ৰদান কৰিব। যোগ প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ থকাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰশ্নৰ উত্তৰত বিৰাজে কয় যে তেওঁ যোগ প্ৰশিক্ষকৰ সৈতে যোগাযোগ কৰি আহিছে যিসকলে বৃদ্ধ বয়সৰ বাবে কেইটামান আসনৰ পৰামৰ্শ দিছে।

ৰাঁচীৰ বিআইটি মেছৰাৰ ডাটাক্লেনৰ অনিমেশ মিশ্ৰই ঘূৰ্ণীবতাহৰ ভৱিষ্যদ্বাণী কৰাত গভীৰ শিক্ষণৰ ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰে। তেওঁলোকে ইনছেটৰ পৰা উপগ্ৰহৰ ছবিৰ ওপৰত কাম কৰে। তেওঁলোকৰ কামে ঘূৰ্ণীবতাহৰ বিভিন্ন দিশৰ বিষয়ে ভালদৰে ভৱিষ্যদ্বাণী কৰাত সহায় কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্রকল্পটোৰ বাবে তথ্যৰ পৰ্যাপ্ততাৰ বিষয়ে প্রশ্ন কৰে৷ ইয়াৰ উত্তৰত অনিমেশে কয় যে ২০১৪ চনৰ পিছত ভাৰতৰ উপকূলত আঘাত কৰা ঘূৰ্ণীবতাহৰ বিষয়ে তেওঁলোকে বিবেচনা কৰিছে আৰু ইয়াৰ সঠিকতা প্ৰায় ৮৯ শতাংশ হৈছে। তেওঁ লগতে কয় যে এতিয়ালৈকে সংগ্ৰহ কৰা তথ্য কম হ’লেও, কিন্তু তেওঁলোকৰ কাৰিকৰী ক্ষমতাৰে তেওঁলোকে সৰ্বোচ্চ সঠিকতা আৰু ফলাফল লাভৰ বাবে চেষ্টা কৰিছে।

পশ্চিমবংগৰ পৰা অহা টীম সৰ্বজ্ঞাৰ প্ৰিয়ংশ দীৱানে ইণ্টাৰনেট অবিহনে ৰেডিঅ’ ছেটত মাল্টিমিডিয়া ডাটা সুৰক্ষিতভাৱে হস্তান্তৰ কৰিব পৰাকৈ তেওঁৰ দলৰ কামৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ কয় যে এই ব্যৱস্থা স্থাপন কৰিলে গোপনীয়তাৰ সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান কৰিব পৰা যাব কাৰণ এপটো থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে আৰু ছাৰ্ভাৰসমূহো ভাৰতত অৱস্থিত। প্ৰধানমন্ত্ৰীয়ে প্ৰিয়ংশক সেনাই সীমান্তৱৰ্তী অঞ্চলত এই ব্যৱস্থাটো ব্যৱহাৰ কৰিব পাৰে নেকি বুলি সোধাত প্ৰিয়ংশে কয় যে ইয়াত ট্ৰেন্সমিছন এনক্ৰিপ্ট কৰা হৈছে যাৰ ফলত সংকেত প্ৰতিৰোধৰ ভাবুকি থকা অঞ্চলত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এই ব্যৱস্থাৰ জৰিয়তে ভিডিঅ’ ফাইল প্ৰেৰণৰ দিশত দলটোৱে কাম কৰি আছে নেকি বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰিয়ংশক সোধে৷ প্ৰিয়ংশে কয় যে যিহেতু ট্ৰেন্সমিছন মিডিয়াম একেই আছে, সেয়ে ভিডিঅ’ ট্ৰেন্সমিট কৰাটো সম্ভৱ আৰু দলটোৱে কাইলৈ ​​হ’বলগীয়া হেকাথনত ভিডিঅ’ ট্ৰেন্সমিট কৰাৰ দিশত কাম কৰি আছে৷

অসমৰ আইডিয়েল-বিটছ দলৰ নিতেশ পাণ্ডেই আইপিআৰ আবেদন দাখিল কৰিবলৈ তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলৰ বাবে তেওঁলোকে প্ৰস্তুত কৰা এপটোৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে৷ কৃত্ৰিম বুদ্ধিমত্তা আৰু অন্যান্য প্ৰযুক্তিৰ পেটেণ্ট আবেদন দাখিলৰ প্ৰক্ৰিয়াটো সৰল কৰাৰ বাবে এপটো ব্যৱহাৰ কৰিব পাৰিব। এই এপটোৱে উদ্ভাৱকসকলক কেনেদৰে সহায় কৰিব সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰশ্নৰ উত্তৰত নীতিশে কয় যে এই এপ্লিকেচনে উদ্ভাৱকসকলক পেটেণ্টৰ বিষয়ে আৰু ইয়াৰ সৈতে কেনেদৰে যোগাযোগ কৰিব পাৰি সেই বিষয়ে জ্ঞান প্ৰদান কৰে। পেটেণ্ট দাখিল কৰিবলৈ ইচ্ছুক উদ্ভাৱকসকলৰ বাবে এই এপটোৱে এক পূৰ্ণ পৰ্যায়ৰ সমাধান দিব। ইয়াৰ উপৰি ই উদ্ভাৱকজনক ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্ন এজেণ্টৰ সৈতে যোগাযোগ কৰিবলৈ সহায় কৰিব, যি তেওঁলোকৰ সমস্যা সমাধান কৰাত সহায়ক হ’ব পাৰে৷

উত্তৰ প্ৰদেশৰ টীম আইৰিছৰ অংশিত বনছালে তেওঁলোকৰ অপৰাধ হটস্পট সৃষ্টি আৰু মেপিং সৃষ্টিৰ সমস্যাৰ বৰ্ণনা কৰে। অপৰাধ ক্লাষ্টাৰৰ মেপ কৰিবলৈ তত্বাৱধানহীন মেচিন লাৰ্নিং এলগৰিদম নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে মডেলটোৰ নমনীয়তা আৰু মাপন সক্ষমতাৰ বিষয়ে প্ৰশ্ন কৰে। প্ৰধানমন্ত্ৰীয়ে এই আৰ্হিৰে ড্ৰাগছৰ ভাবুকি মোকাবিলা কৰিব পৰা যাব নেকি বুলিও সোধে। ইয়াৰ উত্তৰত অংশিতে কয় যে মডেলটোক প্ৰদান কৰা অপৰাধমূলক তথ্যৰ গোটৰ ওপৰত ভিত্তি কৰি কাম কৰাৰ বাবে ই ভৌগোলিক অৱস্থানৰ ওপৰত নিৰ্ভৰশীল নহয়, সেয়েহে এই মডেলটো মাপনযোগ্য৷

পঞ্জাৱৰ এছআইএইচ জুনিয়ৰৰ বিজয়ী মাষ্টাৰ হৰমনজোত সিঙে স্মাৰ্ট গ্লভছ সন্দৰ্ভত তেওঁৰ প্ৰকল্প প্ৰদৰ্শন কৰে, যাৰদ্বাৰা স্বাস্থ্যৰ পৰিমাপসমূহ নিৰীক্ষণ কৰা হয়। স্মাৰ্ট গ্লভে ইণ্টাৰনেট অৱ মেডিকেল থিংছৰ মডেলত কাম কৰে আৰু ই মানসিক স্বাস্থ্য, হৃদস্পন্দন, ৰক্তচাপ, দেহত অক্সিজেনৰ মাত্ৰা, মেজাজ ধৰা পেলোৱা, হাতৰ কঁপনি আৰু শৰীৰৰ উষ্ণতা আদি স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ নিৰীক্ষণ কৰাত সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পিতৃ-মাতৃয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থনৰ আগবঢ়োৱাৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে।

পঞ্জাৱৰ সমীধাৰ ভাগ্যশ্ৰী সানপালাই মেচিন লাৰ্নিং আৰু উপগ্ৰহ প্ৰযুক্তিৰ জৰিয়তে জাহাজৰ সঠিক সময়ত ইন্ধন নিৰীক্ষণৰ বিষয়ে তেওঁলোকৰ সমস্যাৰ সন্দৰ্ভত কয়। সমীধাৰ লক্ষ্য মানৱবিহীন সামুদ্ৰিক নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা। প্ৰধানমন্ত্ৰীয়ে ভাগ্যশ্ৰীক এই ব্যৱস্থা অন্য ক্ষেত্ৰতো প্ৰয়োগ কৰিব পৰা যাব নেকি বুলি প্ৰশ্ন কৰে৷ ভাগ্যশ্ৰীয়ে প্ৰত্যুত্তৰত সেয়া সম্ভৱ বুলি জনায়।

অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে এছআইএইচ জনসাধাৰণৰ অংশগ্ৰহণৰ এক গুৰুত্বপূৰ্ণ উপায় হৈ পৰিছে। নৱ প্ৰজন্মৰ প্ৰতি তেওঁ সম্পূৰ্ণ আত্মবিশ্বাসী বুলিও কয়। ‘স্বাধীনতাৰ ১০০ বছৰৰ পাছত আমাৰ দেশ কেনেকুৱা হ’ব সেই সন্দৰ্ভত দেশে ডাঙৰ ডাঙৰ সংকল্পৰ কাম কৰি আছে। আপোনালোকেই হৈছে সেইসকল উদ্ভাৱক, যিসকলে এই সংকল্পসমূহ পূৰণৰ বাবে ‘জয় অনুসন্ধান’ শ্লোগানৰ পতাকাধাৰী”, তেওঁ কয়। শ্ৰী মোদীয়ে অহা ২৫ বছৰত যুৱ উদ্ভাৱকসকলৰ সফলতা আৰু দেশৰ সফলতাৰ মিলিত কক্ষপথৰ ওপৰত আলোকপাত কৰে। “আপোনালোকৰ উদ্ভাৱনীমূলক মানসিকতাই অহা ২৫ বছৰত ভাৰতক শীৰ্ষ অৱস্থানত উপনীত কৰিব”, তেওঁ লগতে কয়।

আকাংক্ষিত সমাজ সন্দৰ্ভত তেওঁৰ স্বাধীনতা দিৱসৰ ঘোষণাৰ কথা পুনৰ দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক ২৫ বছৰত এই আকাংক্ষিত সমাজখনে চালিকা শক্তি হিচাপে কাম কৰিব। এই সমাজৰ আকাংক্ষা, সপোন আৰু প্ৰত্যাহ্বানে উদ্ভাৱকসকলৰ বাবে বহু সুযোগৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৭-৮ বছৰত ইটোৰ পিছত সিটো বিপ্লৱৰ মাজেৰে দেশখন দ্ৰুতগতিত আগবাঢ়িছে। ‘বৰ্তমান ভাৰতত আন্তঃগাঁথনি বিপ্লৱ চলি আছে। ভাৰতত বৰ্তমান স্বাস্থ্য খণ্ডৰ বিপ্লৱ চলি আছে। ভাৰতত বৰ্তমান ডিজিটেল বিপ্লৱ চলি আছে। বৰ্তমান ভাৰতত প্ৰযুক্তি বিপ্লৱ চলিব ধৰিছে। ভাৰতত বৰ্তমান প্ৰতিভা বিপ্লৱ চলি আছে”, শ্ৰী মোদীয়ে উল্লেখ কৰে৷ বৰ্তমান প্ৰতিটো খণ্ডক আধুনিক কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দৈনন্দিন নতুন নতুন ক্ষেত্ৰ আৰু প্ৰত্যাহ্বানসমূহে উদ্ভাৱনীমূলক সমাধান বিচাৰিছে। তেওঁ উদ্ভাৱকসকলক কৃষি সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ কয়। তেওঁ যুৱ উদ্ভাৱকসকলক প্ৰতিখন গাঁৱতে অপটিকেল ফাইবাৰ আৰু ৫জি মুকলি কৰা, এই দশকৰ শেষভাগলৈ ৬জিৰ বাবে প্ৰস্তুতি, গেমিং পৰিস্থিতিতন্ত্ৰৰ প্ৰচাৰ আদি পদক্ষেপসমূহৰ সম্পূৰ্ণ সুবিধা ল’বলৈ কয়। তেওঁ কয় যে ভাৰতীয় উদ্ভাৱনে সদায় আটাইতকৈ প্ৰতিযোগিতামূলক, সুলভ, বহনক্ষম, সুৰক্ষিত আৰু পৰিসৰত সমাধান দিয়ে৷ সেইবাবেই বিশ্বই আশাৰে ভাৰতৰ ফালে চাই আছে।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰতত উদ্ভাৱন সংস্কৃতি বৃদ্ধি কৰিবলৈ হ’লে আমি দুটা দিশত একেৰাহে গুৰুত্ব আৰোপ কৰিব লাগিব—সামাজিক সমৰ্থন আৰু প্ৰতিষ্ঠানিক সমৰ্থন৷ প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে সমাজত উদ্ভাৱনক বৃত্তি হিচাপে গ্ৰহণ কৰাটো বৃদ্ধি পাইছে আৰু এনে পৰিস্থিতিত আমি নতুন চিন্তাধাৰা আৰু মৌলিক চিন্তাধাৰাক গ্ৰহণ কৰিব লাগিব। “গৱেষণা আৰু উদ্ভাৱনক কাম কৰাৰ পদ্ধতিৰ পৰা জীৱন-যাপনৰ পদ্ধতিলৈ ৰূপান্তৰিত কৰিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত উদ্ভাৱনৰ এক শক্তিশালী ভেটি গঢ়ি তোলাৰ বাবে এক ৰোডমেপ আছে। অটল টিংকাৰিং লেব আৰু আই-ক্ৰিয়েটে প্ৰতিটো স্তৰতে উদ্ভাৱনক প্ৰসাৰিত কৰি আছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে একবিংশ শতিকাৰ আজিৰ ভাৰতে নিজৰ যুৱ প্ৰজন্মৰ প্ৰতি সম্পূৰ্ণ আস্থা লৈ অগ্ৰসৰ হৈছে। তেওঁ আলোকপাত কৰে যে ইয়াৰ ফলস্বৰূপে বৰ্তমান উদ্ভাৱন সূচকাংকত ভাৰতৰ ৰেংকিং উন্নীত হৈছে। বিগচ ৮ বছৰত পেটেণ্টৰ সংখ্যা ৭ গুণ বৃদ্ধি পাইছে। ইউনিকৰ্ণৰ সংখ্যাও ১০০ অতিক্ৰম কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ যুৱ প্ৰজন্মই সমস্যাৰ দ্ৰুত আৰু স্মাৰ্ট সমাধান লৈ আগুৱাই আহিছে। এনে হেকাথনৰ আঁৰত চিন্তা কৰা হৈছে যে নৱ প্ৰজন্মই সমস্যাসমূহৰ সমাধান প্ৰদান কৰিব লাগে আৰু যুৱ প্ৰজন্ম, চৰকাৰ আৰু ব্যক্তিগত সংগঠনসমূহৰ মাজত এই সহযোগিতামূলক মনোভাৱ ‘সবকা প্ৰয়াস’ৰ এক মহান উদাহৰণ বুলিও তেওঁ কয়।

পটভূমিঃ

দেশত বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত এক উদ্ভাৱনী মনোভাৱ গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীৰ অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে। এই দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি ২০১৭ চনত স্মাৰ্ট ইণ্ডিয়া হেকাথন (এছআইএইচ)আৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত সামগ্ৰী উদ্ভাৱন, সমস্যা সমাধান আৰু অপৰিসীম চিন্তা কৰিবপৰা সংস্কৃতি গঢ়ি তোলা।

এছআইএইচৰ ক্ৰমৱৰ্ধমান জনপ্ৰিয়তাৰ পৰা এইটো অনুমান কৰিব পাৰি যে এছআইএইচৰ বাবে পঞ্জীয়ন কৰা দলৰ সংখ্যা প্ৰথম সংস্কৰণত প্ৰায় ৭,৫০০ৰ পৰা চলিত পঞ্চম সংস্কৰণত চাৰিগুণ বৃদ্ধি পাই প্ৰায় ২৯,৬০০ হৈছে। এই বছৰ ১৫,০০০তকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু নিৰীক্ষকে ৭৫টা ন’ডেল চেণ্টাৰলৈ গৈ এছআইএইচ ২০২২ৰ গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিছে। ২,৯০০খনতকৈও অধিক বিদ্যালয় আৰু ২,২০০খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে ৫৩টা কেন্দ্ৰীয় মন্ত্ৰালয়ৰ য’ত মন্দিৰৰ শিলালিপিৰ অপটিকেল কেৰেক্টাৰ ৰেকগনিচন (অ’চিআৰ) আৰু দেৱনাগৰী লিপিৰ অনুবাদ, শীতল যোগান শৃংখলত আইঅ’টিসক্ষম বিপদ নিৰীক্ষণ ব্যৱস্থাকে ধৰি নষ্ট হ'ব পৰা খাদ্য সামগ্ৰী, দুৰ্যোগগ্ৰস্ত অঞ্চলত ভূখণ্ড, আন্তঃগাঁথনি আৰু পথৰ অৱস্থাৰ হাই-ৰিজ'লিউচন ৩ডি মডেল আদিকে ধৰি ৪৭৬টা সমস্যাৰ সমাধান কৰিব।

এই বছৰ বিদ্যালয় পৰ্যায়ত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলা আৰু সমস্যা সমাধানৰ মনোভাৱ গঢ়ি তোলাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰীক্ষামুলকভাৱেও স্মাৰ্ট ইণ্ডিয়া হেকাথন-জুনিয়ৰ প্ৰৱৰ্তন কৰা হৈছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi reviews projects with investment of Rs 30,000 crore under PRAGATI meeting

Media Coverage

PM Modi reviews projects with investment of Rs 30,000 crore under PRAGATI meeting
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to Address Youth at Khelo India Dialogue on 27th August
August 26, 2026
Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform
Yuva Samvaad under Khelo India Dialogue to Focus on Five Key Themes: Sports, Olympic Aspirations, Youth Leadership, Viksit Bharat and Nasha Mukt Yuva

Prime Minister Shri Narendra Modi will address Khelo India Dialogue on 27th August at 11 AM via video conferencing. The programme aims to help the youth engage with India's sporting journey, share their aspirations, and contribute ideas for a stronger youth-led Viksit Bharat.

Organised by Mera Yuva Bharat (MY Bharat), as part of the National Sports Day 2026 celebrations, the programme will be conducted across the country with participation of youth at two colleges in every district across States and Union Territories. The programme is being held in line with the Prime Minister's vision of building a fit, disciplined and sporting nation while placing the aspirations of youth at the centre of the national development agenda.

The nationwide Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform. It will provide a direct channel for young people to engage with the country's sporting ambitions, while ensuring that their ideas and perspectives become part of the continuing conversation on India's youth and sports ecosystem.

The national programme will be followed by local interactions involving young participants, MY Bharat volunteers, local sportspersons and public representatives. A major feature of the initiative will be direct interaction between youth having interest in sports and leading Indian athletes and medal winners. A central feature of the programme will be Yuva Samvaad where Young participants will be invited to articulate their own ideas, perspectives and aspirations. The dialogue will be structured around five themes:

  • improving India's sports ecosystem through better facilities, coaching, sports science and inclusive participation;
  • nurturing talent for the 2036 Olympics via scientific talent identification, transparent selection and long-term athlete development;
  • creating youth leaders through governance platforms and MY Bharat-led volunteering;
  • empowering youth for Viksit Bharat by building civic mindedness, future-ready skills and structured volunteering;
  • promoting a Nasha Mukt Yuva movement that leverages sport and peer networks to fight substance abuse, reinforced by weekly Jan Bhagidari activities under PM's 100-week nationwide campaign launched on 2 August 2026.