Aatmanirbhar Bharat Abhiyan is about giving opportunities to the youth, technocrats: PM Modi
COVID-19 has taught the world that while globalisation is important, self reliance is also equally important: PM
Quality innovation by the country's youth will help build 'Brand India' globally: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন আইআইটি স্নাতকসকলক দশৰ আৱশ্যকতাক চিনাক্ত কৰা আৰু তৃণমূল স্তৰত হৈ থকা পৰিৱৰ্তনৰ সৈতে জড়িত হোৱাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত সাধাৰণ মানুহৰ আকাংক্ষাসমূহকো চিনাক্ত কৰাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত আইআইটি দিল্লীৰ ৫১তম বাৰ্ষিক দীক্ষান্ত সমাৰোহত আজি মুখ্য অতিথি হিচাপে ভাষণ দিয়ে।

২০০০তকৈ অধিক আইআইটি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ দীক্ষান্ত সমাৰোহত অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ অভিযান এটা মিছন যি দেশৰ যুৱক-যুৱতী, টেকন'ক্ৰেটছ আৰু টেকনিকেল-উদ্যম অধিনায়কসকলক সুযোগ প্ৰদান কৰে। তেওঁ কয় যে আজি টেকন'ক্ৰেটছৰ বিচাৰ আৰু নৱোন্মেষনক স্বতন্ত্ৰ ৰূপত বলৱৎ কৰা আৰু সিবিলাক সহজে বজাৰলৈ আনিবলৈ অনুকূল বাতাবৰণ সৃষ্টি কৰা হৈছে। তেওঁ কয় যে আজিৰ ভাৰত নিজৰ যুৱক-যুৱতীসকলক 'ব্যৱসায় কৰাত সুচলতা' প্ৰদান কৰিবৰ বাবে সংকল্পবদ্ধ যাতে তেওঁলোকে নিজৰ নৱোন্মেষনৰ মাধ্যমত দেশৰ কোটি কোটি মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। শ্ৰী মোদীয়ে কয় যে দেশে আপোনালোকক 'ব্যৱসায় কৰাত সুচলতা' প্ৰদান কৰিব আৰু আপোনালোকে এই দেশৰ জনসাধাৰণক 'জীৱন যাপনত সৰলতা' অনাৰ দিশত কাম কৰিব। তেওঁ কয় যে সাম্প্ৰতিক সময়ত প্ৰায় প্ৰতিটো ক্ষেত্ৰত কৰা ব্যাপক সংস্কাৰৰ অন্তৰালতো এই বিচাৰ প্ৰক্ৰিয়াই আছে। তেওঁ সেই ক্ষেত্ৰবিলাককো তালিকাবদ্ধ কৰে য'ত সংস্কাৰৰ ফলত প্ৰথমবাৰ নৱোন্মেষন আৰু নতুন ষ্টাৰ্ট আপৰ বাবে সুযোগ সৃষ্টি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অন্য সেৱা প্ৰদানকাৰী (অ'এছপি) দিক-নিৰ্দেশনা সৰল কৰা হৈছে আৰু শেহতীয়াকৈ আঁতৰ কৰা প্ৰতিবন্ধকতাৰ ফলত বিপিঅ' ইণ্ডাষ্ট্ৰীজৰ অনুপালনৰ বোজা কম কৰিব পৰা যাব। তেওঁ কয় যে বিপিঅ' উদ্যোগক বেংক গেৰাণ্টীসহ বিভিন্ন আৱশ্যকতাৰ পৰা ৰেহাই দিয়া হৈছে। তেওঁ কয় যে টেকনিকেল উদ্যোগক ঘৰৰ পৰা কাম অথবা যিকোনো ঠাইৰ পৰা কাম কৰাৰ দৰে সুবিধাত বাধা দিয়া ব্যৱস্থাৱলীও আঁতৰাই দিয়া হৈছে। ই দেশৰ আইটি ক্ষেত্ৰক বৈশ্বিক স্তৰত প্ৰতিযোগিতামূলক কৰিব আৰু যুৱ প্ৰতিভাক অধিক সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰত সেই দেশসমূহৰ অন্তৰ্ভুক্ত য'ত কৰ্পৰেট টেক্স সবাতোকৈ কম। ষ্টাৰ্ট আপ ইণ্ডিয়া অভিযানৰ পিছৰ পৰা ভাৰতত ৫০ হাজাৰতকৈ অধিক ষ্টাৰ্ট আপ আৰম্ভ হৈছে। তেওঁলোকে যোৱা পাঁচ বছৰত পেটেণ্টৰ সংখ্যা চাৰিগুণ বৃদ্ধি, ট্ৰেড মাৰ্ক পঞ্জীকৰণ পাঁচগুণ বৃদ্ধিৰ দৰে ষ্টাৰ্ট আপছক উৎসাহিত কৰাৰ সন্দৰ্ভত চৰকাৰৰ প্ৰয়াসৰ পৰিণতিক তালিকাভুক্ত কৰে। তেওঁ কয় যে যোৱা বছৰবিলাকত ২০টাতকৈ অধিক ভাৰতীয় প্ৰতিষ্ঠান স্থাপন কৰা হৈছে আৰু এই সংখ্যা অহা এটা বা দুটা বছৰত আৰু বাঢ়িব।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ইনক্যুবেচনৰ পৰা বিত্ত পোষনলৈকে ষ্টাৰ্ট আপক সহায় কৰা হৈছে। ষ্টাৰ্ট আপৰ বিত্তপোষন সন্দৰ্ভত তেওঁ কয় যে ১০ হাজাৰ কোটি টকাৰ এটা কোষ গঠন কৰা হৈছে। ৩ বছৰৰ সময়ৰ উপৰি, ষ্টাৰ্ট আপক কৰ ৰেহাই, স্ব-প্ৰমাণন আৰু সহজ নিৰ্গমনৰ দৰে কেইবাটাও সুবিধা প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে আজি কয় যে ৰাষ্ট্ৰীয় প্ৰাথমিক আন্তঃগাঁথনি পাইপলাইনৰ জৰিয়তে ১ লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ই দেশজুৰি এক অত্যাধুনিক প্ৰাথমিক আন্তঃগাঁথনিৰ নিৰ্মাণ কৰিব যি এই বৰ্তমান আৰু ভৱিষ্যৎ দুয়োটাৰে প্ৰয়োজনীয়তা পূৰণ কৰিব। তেওঁ কয় যে আজি দেশে প্ৰতিটো ক্ষেত্ৰতে অধিকতম ক্ষমতা আহৰণ কৰিবৰ বাবে নতুন পদ্ধতিৰে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ কৰ্মস্থলীৰ বাবে চাৰিটা মন্ত্ৰ দিয়ে-

  • মানদণ্ডৰ ওপৰত মনোযোগ দিয়ক; কেতিয়াও আপোচ নকৰিব
  • মাননীয়তা সুনিশ্চিত কৰক; নিজৰ নৱোন্মেষণ ব্যাপক হাৰত ব্যৱহাৰ কৰক
  • বিশ্বস্ততা সুনিশ্চিত কৰক; বজাৰত দীৰ্ঘকালীন বিশ্বাস গঢ়ি তোলক
  • অনুকূলনশীলতা আনক; জীৱনৰ এটা পথৰ ৰূপত পৰিৱৰ্তন আৰু অনিশ্চয়তাক স্বীকাৰ কৰিবলৈ সাজু থাকক

তেওঁ কয় যে এই মূল মন্ত্ৰৰে কাম কৰিলে এক পৰিচয়ৰ লগতে ব্ৰেণ্ড ইণ্ডিয়াও উজ্জ্বল হ'ব, কিয়নো ছাত্ৰ-ছাত্ৰীসকল ভাৰতৰ সবাতোকৈ ডাঙৰ ব্ৰেণ্ড এম্বেছেডৰ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ কামৰ জৰিয়তে দেশৰ সামগ্ৰীয়ে বৈশ্বিক পৰিচয় লাভ কৰিব আৰু দেশৰ প্ৰয়াস ত্বৰান্বিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিডৰ পিছৰ পৃথিৱী যথেষ্ট সলনি হ'বলৈ গৈ আছে আৰু প্ৰযুক্তিয়ে ইয়াত সবাতোকৈ ডাঙৰ ভূমিকা পালন কৰিব। তেওঁ কয় যে ভাৰ্চুৱেল বস্তু-স্থিতিৰ বিষয়ে কেতিয়াও ভবা হোৱা নাছিল, কিন্তু এতিয়া ভাৰ্চুৱেল বস্তু-স্থিতি যথাৰ্থ হৈ পৰিছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বৰ্তমান বেচ্চক শিকোৱা আৰু কৰ্মস্থলীত সন্মুখলৈ অহা নতুন মানদণ্ডৰ অনুকূল হোৱাৰ লাভ আছে আৰু তেওঁ ছাত্ৰ-ছাত্ৰীক ইয়াৰ অধিক প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে কোভিড-১৯য়ে শিকাইছে যে বৈশ্বিকৰণ গুৰুত্বপূৰ্ণ কিন্তু আত্মনিৰ্ভৰতাও সিমানেই গুৰুত্বপূৰ্ণ।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে শেহতীয়া দিনবোৰত দেখুৱাইছে যে কেনেকৈ প্ৰযুক্তিগত শাসনক সৰ্বাধিক দুখীয়াৰ কাষলৈ লৈ যাবৰ বাবে সবাতোকৈ শক্তিশালী সম্পদ। তেওঁ চৰকাৰৰ সেই পৰিকল্পনাসমূহ যেনে শৌচালয় নিৰ্মাণ, গেছ কানেকচন আদিক তালিকাভুক্ত কৰিলে যাৰ মাধ্যমত সৰ্বাধিক দুখীয়ালৈকে নিজৰ গমন সৃষ্টি কৰা হয়। তেওঁ কয় যে দেশে সেৱাৰ ডিজিটেল ডেলিভাৰীত দ্ৰুত গতিত প্ৰগতি কৰিছে আৰু সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তুলিছে। তেওঁ কয় যে প্ৰযুক্তিয়ে অন্তিম স্তৰলৈকে বিতৰণক পাৰদৰ্শী কৰি তুলিছে আৰু ভ্ৰষ্টাচাৰ কম কৰিছে। ডিজিটেল লেন-দেনৰ ক্ষেত্ৰতো ভাৰত পৃথিৱীৰ কেইবাখনো দেশতকৈ বহু আগত আছে আৰু বিকশিত দেশেও ইউপিআইৰ দৰে ভাৰতীয় প্লেটফৰ্ম ব্যৱহাৰ কৰিব বিচাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিয়ে স্বামীত্ব যোজনাত এক ডাঙৰ ভূমিকা পালন কৰি আছে যাক অলপতে শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ জৰিয়তে প্ৰথমবাৰ আৱাসিক আৰু ভূ সম্পত্তিৰ মেপিং কৰা হৈছে। তেওঁ কয় যে প্ৰথমে এই কাম মেনুৱেল ৰূপত কৰা গৈছিল আৰু এনেকৈ সন্দেহ আৰু আশংকাও স্বাভাৱিক আছিল। আজি, ড্ৰোন টেকনিকৰ ব্যৱহাৰ কৰি, এই মানচিত্ৰ প্ৰস্তুত কৰা হৈছে আৰু গাঁওবাসীও ইয়াত সম্পূৰ্ণৰূপে সন্তুষ্ট। ইয়াৰ পৰা জনা যায় যে ভাৰতৰ সাধাৰণ নাগৰিকৰ টেকনিকৰ ওপৰত কিমান বিশ্বাস আছে। তেওঁ কয় যে প্ৰযুক্তিয়ে সংকট ব্যৱস্থাপনাৰ পিছত, ভূজলৰ স্তৰ অটুট ৰখা, টেলিমেডিচিন টেকনিক আৰু ৰিম'ট ছাৰ্জাৰী, ব্যাপক ডাটা বিশ্লেষণ আদিৰ দৰে প্ৰত্যাহ্বানত সমাধান দিব পাৰে।

 

তেওঁ ছাত্ৰ-ছাত্ৰীৰ অসাধাৰণ ক্ষমতাৰ প্ৰশংসা কৰে কিয়নো তেওঁলোকে কম বয়সতে সবাতোকৈ কঠিন পৰীক্ষাৰ এটাত উত্তীৰ্ণ হৈছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক নিজৰ ক্ষমতা আৰু বৃদ্ধি কৰিবলৈ স্থিতিস্থাপক আৰু বিনয়ী হ'বলৈ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে স্থিতিস্থাপকতা বুলি তেওঁ ইয়াকে বুজাইছে যে অভিপ্ৰায় যিকোনো স্তৰত নিজৰ পৰিচয় ত্যাগ নকৰি এটা টিমৱৰ্কৰ ৰূপত কাম কৰিলে কেতিয়াও ইতস্ততঃ হ'ব নালাগে আৰু বিনয়ী বুলি তেওঁ বুজাব বিচাৰিছে যে কাৰোবাৰ সফলতা আৰু উপলব্ধিৰ ওপৰত গৌৰৱ কৰি নিজকে অহংকাৰৰ পৰা আতৰি থাকি তৃণমূলৰ সৈতে সংযুক্ত হৈ থকা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীক্ষান্ত সমাৰোহৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ, মাৰ্গ দৰ্শক আৰু ফেকাল্টীসকলকো শুভ কামনা জনায়। তেওঁ আইআইটি দিল্লীৰ হীৰক জয়ন্তী সমাৰোহকো নিজৰ শুভেচ্ছা জনাই তেওঁলোকক চলিত দশকত প্ৰতিষ্ঠানৰ দ্বাৰা দিয়া লক্ষ্য আহৰণত সফলতা কামনা কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
World Bank lifts India FY27 growth view to 6.6%, sees strong recovery

Media Coverage

World Bank lifts India FY27 growth view to 6.6%, sees strong recovery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.