Once the people of India decide to do something, nothing is impossible: PM Modi
Banks were nationalised but that did not give the poor access to these banks. We changed that through Jan Dhan Yojana: PM
All round and inclusive development is essential. Even in the states with strong development indicators there would be areas which would need greater push for development: PM
Serving in less developed districts may not be glamorous but it will give an important platform to make a positive difference: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত নীতি আয়োগৰ এক সভাত পিছপৰা জিলাসমূহৰ আয়ুক্ত তথা ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত সাক্ষাৎ কৰে।

২০২২ চনৰ ভিতৰত পৰিৱৰ্তিত ভাৰত গঢ়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যি সপোন দেখিছে সেই বিষয়ৰ ওপৰতে উক্ত সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰে ১১৫ খন পিছপৰা জিলাত ক্ষীপ্ৰ প্ৰগতিৰ বাবে কিছুমান নীতি নিৰ্ধাৰণ কৰিছিল।

ছটা গোটে পুষ্টি, শিক্ষা, প্ৰাথমিক আন্তঃগাঁথনি, কৃষি, জলসম্পদ, বাঁওপন্থী উগ্ৰবাদৰ নিয়ন্ত্ৰণ, বিত্তীয় অন্তৰ্ভূক্তি আৰু দক্ষতা বিকাশ সম্পৰ্কত আলোচনা আগবঢ়ায়।

কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী তথা বিষয়া উপস্থিত থকা উক্ত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া তেওঁৰ বাবে ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত প্ৰথমখন সভা আৰু সেয়ে এই সভা অতি গুৰুত্বপূৰ্ণ।

তেওঁ কয় যে তুলনামূলকভাৱে কিছমান অঞ্চল পিছপৰি থকাটোৱে সেই ঠাইৰ মানুহখিনিৰ ওপৰত অন্যায় হোৱাটো বুজায়।সেয়ে ড০ আম্বেদকাৰৰ নীতি-আদৰ্শক সৰোগত কৰি ১১৫ খন পিছপৰা জিলাত ক্ষীপ্ৰ প্ৰগতিৰ এই পদক্ষেপ লোৱা হৈছে।

জন ধন যোজনা, শৌচালয় নিৰ্মাণ, গ্ৰাম্য বৈদ্যুতিকৰণ আদিৰ উদাহৰণ দি তেওঁ কয় যে আমাৰ দেশত সংকল্প দৃঢ় হ’লে কোনো কামেই অসম্ভৱ নহয়।তেওঁ ভূমি পৰীক্ষা আদি নতুন পদক্ষেপসমূহৰ উদাহৰণো দাঙি ধৰে।

তেওঁ কয় যে, ভাৰতত এতিয়া সীমাহীন সম্ভাৱনীয়তা, সীমাহীন সুযোগ, সীমাহীন শক্তি। ব্যৱসায় কৰা এতিয়া সহজ।তেওঁ ভাৰত চৰকাৰৰ বিষয়াসকলক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, সাধাৰণ মানুহেও দেশৰ উন্নতিত অৰিহণা যোগাব পাৰে। তেওঁ আজি উপস্থাপন হোৱা বিষয়সমূহৰ আলোচনাৰ স্পষ্টতা আৰু দৃঢ়তাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, আঞ্চলিক অসমতা বাঢ়িবলৈ দিব নালাগে। সেয়ে পিছপৰা জিলাসমূহত ক্ষীপ্ৰ প্ৰগতি অতি প্ৰয়োজনীয়। মানুহৰ মানসিকতা প্ৰথমে যোগাত্মক কৰিব লাগিব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰগতিৰ গণবিপ্লৱ আনিবলৈ হ’লে মূল মানুহখিনিৰ চিন্তা মিলিব লাগিব।তাৰবাবে তেওঁ জিলা পৰ্যায়ত বিষয়াসকল একেলগ হৈ চিন্তাৰ কৰ্ষণ কৰিবলৈ আহ্বান জনায়।ব্যৱস্থাগতভাৱে মানুহক এই প্ৰগতিৰ অংশীদাৰ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত তেওঁ স্বচ্ছ ভাৰত অভিযানৰ উদাহৰণ দাঙি ধৰে।

আমি এই জিলাসমূহৰ মানুৰ আশা আকাংক্ষাক বুজি লৈ সেই অনুপাতে সংগঠিত ভাৱে কাম কৰিব লাগিব।প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, মানুৰ আশা আকাংক্ষাক বুজিব পাৰিলেহে জনসাধাৰণৰ অংশ গ্ৰহণ সম্ভৱ হ’ব। এই ১১৫ খন জিলাৰ আয়ুক্তসকলে উন্নয়নমূলক কাম কৰাৰ আৰু নিজৰ সন্তুষ্টি লাভৰ এই সুবিধা পাইছে। প্ৰত্যাহ্বানে সফলতাৰ বাট কাটি দিয়ে।তেওঁ অনাগত তিনিমাহৰ ভিতৰত, ১৪ এপ্ৰিলত বাবা চাহেব আম্বেদকাৰৰ জন্মজয়ন্তীৰ সময়তে স্পষ্ট ফলাফল লাভ কৰিব বুলি আশা ব্যক্ত কৰে।তেওঁ ব্যক্তিগতভাৱে সেই জিলাসমূহ এপ্ৰিল মাহত ভ্ৰমণ কৰাৰ আশা ব্যক্ত কৰে। তেওঁ কয় যে, এই ১১৫ জিলাতেই নতুন ভাৰতৰ ভেটি নিৰ্মাণ হওক।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Mahatma Ayyankali on his birth anniversary
August 28, 2026

The Prime Minister, Shri Narendra Modi, has paid homage to Mahatma Ayyankali on his birth anniversary, today. Shri Modi remembered Mahatma Ayyankali as a great pioneer of social justice, who dedicated his life to the empowerment and welfare of the marginalised. The Prime Minister highlighted his efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor.

The Prime Minister posted on X:

Paying homage to Mahatma Ayyankali on his birth anniversary!

He is remembered as a great pioneer of social justice. His efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor remain very inspiring. His life gives strength to all those working for social empowerment.