প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।

 

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰবাসীসকলৰ অৱদান সম্পৰ্কে তেওঁৰ মতামত ব্যক্ত কৰে। তেওঁ কয় যে যি সময়ত ভাৰত আৰু অষ্ট্ৰিয়া দুয়োখন বন্ধু ৰাষ্ট্ৰই কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰি আছে, সেই সময়ত ইয়ালৈ কৰা ভ্ৰমণে এই অনুষ্ঠানটোক সঁচাকৈয়ে বিশেষ কৰি তুলিছে। দুয়োখন দেশৰ ভাগ-বতৰা কৰা গণতান্ত্ৰিক মূল্যবোধ আৰু বহুত্ববাদী নীতি-নিয়মৰ কথা মনত পেলাই তেওঁ শেহতীয়া নিৰ্বাচনৰ বিস্তৃতি, পৰিসৰ আৰু সফলতাৰ কথা উল্লেখ কৰে, য’ত ভাৰতীয়সকলে ধাৰাবাহিকতাৰ বাবে ভোটদান কৰিলে, যাৰ ফলত তেওঁ তৃতীয় কাৰ্যকালৰ বাবে ঐতিহাসিক জনাদেশ লাভ কৰিলে।

 

প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত ভাৰতৰ পৰিৱৰ্তনশীল অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে আৰু বিশ্বাস ব্যক্ত কৰে যে ভাৰত অদূৰ ভৱিষ্যতে তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব, যি ২০৪৭ চনৰ ভিতৰত এখন বিকশিত দেশ – বিকশিত ভাৰত – হোৱাৰ পথত অগ্ৰসৰ। তেওঁ এই বিষয়ে উল্লেখ কৰে যে কেনেকৈ সেউজ বৃদ্ধি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অষ্ট্ৰিয়াৰ বিশেষজ্ঞই ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰিব পাৰে। যাৰ ফলত ইয়াৰ উচ্চ বৃদ্ধিৰ গতি আৰু বিশ্বব্যাপী খ্যাতিসম্পন্ন ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰৰ সুবিধা ল’ব পাৰি। তেওঁ ভাৰতৰ "বিশ্ববন্ধু" হোৱাৰ লগতে বিশ্বৰ প্ৰগতি আৰু কল্যাণত অৰিহণা যোগোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰবাসী ভাৰতীয় সমুদায়ক আহ্বান জনায় যে তেওঁলোকে নিজৰ মাতৃভূমিৰ সৈতে নিজৰ সাংস্কৃতিক আৰু আৱেগিক সম্পৰ্কক লালন-পালন কৰা অব্যাহত ৰাখক, যদিও তেওঁলোক নিজৰ নতুন মাতৃভূমিত সমৃদ্ধ হৈছে। এই প্ৰসংগত, তেওঁ ভাৰতীয় দৰ্শন, ভাষা আৰু ধাৰণাসমূহৰ প্ৰতি গভীৰ বৌদ্ধিক আগ্ৰহৰ কথা উল্লেখ কৰে যি যুগ যুগ ধৰি অষ্ট্ৰিয়াত বিদ্যমান।

 

অষ্ট্ৰিয়াত প্ৰায় ৩১০০০জন ভাৰতীয় প্ৰবাসীয়ে বাস কৰে। ভাৰতীয় প্ৰবাসীসকলৰ মাজত মূলতঃ স্বাস্থ্যসেৱা আৰু অন্যান্য খণ্ড তথা বহুপক্ষীয় ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহত কাম কৰা পেছাদাৰী অন্তৰ্ভুক্ত। অষ্ট্ৰিয়াত উচ্চ শিক্ষা গ্ৰহণ কৰা প্ৰায় ৫০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers