Our aim is to reduce India's carbon footprint by 30-35% and increase the share of natural gas by 4 times : PM
Urges the youth of the 21st century to move forward with a Clean Slate
The one who accepts challenges, confronts them, defeats them, solves problems, only succeeds: PM Modi
The seed of success lies in a sense of responsibility: PM Modi
There is no such thing as ‘cannot happen’: PM Modi Sustained efforts bring results: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তন মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ একেটা দিনতে ৪৫ মেগাৱাট ক্ষমতাসম্পন্ন এক মনোক্ৰিষ্টালাইন ছ’লাৰ ফটোভোলটেক পেনেলৰো শিলান্যাস কৰে। ইয়াৰ উপৰিও তেওঁ ৱাটাৰ টেকন’লজীৰ এক উৎকৰ্ষ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে সেই বিশ্ববিদ্যালয় কেম্পাছত এটা ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেন্টাৰ আৰু টেকন’লজী বিজনেছ ইনকিউবেশ্যন আৰু ট্ৰান্সলেশ্যনেল ৰিচাৰ্ছ চেন্টাৰ আৰু স্প’ৰ্টছ কমপ্লেক্সৰো আনুষ্ঠানিক উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে তেওঁৰ ভাষণত কয়, সমগ্ৰ বিশ্বই বৰ্তমান যি পৰিস্থিতিৰ মাজেৰে চলিবলগীয়া হৈছে তেনে এক পৰিস্থিতিত পৰীক্ষাত অৱতীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীসকলে স্নাতক উত্তীৰ্ণ হোৱা বিষয়টো মুঠেই সহজ নহয়। সেই ক্ষেত্ৰত তেওঁলোকৰ এই অভিপ্ৰায় আৰু দক্ষতা অৱশ্যেই প্ৰশংসনীয়। তেওঁ লগতে কয় বৰ্তমান এই অতিমাৰি পৰিস্থিতিত স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে শিল্প ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ লৈছে। য’ত সমগ্ৰ বিশ্বতে শক্তি আৰু ইন্ধন বা এনাৰ্জী খণ্ডলৈ বিভিন্ন পৰিৱৰ্তন আহিছে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ভাৰতে শক্তি আৰু ইন্ধন ক্ষেত্ৰত প্ৰভূত উন্নতি সাধন কৰিছে। বৃদ্ধি পাইছে কৰ্মসংস্থান। ইয়াৰ সমান্তৰালকৈ কাৰ্বন ফুটপ্ৰিন্ট ৩০ ৰ পৰা ৩৫ শতাংশলৈ হ্ৰাস পাইছে। প্ৰাকৃতিক গেছৰ উৎপাদন চাৰি গুণ বৃদ্ধি কৰাই লক্ষ্য হৈ উঠিছে। আগন্তুক পাঁচ বছৰৰ ভিতৰত তৈল শোধন ক্ষেত্ৰত উৎপাদন ক্ষমতা দ্বিগুণ বৃদ্ধি পাব বুলে তেওঁ আশা প্ৰকাশ কৰে। ছাত্ৰ-ছাত্ৰী আৰু পেশাদাৰীসকলৰ বাবে এক পুঁজি গঠন কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰছাত্ৰীসকলৰ সমূখত তেওঁলোকৰ উদ্দেশ্য আৰু প্ৰয়োজনবোৰ জানিবলৈ বিচাৰে। তেওঁ কয়, জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিলে অৱশ্যেই সাফল্য আহিব। প্ৰধানমন্ত্ৰীয়ে জনায় যে ১৯২২ চনৰ পৰা ৪৭ বছৰ পৰ্যন্ত যুৱকসকলে দেশৰ স্বাধীনতাৰ বাবে নিজকে নিবেদন কৰিছিল। আত্মনিৰ্ভৰ ভাৰত গঠনৰ ক্ষেত্ৰত আধুনিক প্ৰজন্মক আগুৱাই অহাৰ আহ্বান জনায় তেওঁ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, দায়িত্বজ্ঞানৰ ওপৰতে জীৱনৰ উন্নতি নিৰ্ভৰ কৰে। দেশে আজি বিভিন্ন ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। সদ্য স্নাতক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ দেশ গঠনৰ কামত দায়বদ্ধতাৰ কথাও তেওঁ উল্লেখ কৰে।

বৰ্তমান প্ৰজন্মলৈ প্ৰধানমন্ত্ৰীৰ আবেদন, নিৰ্মল হৃদয় আৰু পৰিষ্কাৰ উদ্দেশ্য লৈ আমি আগবাঢ়িব লাগিব। একৈশ শতিকাত ভাৰতৰ উন্নয়ন আৰু ত্বৰান্বিত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Embassy provided great assistance to get us out: Indian fishermen after returning to the country from Iran

Media Coverage

Indian Embassy provided great assistance to get us out: Indian fishermen after returning to the country from Iran
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi