প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ কালাবুৰাগী আৰু তামিলনাডুৰ কাঞ্চীপুৰমত ভালেমান গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প মুকলি কৰে।

কৰ্ণাটকৰ কালাবুৰাগীত আধাৰশিলা মুকলিৰে প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু ইএছআইচি হস্পিতাল আৰু চিকিসা মহাবিদ্যালয় দেশৰ প্ৰতি উছৰ্গা কৰে। তেওঁ লগতে হুবালিত কেআইএমএছৰ ছুপাৰ স্পেচিয়েলিটি ব্লক, বেংগালুৰুত ইনকাম টেক্স এপীলেট ট্ৰিবিউনেল গৃহ আৰু বাঙ্গালোৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে ছাত্ৰীনিবাসো মুকলি কৰে বুটাম টিপি। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা মুকলি কৰি বিপিচিএল ডিপো ৰাইচুড়ৰো শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা – আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে।

তামিলনাডুৰ কাঞ্চীপুৰমত প্ৰধানমন্ত্ৰীয়ে ভালেমান ঘাইপথ প্ৰকল্প মুকলি কৰে, ইয়াৰ ভিতৰত আছে বিক্ৰাবান্দিৰ পৰা থাঞ্জাৱুৰলৈ ফ’ৰলেনযুক্ত ৪৫চি নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰাইপেট্টাইৰ পৰা ৱালাজাপেটলৈ থকা পথ অংশক ছয় লেনযুক্ত পথ হিচাপে নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন। প্ৰধানমন্ত্ৰীয়ে ৫এমএমটিপিএ সামৰ্থ্যৰ এন্ন’ড় এলএনজি টাৰ্মিনেলটো দেশবাসীলৈ উছৰ্গা কৰে। এই এল এন জি টাৰ্মিনেলটোৱে তামিলনাডু আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ এলএনজিৰ চাহিদা পূৰণ কৰিব। তেওঁ লগতে এৰোড-কাৰুৰ-তিৰুচ্চিৰাপল্লী আৰু ছালেম-কাৰুৰ-দিন্দিগুল ৰে’ললাইনৰ বৈদ্যুতিকৰণো দেশবাসীৰ প্ৰতি উছৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে ভিডিঅ’ লিংকযোগে চেন্নাইৰ ড. এমজিআৰ জানকী কলেজ অৱ আৰ্টছ এণ্ড ছায়েন্স চৌহদত থকা ড. এম জি ৰামচন্দ্ৰনৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে।

উল্লেখ্য যে আজি মুকলি হোৱা এই উন্নয়নমূলক প্ৰকল্পসমূহে কৰ্ণাটক আৰু তামিলনাডুৰ জনসাধাৰণক ব্যাপকভাৱে লাভৱান্বিত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 আগষ্ট 2026
August 18, 2026

PM Modi’s 12 Years of Structural Power: Manufacturing, FTAs, Airports & Uncompromising Security