প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ত্ৰিপুৰাৰ যাত্ৰাত পৰম্পৰা আৰু আধুনিকতাৰ এক অসাধাৰণ সংমিশ্ৰণ আছে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন দেখিবলৈ পাইছে আৰু ইয়াৰ জনসাধাৰণে ভাৰতৰ বিকাশৰ পথত গতি প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ আগন্তুক দিনবোৰত অধিক সমৃদ্ধি লাভৰ বাবে প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত পোষ্ট কয়;
"ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জনাইছো। ত্ৰিপুৰাৰ এই যাত্ৰাত পৰম্পৰা আৰু আধুনিকতাৰ এক অসাধাৰণ সংমিশ্ৰণ আছে। এই ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন দেখিবলৈ পাইছে আৰু ইয়াৰ জনসাধাৰণে ভাৰতৰ বিকাশৰ গতিপথত গতি যোগাইছে। মই প্ৰাৰ্থনা কৰিছো যে ত্ৰিপুৰাই আগন্তুক সময়ত আৰু অধিক সমৃদ্ধি লাভ কৰক।
Warm greetings to the people of Tripura on their Statehood Day. Tripura’s journey is marked by a remarkable blend of tradition and modernity. The state has witnessed pioneering transformations in diverse fields and its people are adding momentum to India’s growth trajectory. I…
— Narendra Modi (@narendramodi) January 21, 2026


