প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জ্যেষ্ঠ নেতা শ্ৰী ইমকং এল ইমচেনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে নাগালেণ্ডৰ উন্নয়নত অসাধাৰণ অৱদানৰ বাবে শ্ৰী ইমচেনক স্মৰণ কৰা হ’ব। তেওঁ কেইবাবছৰ ধৰি ৰাজহুৱা জীৱনত সক্ৰিয় হৈ থকাৰ লগতে জনজাতীয় লোকসকলৰ কল্যাণৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ হৈ আছিল। তেওঁৰ বিধানসভা আৰু মন্ত্ৰীত্বৰ কাৰ্যকালৰ প্ৰভাৱ আৰু নিষ্ঠাৰ বাবে সদায়েই স্মৰণীয় হৈ ৰ’ব।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়।
"নাগালেণ্ডৰ উন্নয়নত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে শ্ৰী ইমকং এল ইমচেনজী স্মৰণীয় হৈ থাকিব। কেইবাবছৰ ধৰি ৰাজহুৱা জীৱনত সক্ৰিয় হৈ থকাৰ লগতে জনজাতীয় লোকসকলৰ কল্যাণৰ প্ৰতি তেওঁ বিশেষভাৱে দায়বদ্ধ আছিল। তেওঁৰ বিধানসভা আৰু মন্ত্ৰীত্বৰ কাৰ্যকালৰ প্ৰভাৱ আৰু নিষ্ঠাৰ বাবে সদায়ে স্মৰণীয় হৈ ৰ'ব। তেওঁ নাগালেণ্ডত বিজেপিক শক্তিশালী কৰাৰ দিশতো অৰিহণা যোগাইছিল।এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।"
Shri Imkong L. Imchen Ji will be remembered for his outstanding contribution to Nagaland's development. He had been active in public life for several years and was particularly passionate about welfare of tribal communities. His legislative and ministerial tenures will be fondly…
— Narendra Modi (@narendramodi) November 12, 2025


