আঁচনিখন ১৩০০০-১৫০০০ কোটি টকাৰ প্ৰাৰম্ভিক আৱণ্টনেৰে আৰম্ভ হ'ব
দেশৰ প্ৰায় ১৩.৫ কোটি দৰিদ্ৰ জনতাই দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত হৈ নতুন মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰিছে: শ্ৰী নৰেন্দ্ৰ মোদী পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তিসকলক লাভান্বিত কৰিবলৈ ‘বিশ্বকৰ্মা যোজনা’ ঘোষণা প্ৰধানমন্ত্ৰীৰ আঁচনিখন ১৩০০০-১৫০০০ কোটি টকাৰ প্ৰাৰম্ভিক আৱণ্টনেৰে আৰম্ভ হ'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ প্ৰদান কৰি অনাগত দিনত ‘বিশ্বকৰ্মা যোজনা’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই আঁচনিখন পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তিসকলক লাভান্বিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “অনাগত সময়ত আমি বিশ্বকৰ্মা জয়ন্তী উপলক্ষে এক আঁচনি আৰম্ভ কৰিম, যাৰ ফলত পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তি, বিশেষকৈ অ’বিচি সম্প্ৰদায় উপকৃত হ'ব।” প্ৰধানমন্ত্ৰীয়ে কয়, “শিপিনী, সোণাৰি, কমাৰ, ধোবা, নাপিত আদি ধৰণৰ কাৰিকৰী দক্ষ পৰিয়ালক ‘বিশ্বকৰ্মা যোজনা’ৰ জৰিয়তে সবলীকৃত কৰা হ'ব। এই আঁচনি প্ৰায় ১৩,০০০-১৫,০০০ কোটি টকাৰ আৱণ্টনেৰে আৰম্ভ হ’ব।”

ইয়াৰ পূৰ্বে ভাষণত শ্ৰী মোদীয়ে দৰিদ্ৰতা দূৰীকৃত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ বিষয়ে কয়। তেওঁ কয়, “আমাৰ কাৰ্যকালৰ প্ৰথম পাঁচ বছৰত এই প্ৰচেষ্টাৰ ফলস্বৰূপে ১৩.৫ কোটি দৰিদ্ৰ দেশবাসী আৰু মহিলাই নিজকে দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত হৈ নতুন মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰিছে।”

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে যিয়ে ১৩.৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সমৰ্থ কৰি তুলিছে। সেইবোৰৰ ভিতৰত প্ৰধানতঃ প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি, যাৰ জৰিয়তে পদপথৰ বিক্ৰেতাসকলক ৫০,০০০ কোটি টকা প্ৰদান কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি, যাৰ জৰিয়তে কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ২.৫ লাখ কোটি টকা জমা কৰা হৈছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India