কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আৰ আমনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উদ্ভাৱক আৰু ষ্টাৰ্টআপৰ সজীৱ পৰিৱেশ তন্ত্ৰৰ বিষয়ে আলোকপাত কৰে।তেওঁ অৰ্ধপৰিবাহী আৰু চিপ নিৰ্মাণৰ জগতখনত প্ৰতিষ্ঠানটোৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ কথাও কয়।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
'কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমান ক্রিষ্টিয়ানো আৰ আমনক লগ পাই আনন্দিত হৈছো। আমি কোৱালকমে এআই আৰু প্ৰযুক্তিৰ অন্যান্য ভৱিষ্যতৰ ক্ষেত্ৰত কেনেকৈ ভাৰতীয় উদ্ভাৱক আৰু ষ্টাৰ্টআপৰ সৈতে কাম কৰিব পাৰে সেই বিষয়ত আলোচনা কৰিলোঁ ।
@Qualcomm
@cristianoamon”
Was delighted to meet Mr. Cristiano R. Amon, President & CEO, Qualcomm Inc. We discussed how Qualcomm can work with Indian innovators and StartUps in AI and other futuristic areas of technology. We also talked about working closely in the world of semiconductors and chip… pic.twitter.com/sD60S61iON
— Narendra Modi (@narendramodi) February 20, 2026


