প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন হ’ল কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ অনু্ষ্ঠান আৰু  ই বিদেশত থকা ভাৰতীয়সকলক একগোট হোৱাৰ গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। আমাৰ প্ৰাণৱন্ত প্ৰৱাসী সমূদায়ৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি অহা ৯ জানুৱাৰীত ক’ভিড মহামাৰী সত্ত্বেও ১৬সংখ্যক প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন কৰা হ’ব। ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ মূল বিষয়বস্তু হ’ল ‘আত্মনিৰ্ভৰ ভাৰতলৈ অৱদান’।

প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন তিনিটা ভাগত অনুষ্ঠিত হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলন উদ্বোধন কৰিব। যুৱ প্ৰজন্মৰ মাজত অনুষ্ঠিত ভাৰত কো জানিয়ে অনলাইন কুইজৰ বিজয়ীসকলৰ নাম এই অনুষ্ঠানতে ঘোষণা কৰা হ’ব।

উদ্বোধনী অনুষ্ঠানৰ পাছতে দুখন পূৰ্ণাংগ অধিৱেশনৰ আয়োজন কৰা হৈছে। প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ’ব আত্মনিৰ্ভৰ ভাৰত অভিযানত প্ৰৱাসী ভাৰতীয়ৰ ভূমিকা সন্দৰ্ভত। এই অধিৱেশনত উপস্থিত থাকিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা তথা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী। একেদৰে, দ্বিতীয়খন অভিৱেশনৰ বিষয়বস্তু হ’ল-স্বাস্থ্য, অৰ্থনীতি, সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ক’ভিডৰ পিছৰ প্ৰত্যাহ্বান। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে এই অধিৱেশন সম্বোধন কৰিব। উভয় অভিৱেশনতে আলোচক্ৰচক্ৰ সন্নিৱিষ্ট কৰা হৈছে, য’ত প্ৰখ্যাত প্ৰৱাসী বিশেষজ্ঞই অংশ ল’ব।

সামৰণি অনুষ্ঠাত ভাষণ আগবঢ়াব ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে। প্ৰৱাসী ভাৰতীয় সন্মিলন বঁটা বিজয়ী(২০২০-২১)সকলৰ নামো ঘোষণা কৰা হ’ব। বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে প্ৰৱাসী ভাৰতীয়সকলক এই বঁটাৰ বাবে বাঁচনি কৰা হয়।

৮ জানুৱাৰী,২০২১ত যুৱ প্ৰৱাসী ভাৰতীয় দিৱসো পালন কৰা হ’ব। এই দিৱসৰ মূল বিষয়বস্তু হ’ল-ভাৰত আৰু প্ৰৱাসী ভাৰতীয় সমূদায়ৰ মাজৰ পৰা সফল যুৱক-যুৱতীসকলক একগোট কৰোৱা। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীয়ে অনুষ্ঠানটো সঞ্চালনা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future