অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ দেশবাসীক শান্তি আৰু সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়৷ তেওঁ কয়, অযোধ্যা বিষয়ক লৈ মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ৰায় প্ৰদান কৰিছে৷ এই ৰায়ক কোনেও জয় অথবা পৰাজয় হিচাপে চোৱা অনূচিত৷ ৰাম ভক্তিয়েই হওঁক বা ৰহিম ভক্তিয়েই হওঁক, এইটো অনিবাৰ্য যে আমি ৰাষ্ট্ৰভক্তিৰ মনোভাৱ হে শক্তিশালী কৰিম৷ শান্তি আৰু সম্প্ৰীতি অটুট ৰখাটো কামনা কৰিলো! 

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে উচ্চতম ন্যায়ালয়ৰ অযোধ্য ৰায় উল্লেখযোগ্য কাৰণ এইটোৱে প্ৰকট কৰিছে যে যিকোনো বিবাদ আইনী প্ৰক্ৰিয়াৰ মাজেৰে সৌহাদ্যপূৰ্ণভাৱে সমাধান কৰিব পৰা যায়৷ এইটোৱে আমাৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা, পাৰদৰ্শিতা আৰু দূৰদৰ্শিতাক পুনৰ প্ৰমাণ কৰাৰ লগতে  আইন যে সকলোৰে বাবে সমান তাক স্পষ্টকৈ প্ৰদৰ্শিত কৰিলে৷

ন্যায়াধীশসকলে দশক দশক ধৰি চলি থকা এটা সমস্যা সৌহাদ্যপূৰ্ণভাৱে সামৰিলে৷ প্ৰতিটো পক্ষক, প্ৰতিটো দৃষ্টিকোণৰৰ নিজা মত প্ৰকাশ কৰাৰ বাবে যথোপযুক্ত সময় দিয়া হয়৷ এই ৰায়ে ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অধিক বৃদ্ধি কৰিব,প্ৰধানমন্ত্ৰীয়ে লগতে কয়৷

আজিৰ ৰায়দান প্ৰক্ৰিয়া চলি থকাৰ সময়ত ১৩০ কোটি ভাৰতীয়ই নিৰৱতা আৰু শান্তি বজাই ৰখাটোৱে ভাৰতৰ জন্মগত শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে৷ এই একতা আৰু একাত্মবোধৰ মনোভাৱে আমাৰ দেশৰ উন্নয়নত শক্তি যোগাব৷ প্ৰতিগৰাকী ভাৰতীয়ই সবল হওঁক, তাকে কামনা কৰিলো,তেওঁ কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India’s sports economy crossed the $2 billion mark in 2025 and what's driving the boom

Media Coverage

How India’s sports economy crossed the $2 billion mark in 2025 and what's driving the boom
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, seeks blessings of Maa Kaalratri
March 25, 2026

The Prime Minister, Shri Narendra Modi, sought the blessings of Maa Kaalratri and prayed that her grace enriches everyone’s life with courage, resolve and success.

The Prime Minister said that the worship of the Goddess instils renewed self-confidence among devotees and fills everyone with a new sense of energy.

The Prime Minister shared a Sanskrit verse-

“वामपादोल्लसल्लोहलताकण्टकभूषणा। वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी॥”

The Prime Minister also shared a recital in praise of the Goddess.

In a post on X, Shri Modi said;

“मां कालरात्रि को नमन! उनके आशीष से सबका जीवन साहस, संकल्प और सफलता से समृद्ध हो यही कामना है।

वामपादोल्लसल्लोहलताकण्टकभूषणा।

वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी॥”

“देवी मां की आराधना भक्तों में नए आत्मविश्वास का संचार करती है। उनकी साधना हर किसी को एक नई ऊर्जा से भर देती है।”