প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালা ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়৷ এক পৰ্যবেক্ষণ বৈঠকৰ পাছত তেওঁ আকাশ মাৰ্গৰে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে৷ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীক সংগ দিয়ে ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কে.জে.আলফনছ আৰু আন বিষয়ববীয়াই৷

বানপানীৰ ফলত প্ৰাণ হেৰুওৱা আৰু বিস্তৰ ক্ষয়–ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে গভীৰ দুখ আৰু সমবেদনা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়ন আৰু ৰাজ্য চৰকাৰৰ বিষয়ববীয়াৰ সৈতে এক গুৰুত্বপূ্ৰ্ণ বৈঠকত মিলিত হৈ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷

পৰ্যালোচনা বৈঠকৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ ৫০০ কোটি টকাৰ বান সাহায্য ঘোষণা কৰে৷ ১২ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰা ১০০ কোটি টকাৰ উপৰি এই ৫০০ কোটি অতিৰিক্তকৈ ৰাজ্যখনে লাভ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক আশ্বাস দিয়ে যে প্ৰয়োজন অনুসৰি সকলো খাদ্যসামগ্ৰী, চিকিৎসা সামগ্ৰী, ঔষধ আদি কেন্দ্ৰই তেওঁলোকক যোগান ধৰিব৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা বানত প্ৰাণ হেৰুৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়ালবৰ্গলৈ ২লাখ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকললৈ ৫০,০০০ টকাৰ আৰ্থিক অনুদানো ঘোষণা কৰিছে৷

ক্ষতিগ্ৰস্ত পৰিয়াল/উপভোক্তাই যাতে সামাজিক সুৰক্ষা আইনৰ অধীনত সময়মতে ক্ষতিপূৰণ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ বীমা কোম্পানীসমূহক বিশেষ শিবিৰ আয়োজন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ ফচল বীমা যোজনাৰ অধীনত কৃষকসকলৰ বীমা দাবীসমূহ সোনকালে পূৰণ কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷

বানপানীত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথ সোনকালে মেৰামতি কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ বানপানীয়ে উটুৱাই নিয়া গাঁওবাসীৰ কেঁচা ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত নিৰ্মাণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনিৰ অধীনত ৫.৫ কোটি ব্যক্তি দিন শ্ৰম বাজেট ২০১৮–১৯ত অনুমোদন জনোৱা হৈছে৷ ক্ষতিগ্ৰস্ত উদ্যান শস্য পুনৰ ৰোপনৰ বাবে চৰকাৰে কৃষকক ‘উদ্যান শস্যৰ একীকৃত উন্নয়ন অভিযান’ আঁচনিৰ অধীনত সহায়ৰ হাত আগবঢ়াব৷

কেৰালাৰ বান পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া আৰু গভীৰভাৱে পৰ্যবেক্ষণ কৰি আছে৷ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰলৈ কেন্দ্ৰই সকলো সহায়–সহযোগিতা আগবঢ়াই আহিছে৷ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিছে৷

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কে.জে.আলফনছ আৰু এটি উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দলে যোৱা ২১ জুলাইত বানপীড়িত আলাপুঝা আৰু কোট্টায়াম ভ্ৰমণ কৰে৷ তেওঁলোকে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে সাহায্য অভিযানৰ বুজ লয় আৰু বানত ক্ষতিগ্ৰস্ত লোকক সাক্ষাৎ কৰে৷

১২ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় পৰ্যটন ৰাজ্যমন্ত্ৰী শ্ৰী কে.জে আলফনছ আৰু জেষ্ঠ বিষয়ববীয়াৰ এটি দলে কেৰালাৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু কেন্দ্ৰ, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য তথা উদ্ধাৰ অভিযানৰ বুজ লয়৷ গৃহমন্ত্ৰীয়ে এনডিআৰএফৰ পৰা ১০০কোটি টকাৰ সাহায্য আগতীয়াকৈ মুকলি কৰাৰ কথাও ঘোষণা কৰিছিল৷

উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যখনত ১৩০০ জোৱান আৰু ৪৩৫খন নাওঁৰে সমৃদ্ধ এনডিআৰএফৰ ৫৭ টা দল নিয়োগ কৰা হৈছে৷ একেদৰে বিএছএফ, চিআইএছএফ আৰু আৰএএফৰ ৫টা কোম্পানীয়ে ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে৷

উদ্ধাৰ আৰু সাহায্য অভিযানত স্থলসেনা, বায়ুসেনা, নৌসেনা আৰু উপকূলৰক্ষী বাহিনীও ব্যৱহৃত হৈছে৷ বন্যাৰ্তক প্ৰলয়ৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্যখনত ৩৮খন হেলিকপ্টাৰ নিয়োজিত কৰা হৈছে৷ ইয়াৰ উপৰি, ২০খন বিমানে সা–সম্পত্তি কঢ়িওৱাত সহায় কৰিছে৷ সেনাই ৭৯০গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত জোৱানৰ ১০টা ইঞ্জিনিয়াৰিং টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে৷ নৌসেনাই ৮২টা দল প্ৰেৰণ কৰিছে৷ উপকূলৰক্ষী বাহিনীয়ে ৪২টা দল, ২খন হেলিকপ্টাৰ আৰু ২খন জাহাজ আগবঢ়াইছে৷

৯ আগষ্টৰ পৰা এনডিআৰএফ, স্থলসেনা আৰু নৌসেনাই যৌথভাৱে ৬৭১৪গৰাকী ব্যক্তিক উদ্ধাৰ কৰিছে আৰু ৮৯১গৰাকীক চিকিৎসা সেৱা আগবঢ়াইছে৷

প্ৰধানমন্ত্ৰীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্য চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰে৷ ভাৰত চৰকাৰে এইক্ষেত্ৰত তেওঁলোকলৈ সহায়–সহযোগিতা অব্যাহত ৰাখিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple to invest Rs 100 crore in India renewable energy expansion

Media Coverage

Apple to invest Rs 100 crore in India renewable energy expansion
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the valour and duty of the Indian Armed Forces
May 08, 2026

The Prime Minister, Shri Narendra Modi, said that the courage and valour of the Indian Armed Forces in protecting the honour and dignity of the nation make every citizen proud. He noted that their spirit of sacrificing everything for Mother India is a source of inspiration for all.

The Prime Minister shared a Sanskrit verse-

“स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||”

The verse conveys that When one becomes aware of one’s duty, there should be no hesitation or fear of any kind in the mind, because the struggle undertaken to protect religion and honour on the altar of justice is the most excellent and most glorious path to self-welfare for a warrior.