প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চত উত্তৰ-প্ৰদেশৰ বাৰাণসী, কানপুৰ আৰু গাজিয়াবাদ ভ্ৰমণ কৰিব৷ ৰাজ্যখনত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

বাৰাণসীতঃ

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব৷ তেওঁ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰৱেশ পথ, সৌন্দৰ্যকৰণ আৰু সৱলীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ দীনদয়াল হস্তকলা সংকুলত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা জীৱিকা সন্মিলনত উপস্থিত থাকিব৷তেওঁ পাঁচটা মহিলা আত্মসহায়ক গোটক প্ৰশংসা পত্ৰ প্ৰদান কৰিব৷ গোটৰ সদস্যসকলেও প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰিব৷

দীনদয়াল অন্ত্যোদয়া যোজনাৰদ্বাৰা সাহায্যপ্ৰাপ্ত মহিলা আত্ম সহায়ক গোটে ‘ভাৰত কে বীৰ’ পুঁজিলৈ বৰঙণিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক এখন চেক অৰ্পণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে লগতে এখন ৰাজহুৱা সভাও সম্বোধন কৰিব৷

কানপুৰতঃ

প্ৰধানমন্ত্ৰীয়ে ৬৬০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনকাৰী আৰু বিতৰণকাৰী পাংকী শক্তি প্ৰকল্প মুকলি কৰিব৷ তেওঁ লক্ষ্ণৌ মেট্ৰ’ ৰেল প্ৰকল্প উদ্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকৰ মাধ্যমেৰে লক্ষ্ণৌৰ চৰণ সিং বিমানবন্দৰৰ পৰা মেট্ৰ’ ৰেল সেৱাৰ ফ্লেগ অফ কৰিব৷  আগ্ৰা মেট্ৰ’ ৰেল প্ৰকল্পৰ তেওঁ আধাৰশিলাও স্থাপন কৰিব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ মাজত চাবি বিতৰণ কৰিব৷

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত সমবেত ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰিব৷

গাজিয়াবাদতঃ

প্ৰধানমন্ত্ৰীয়ে মেট্ৰ’ৰ দিলশ্বাদ গাৰ্ডেন-শ্বহীদ স্থল(নতুন বাছ আড্ডা)খণ্ড উদ্বোধন কৰিব৷ তেওঁ শ্বহীদস্থল মেট্ৰ’ ষ্টেচনৰ পৰা মেট্ৰ’ ৰেলৰ ফ্লেগ অফ কৰিব৷ এই সম্প্ৰসাৰিত মেট্ৰ’ কৰিড’ৰত ৮ টা ষ্টেচন আছে৷ ইয়ে গাজিয়াবাদ আৰু নতুন দিল্লীৰ জনসাধাৰণক সুবিধাজনক পৰিবহন সেৱা আগবঢ়াব আৰু যান-যটৰ সমস্যা হ্ৰাস কৰিব৷

প্ৰধানমন্ত্ৰীয়ে গাজিয়াবাদস্থিত হিন্দোন বিমানবন্দৰৰ চিভিল টাৰ্মিনেল উদ্বোধন কৰিব৷ ইয়াৰ ফলত পশ্চিম উত্তৰ-প্ৰদেশ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ যাত্ৰীসকল উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে দিল্লী-গাজিয়াবাদ-মীৰাট ৰিজ’নেল ৰেপিড ট্ৰেন্সজিট ছিষ্টেম(আৰআৰটিএছ)ৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়ে আঞ্চলিক পৰিবহণ সুবিধা যথেষ্ট পৰিমাণে উন্নত কৰিব আৰু সংস্থাপনৰ বহুতো সুযোগ সৃষ্টি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে গাজিয়াবাদত শিক্ষা, আৱাসগৃহ, খোৱা পানী, স্বচ্ছতা আৰু আৱৰ্জনা নিষ্কাষণ বিষয়ক বিভিন্ন উন্নয়নমূলক প্ৰকল্পও মুকলি কৰিব৷

তেওঁ বিভিন্ন আঁচনিৰ উপভোক্তাৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰিব৷

ইয়াৰ পাছত তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the spirit of selfless service and compassion
May 06, 2026

The Prime Minister, Shri Narendra Modi, said that work done with a selfless spirit is the truest form of humanity. He noted that such actions not only bring inner happiness but also contribute to the welfare of society.

The Prime Minister shared a Sanskrit Subhashitam-

“अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते॥”

The Subhashitam conveys that to hold no hatred towards any living being-in thought, word, or deed, to act with compassion towards all, and to give generously-this is regarded as the highest form of conduct.

The Prime Minister wrote on X;

“निस्वार्थ भाव से किया गया कर्म ही सच्ची मानवता है। इससे आत्मिक खुशी तो मिलती ही है, समाज का भी कल्याण होता है।

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।

अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते॥”