প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ছেপ্তেম্বৰত উৰিষ্যা আৰু চত্তীশগড় ভ্ৰমণ কৰিব৷

উৰিষ্যাৰ তালচাৰত তেওঁ এটি সাৰ কাৰখানাৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব৷ এয়া হ’ব দেশৰ প্ৰথমটো কয়লা গেছীকৰণ ভিত্তিক সাৰ প্ৰকল্প৷ সাৰ প্ৰস্তুতৰ লগতে এই প্ৰকল্পই প্ৰাকৃতিক গেছ উৎপাদন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত ঝাৰছাগুড়া বিমানবন্দৰ উদ্বোধন কৰিব৷ এই বিমানবন্দৰে পশ্চিম উৰিষ্যাক ভাৰতৰ বিমান পৰিবহণ ব্যৱস্থাৰ সৈতে সংলগ্ন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে গাৰজানবাহাল কয়লা খনি, ঝাৰছাগুড়া-বৰাপালী-ছাৰডেগা ৰে’লৱে লাইন দেশবাসীৰ বাবে উৎসৰ্গা কৰিব৷ তেওঁ লগতে এখন ফলক মুকলি কৰি ডুলাংগা কয়লা খনিৰ পৰা কয়লা উৎপাদন আৰু পৰিবহণ ব্যৱস্থাৰ শুভাৰম্ভ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে চত্তীশগড়ৰ জঞ্জিৰচাম্পাত উপস্থিত হ’ব৷ তাত তেওঁ পৰম্পৰাগত হস্তশিল্প আৰু কৃষিৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিব৷ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু পেন্দ্ৰা-আনাপ্পুৰ তৃতীয় ৰে’লৱে লাইনৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে তাত এখন ৰাজহুৱা সভাও সম্বোধন কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi