প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৮ ফেব্ৰুৱাৰীৰ আবেলি মুম্বাইত উপস্থিত হ’ব আৰু নবী মুম্বাই বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ ল’ব। একেই অনুষ্ঠানতে তেওঁ চতুৰ্থ জে এন পি টি কন্টেইনাৰ টাৰ্মিনেল ৰাইজৰ বাবে মুকলি কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব বিনিয়োগ সন্মিলন ‘মেগনেটিক মহাৰাষ্ট্ৰ সন্মিলন ২০১৮’ ত উদ্বোধনী ভাষণ দিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই বিশ্ববিদ্যালয়ত ৱাধৱানি ইনষ্টিটিউট অৱ আৰ্টিফিচিয়েল ইন্টেলিজেন্স উদ্বোধন কৰিব।

তাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহীশূৰলৈ ৰাওনা হ’ব। ১৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সযোগে হায়দৰাবাদত অনুষ্ঠিত বিশ্ব তথ্য প্ৰযুক্তি সন্মিলনত ভাষণ দিব।

তেওঁ মহামস্তকাভিষেক মহোৎসৱ উপলক্ষে শ্ৰাৱণবেলাগলাও ভ্ৰমণ কৰিব। মহীশূৰ ৰে’ল ষ্টেশ্যনৰ এক অনুষ্ঠানত তেওঁ মহীশূৰ-বাঙালুৰু ৰে’ল লাইন দেশবাসীৰ বাবে অৰ্পণ কৰিব। তেওঁ মহীশূৰ আৰু উদয়পুৰৰ মাজত চলিবলগীয়া ‘পেলেচ কুইন হামচফৰ’ ৰে’লগাড়ীখনৰ শুভউদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহীশূৰত এক জনসভাতো ভাষণ দিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How NPS transformed in 2025: 80% withdrawals, 100% equity, and everything else that made it a future ready retirement planning tool

Media Coverage

How NPS transformed in 2025: 80% withdrawals, 100% equity, and everything else that made it a future ready retirement planning tool
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ডিচেম্বৰ 2025
December 20, 2025

Empowering Roots, Elevating Horizons: PM Modi's Leadership in Diplomacy, Economy, and Ecology