প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামী আৰু 'অপাৰেচন বিজয়'ৰ প্ৰাক্তনসকলক সম্বৰ্ধনা জনাব
গোৱা মুক্তিৰ স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনাৰ্থে প্ৰধানমন্ত্ৰীয়ে পুনৰ বিকশিত আগুয়াদা ফ’ৰ্ট জেইল সংগ্ৰহালয় উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে গোৱাত ৬৫০ কোটিৰোধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
সমগ্ৰ দেশখনতে অত্যাধুনিক চিকিৎসা আন্তঃগাঁথনি প্ৰশস্তকৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰে সংগতি ৰাখি গোৱা চিকিৎসা মহাবিদ্যালয় আৰু নিউ চাউথ গোৱা জিলা চিকিৎসালয়ত চুপাৰ স্পেচিয়েলিটি ব্লকৰ উদ্বোধন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰত গোৱা ভ্ৰমণ আৰু বিয়লি প্ৰায় ৩ বজাত গোৱাৰ ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত গোৱা মুক্তি দিৱস উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীতে স্বাধীনতা সংগ্ৰামী আৰু 'অপাৰেচন বিজয়' ৰ প্ৰাক্তন সকলক সম্বৰ্ধনা জ্ঞাপন কৰিব। গোৱাক পৰ্তুগীজ শাসনৰপৰা মুক্তকৰণৰ অৰ্থে ভাৰতীয় সশস্ত্ৰ বাহিনীৰদ্বাৰা হাতত লোৱা 'অপাৰেচন বিজয়' ৰ সফলতা স্মৰণাৰ্থে প্ৰতি বছৰে ১৯ ডিচেম্বৰৰ দিনটোত গোৱা মুক্তি দিৱস পালন কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ নিৰ্মিত ফ’ৰ্ট আগুয়াদা জেইল সংগ্ৰহালয়, গোৱা চিকিৎসা মহাবিদ্যালয়, নিউ চাউথ গোৱা জিলা চিকিৎসালয়ত চুপাৰ স্পেচিয়েলিটি ব্লক, মোপা বিমানবন্দৰত বিমান পৰিবহণ দক্ষতা বিকাশ কেন্দ্ৰ আৰু মাৰগাঁৱৰ ডাবলিম-নাভেলিমত গেছ ইনচুলেটেড চাবষ্টেচনকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। তেখেতে তদুপৰি গোৱাত ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি অৱ লিগেল এডুকেশ্বন এণ্ড ৰিচাৰ্ছ অৱ বাৰ কাউঞ্চিল অৱ ইণ্ডিয়া ট্ৰাষ্টৰ আধাৰশিলা স্থাপন কৰিব।

সমগ্ৰ দেশখনৰে চিকিৎসা আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন আৰু শীৰ্ষ শ্ৰেণীৰ চিকিৎসা সুবিধা প্ৰদানৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই দৃষ্টিৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা আঁচনিৰ অধীনত গোৱা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৮০ কোটিৰোধিক অধিক টকা ব্যয় সাপেক্ষে চুপাৰ স্পেচিয়েলিটি ব্লক নিৰ্মাণ কৰা হৈছে। ই হৈছে সমগ্ৰ গোৱাৰ ভিতৰত একমাত্ৰ অত্যাধুনিক চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়, যিয়ে উচ্চ মানৰ আৰু চুপাৰ স্পেচিয়েলিটি সেৱা আগবঢ়াব। ই এঞ্জিঅ’প্লাষ্টি, বাইপাছ চাৰ্জাৰী, লিভাৰ সংৰোপণ, কিডনী সংৰোপণ, ডায়েলাইচিছ ইত্যাদিৰ দৰে বিশেষ সেৱা প্ৰদান কৰিব। এই চুপাৰ স্পেচিয়েলিটি ব্লকত পিএম-কেয়াৰ্ছৰ অধীনত সংস্থাপিত ১০০০ এলপিএম পিএছএ প্ৰকল্পও থাকিব।

প্ৰায় ২২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ চাউথ গোৱা জিলা চিকিৎসালয়খন ৩৩ টা স্পেচেয়েলিটিত অ'পিডি সেৱা, শেহতীয়া ৰোগ নিৰ্ণয় আৰু পৰীক্ষাগাৰৰ সুবিধা আৰু ফিজিঅ'থেৰাপী, অডিঅ'মেট্ৰি আদি সেৱাকে ধৰি আধুনিক চিকিৎসা আন্তঃগাঁথনিৰে সজ্জিত। চিকিৎসালয়খনত ৫০০ অক্সিজেন সংযুক্ত বিচনা, ৫৫০০ লিটাৰ এলএমঅ' টেংক আৰু ৬০০ এলপিএমৰ ২ পিএছএ প্ৰকল্প আছে।

২৮ কোটিৰোধিক টকা ব্যয় সাপেক্ষে স্বদেশ দৰ্শন আঁচনিৰ অধীনত ঐতিহ্য পৰ্যটন স্থল হিচাপে আগুয়াদা ফ’ৰ্ট জেইল সংগ্ৰহালয়ৰ পুনৰ-বিকাশ সম্পন্ন কৰা হৈছে। গোৱাৰ মুক্তিৰ পূৰ্বে, আগুয়াদা ফ’ৰ্টত স্বাধীনতা সংগ্ৰামীসকলক বন্দী আৰু অত্যাচাৰ কৰা হৈছিল। সংগ্ৰহালয়টোৱে গোৱাৰ মুক্তিৰ বাবে যুঁজ দিয়া বিশিষ্ট স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান আৰু ত্যাগক অনুৰণিত কৰিব আৰু এয়া হ’ব তেওঁলোকলৈ যথোপযুক্ত শ্ৰদ্ধাঞ্জলি।

প্ৰায় ৮.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আগন্তুক মোপা বিমানবন্দৰৰ বিমান পৰিবহণ দক্ষতা বিকাশ কেন্দ্ৰটোৰ লক্ষ্য হৈছে ১৬ টা বিভিন্ন নিয়োগ প্ৰফাইলত প্ৰশিক্ষণ প্ৰদান কৰা। প্ৰশিক্ষাৰ্থীসকলে মোপা বিমানবন্দৰ প্ৰকল্পটো কাৰ্য্যক্ষম হোৱাৰ লগে-লগে তথা একেদৰে ভাৰত আৰু বিদেশৰ অন্যান্য বিমানবন্দৰত নিয়োগৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব।

ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ সংহত শক্তি উন্নয়ন আঁচনিৰ অধীনত মাৰগাঁৱৰ ডাবলিম-নাভেলিমত প্ৰায় ১৬ কোটি টকা ব্যয় সাপেক্ষে গেছ ইনচুলেটেড চাবষ্টেচন নিৰ্মাণ কৰা হৈছে। ই ডাবলিম, নেচাই, নাভেলিম, আকেম-বেক্সো আৰু তেলাউলিমৰ গাঁওসমূহলৈ সুস্থিৰভাৱে বিদ্যুতৰ যোগান ধৰিব।

গোৱাক উচ্চ আৰু কাৰিকৰী শিক্ষাৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰৰ অৰ্থে চৰকাৰখনৰ মনোযোগেৰে সংগতি ৰাখি ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি অৱ লিগেল এডুকেচন এণ্ড ৰিচাৰ্ছ অৱ বাৰ কাউঞ্চিল অৱ ইণ্ডিয়া ট্ৰাষ্ট স্থাপন কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি গোৱাক পৰ্তুগীজ শাসনৰপৰা মুক্ত কৰা ভাৰতীয় সশস্ত্ৰ বাহিনীক স্মৰণাৰ্থে এক বিশেষ ক’ভাৰ আৰু বিশেষ কেঞ্চেলেচনো উন্মোচন কৰিব। ইতিহাসৰ এই বিশেষ অধ্যায়ক বিশেষ ক’ভাৰত দেখুওৱাৰ সমান্তৰালভাৱে বিশেষ কেঞ্চেলেচনত ভাৰতীয় নৌ সেনাৰ জাহাজ গোমন্তকত যুদ্ধ স্মাৰক চিত্ৰিত হৈছে, যাক "অপাৰেচন বিজয়" ত প্ৰাণ আহুতি দিয়া সাতজন যুৱ বীৰ নাবিক আৰু অন্যান্য কৰ্মচাৰীসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি পাট্ৰেডৱীত হুত্মা স্মাৰকৰ চিত্ৰায়ন কৰা 'মাই ষ্টাম্প' উন্মোচন কৰিব, যিয়ে গোৱা মুক্তি আন্দোলনৰ শ্বহীদসকলৰ মহান ত্যাগক অভিবাদন জনাইছে। গোৱা মুক্তি সংগ্ৰামৰ সময়ত সংঘটিত ভিন্ন ঘটনাৰ আলোকচিত্ৰৰ এক কলাজ চিত্ৰিত এখন 'মেঘদূত প’ষ্ট কাৰ্ড' প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি স্বয়ংপূর্ণা গোৱা কাৰ্য্যক্ৰমৰ শ্ৰেষ্ঠ পঞ্চায়ত/পৌৰসভা, স্বয়ংপূর্ণা মিত্ৰ আৰু হিতাধিকাৰীসকলক বঁটা বিতৰণ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালতে দুপৰীয়া প্ৰায় ২:১৫ বজাত পানাজীৰ আজাদ ময়দানৰ শ্বহীদ স্মাৰকত পুষ্পাঞ্জলি অৰ্পন কৰিব। দুপৰীয়া প্ৰায় ২:৩০ বজাত, তেখেতে পানাজীৰ মিৰামাৰত চেইল পেৰেড আৰু ফ্লাই পাষ্টত অংশগ্ৰহণ কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi